অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা

Chapter 9

১) অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু কি ?
উত্তৰ ঃ
  অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু হ'ল মানুহ আৰু মানুহৰ দৈনন্দিন জীৱনত উদ্ভৱ বোৱা বিভিন্ন বস্তুৰ অভাৱ।


২) অৰ্থবিজ্ঞানত কি শব্দটো বহল অৰ্থত ব্যৱহাৰ কৰা হয় ?
উত্তৰ ঃ
অৰ্থবিজ্ঞানত অভাৱ শব্দটো বহল অৰ্থত ব্যৱহাৰ কৰা হয়।


৩) অভাৱ কাক বোলে ?
উত্তৰ ঃ
কোনৌো বস্তুৰ প্ৰয়োজন অনুভৱ কৰাকে অৰ্থবিজ্ঞানত অভাৱ বোলে ।


৪) আৰ্থিক  বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তুৰ যোগান চাহিদাতকৈ কম আৰু যিবিলাক বস্তুৰ বিনিময় মূল্য আছে, তেনেবোৰ বস্তুক আৰ্থিক বস্তু বোলে ।


৫) ভোগ্য বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তুৱে প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ মানুহৰ অভাৱ পূৰণ কৰিবপাৰে তেনেবোৰ বস্তুক ভোগ্য বস্তু বোলে ।


৬) উপযোগিতা কাক বোলে ?
উত্তৰ ঃ
কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে।


৭)  ব্যৱহাৰিক মূল্য কাক বোলে ?
উত্তৰ ঃ
কোনো বস্তুৰ উপযোগিতা বা অভাৱন পূৰণৰ ক্ষমতাক বস্তুটোৰ ব্যৱহাৰিক মূল্য বোলে ।


৮) বিনিময় মূল্য কাক বোলে ?
উত্তৰ ঃ
কোনো এটা বস্তুৰ এক এককৰ সলনি যি পৰিমাণৰ আন বস্তু পাব পাৰি তাকে বস্তুটোৰ বিনিময় মূল্য বোলে।


৯) উতপাদক বা মূলধনজাতীয় বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তু অভাৱ পূৰণৰ বাবে প্ৰত্যক্ষভাৱে ব্যৱহাৰ নকৰি ভোগ্য বস্তু উতপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় তেনেবোৰ বস্তুক উতপাদক বা মূলধনজাতীয় বস্তু বোলে ।


১০) অভৌতিক বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তুৰ নিৰ্দিষ্ট ৰূপ না, যিবিলাক বস্তু হাতেৰে স্পৰ্শ কৰিব নোৱাৰি, তেনেবোৰ বস্তুক অভৌতিক বস্তু বোলে ।


১১) মুক্ত বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তুৰ যোগান চাহিদাৰ তুলনাত বেছি আৰু যাৰ কোনো বিনিময় মূল্য নাই, তেনেবোৰ বস্তুক মুক্ত বস্তু বোলে ।


১২) ব্যক্তিগত বস্তুকাক বোলে ?
উত্তৰ ঃ
কোনো এগৰাকী ব্যক্তিৰ নিজৰ অধীনত যিবোৰ বস্তু থাকে সেইবোৰক ব্যক্তিগত বস্তু বোলে ।


১৩) ৰাজহুৱা বস্তু কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তু সমাজৰ সকলো লোকে ব্যৱহাৰ কৰিব পাৰে, তেনে বস্তুক ৰাজহুৱা বস্তু বোলে ।


১৪) ভৌতিক কাক বোলে ?
উত্তৰ ঃ
যিবিলাক বস্তুৰ নিৰ্দিষ্ট ৰূপ আছে, যিবিলাক বস্তু আমি হাতেৰে স্পৰ্শ কৰিব পাৰোঁ, তেনেবোৰ বস্তুক ভোতিক বস্তু বোলে ।


১৫) চাহিদা বিধি কাক বোলে ?
উত্তৰ ঃ
সাধাৰনতে বস্তুৰ দাম বাঢ়িলে চাহিদা হ্ৰাস পায় আৰু দাম কমিলে চাহিদা বাঢ়ে। ইয়াকে চাহিদা বিধি বোলে ।


Type : Dimpi Bora 







Post ID: DABP005664