বৰ্মন ৰজাসকল

Chapter 2

উত্তৰ লিখাঃ 

১। অসম বুৰঞ্জীৰ প্ৰথম ৰাজনৈতিক বংশ কি ?

উত্তৰঃ অসম বুৰঞ্জীৰ প্ৰথম ৰাজনৈতিক বংশৰ হৈছে বৰ্মন বংশৰ।


২। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য় বৰ্মন। 


৩। পুষ্য় বৰ্মনে কিমান বছৰ বৰ্মন বংশ ৰাজত্ব কৰিছিল ?

উত্তৰঃ পুষ্য় বৰ্মনে ৩৫৫-৩৮০ খ্ৰীঃপূঃলৈ ৰাজত্ব কৰিছিল। 


৪। বৰ্মন বংশৰ পুষ্য় বৰ্মনে ৰাজত্ব কৰা সময়ত সমূদ্ৰগুপ্তই ক'ত ৰাজত্ব কৰিছিল ?

উত্তৰঃ বৰ্মন বংশৰ পুষ্য় বৰ্মনে ৰাজত্ব কৰা সময়ত সমূদ্ৰগুপ্তই মগধত ৰাজত্ব কৰিছিল।


৫। বৰ্মন বংশৰ অষ্টমজন ৰজা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ অষ্টমজন ৰজা মহাভূত বৰ্মন আছিল। 


৬। সুস্থিত বৰ্মনৰ আন এটা নাম কি আছিল ?

উত্তৰঃ সুস্থিত বৰ্মনৰ আন এটা নাম আছিল মৃগাংক।


৭। সুস্থিত বৰ্মনৰ কেইজন ল'ৰা আছিল ?

উত্তৰঃ সুস্থিত বৰ্মনৰ ২ জন ল'ৰা আছিল। 


৮। সুস্থিত বৰ্মনৰ পুত্ৰ দুজনৰ নাম কি  ?

উত্তৰঃ সুস্থিত বৰ্মনৰ পুত্ৰৰ দুজনৰ নাম হৈছে সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। 


৯। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠৰ  ৰজা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠৰ ৰজা ভাস্কৰ বৰ্মন আছিল। 


১০। চমু টোকা লিখাঃ 

ক) ভাস্কৰ বৰ্মন,

 উত্তৰঃ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁক কুমাৰ ৰজা বুলি জনা যায়। সুপ্ৰতিষ্ঠিত বৰ্মন মৃত্য়ু হোৱা পিছত ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হৈছিল। ৪৫৯  খ্ৰীঃত সিংহাসনত উঠি ভাস্কৰ বৰ্মনে এটা নতুন চনৰ প্ৰচলন কৰিছিল। ইয়াকে ভাস্কৰাব্দ বা কামৰূপী চন বোলে। ভাস্কৰাব্দৰ নতুন বছৰ আৰম্ভ হয় ব'হাগ মাহৰ প্ৰথম তাৰিখৰ পৰা। তেওঁ ৫৬ বছৰ ৰাজত্ব কৰিছিল। 

    ভাস্কৰ বৰ্মন উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধনৰ সমসাময়িক আছিল। কুমাৰ ভাস্কৰ বৰ্মন ৰাজত্বকালতেই হিউৱেন চাং নামৰ চীনদেশীয় পৰিব্ৰাজকজনে ৬৪৩ খ্ৰীঃত কামৰূপলৈ আহিছিল। ভাস্কৰ বৰ্মনৰ মৃত্য়ু পিছতে অসমত বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল। 

  




Post ID: DABP005794