প্ৰাগ-ঐতিহাসিক যুগ

Chapter-1 

উত্তৰ লিখাঃ

১। প্ৰাচীন অসমক প্ৰথমে কোনে কামৰূপ বুলি উল্লেখ কৰিছিল ?

উত্তৰঃ প্ৰাচীন অসমক প্ৰথমে কামৰূপ বুলি সমুদ্ৰগুপ্তই উল্লেখ কৰিছিল।


২। প্ৰাগজ্য়োতিষপুৰ কামৰূপ-কমতা নামেৰে কেতিয়া জনাজাত হৈছিল ?

উত্তৰঃ প্ৰাগজ্য়োতিষপুৰ কামৰূপ-কমতা নামেৰে আদি-মধ্য়যুগৰ পৰা জনাজাত হৈছিল।

 

৩। পুৰণি কামৰূপৰ পূৱ প্ৰান্তত থকা এখন দেৱী পীঠৰ নাম লিখা ?

উত্তৰঃ পুৰণি কামৰূপৰ পূৱ প্ৰান্তত থকা এখন দেৱী পীঠৰ নাম হ'ল 'দুক্কৰবাসিনী'। 


৪। পুৰণি কামৰূপৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ পুৰণি কামৰূপৰ ভাগ চাৰিটা, সেই ভাগ কেইটা হৈছে 

    ৰত্নপীঠ, কামপীঠ,  স্বৰ্ণপীঠ, সৌমাৰ পীঠ। 


৫। প্ৰাগজ্য়োতিষপুৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰঃ প্ৰাগজ্য়োতিষপুৰ প্ৰথম ৰজা আছিল মহীৰংগ দানৱ। 


৬। বীৰ ঘটকক পৰাস্ত কৰি কোনে প্ৰাগজ্য়োতিষপুৰ ৰজা হৈছিল ?

উত্তৰঃ বীৰ ঘটকক পৰাস্ত কৰি নৰকাসুৰ প্ৰাগজ্য়োতিষৰ ৰজা হৈছিল।


৭। বিদৰ্ভৰ ভীষ্মক কোন বংশ ৰজা বুলি জনা যায় ?

উত্তৰঃ বিদৰ্ভৰ ভীষ্মক অসুৰ বংশীয় ৰজা বুলি জনা যায়। 







Post ID: DABP005793