কোচ ৰাজ্য়ৰ ৰজাসকলৰ ৰাজত্বকাল

Chapter 8

১। উত্তৰ লিখাঃ 

ক) খেন বংশৰ শেষৰ ৰজা জনৰ নাম কি ?

উত্তৰঃ খেন বংশৰ শেষৰ ৰজা জনৰ নাম হৈছে নীলাম্বৰ।


খ) কিমান চনত বিশ্বসিংহই কোচৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ ১৪৯৬ খ্ৰীঃত বিশ্বসিংহই কোচৰাজ্য় প্ৰতিষ্ঠা কৰিছিল। 


গ) বিশ্বসিংহই ১৪৯৭ খ্ৰীঃত কাৰ লগত মিত্ৰতা স্থাপন কৰিছিল ?

 উত্তৰঃ বিশ্বসিংহই ১৪৯৭ খ্ৰীঃত আহোমৰ ৰজা চুহুংমুঙৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল।


ঘ) কিমান খ্ৰীঃত নৰসিংহ ৰজা হৈছিল ?

উত্তৰঃ ১৫৩৩ খ্ৰীঃত নৰসিংহ ৰজা হৈছিল।


ঙ)  ৰাজশক মানে কি ?

উত্তৰঃ মহাৰাজ বিশ্বসিংহই পূৰ্বোত্তৰ ভাৰতত এখন স্বাধীন ৰাজ্য়ৰ প্ৰতিষ্ঠা কৰিছিল। সেই ৰাজ্য় স্বাধীনতা ঘোষণা কৰা সময়ৰে পৰা এটা 'অব্দ' বা চন প্ৰৱৰ্তন কৰা হৈছিল। কোচ বিহাৰত ইয়াকে 'ৰাজশক' বুলি কোৱা হয়। 


চ) নৰনাৰায়ণৰ মৃত্য়ু পিছত কোচ ৰাজ্য় ৰজা কোন আছিল ?

উত্তৰঃ নৰনাৰাণৰ মৃত্য়ু পিছত কোচ ৰাজ্য় ৰজা হৈছিল লক্ষ্মীনাৰায়ণ।


ছ) লক্ষ্মীনাৰায়ণ কিমান চনত ঢাকালৈ গৈছিল ?

উত্তৰঃ লক্ষ্মীনাৰায়ণ ১৬১৪ চনত ঢাকালৈ গৈছিল। 


জ) কেতিয়া প্ৰাণনাৰায়ণৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৬৬৫ খ্ৰীঃত প্ৰাণনাৰায়ণৰ মৃত্য়ু হৈছিল। 


ঝ) ১৬৬৫ৰ পৰা ১৬৮০ খ্ৰীঃপূঃলৈ কোচবিহাৰৰ ৰজা কোন আছিল ?

উত্তৰঃ ১৬৬৫ৰ পৰা ১৬৮০ খ্ৰীঃ পূঃলৈ কোচবিহাৰৰ ৰজা আছিল মোদনাৰায়ণ। 


ঞ) 'ছত্ৰধাৰী' ৰজা বুলিলে কি বুজা ?

উত্তৰঃ কোচবিহাৰৰ ৰজাসকলৰ শেষৰ সময়ত ৰায়কতসকলে ৰজাৰ মূৰৰ ওপৰত ছত্ৰ ধাৰণ কৰিছিল সেই বাবে তেওঁলোকক 'ছত্ৰধাৰী ৰজা' বুলি কোৱা হয়। 


২। মহাৰাজ নৰনাৰায়ণে চিলাৰায়ৰ সহযোগত জয় কৰা ৰাজ্য় সমূহ কি কি ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণে চিলাৰায়ৰ সহযোগত জয় কৰা ৰাজ্য়বোৰ হ'ল

    মণিপুৰ, কাছাৰী, ত্ৰিপুৰা, জয়ন্তীয়া, শ্ৰীহট্ট, আৰু ডিমৰুৱা ৰাজ্য়। 


৩। মহাৰাজ নৰনাৰায়ণে ৰাজ্য়খনক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণে ৰাজ্য়খনক দুটা ভাগত ভাগ কৰিছিল আৰু সেই ভাগ দুটা হৈছে 

    ক) কোচবিহাৰ আৰু খ) কোচ হাজো।  


৪। নাৰায়ণীয় মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰঃ নৰনাৰায়ণে ১৫৫৫ খ্ৰীঃত পাঁচবিধ ৰূপৰ মুদ্ৰা তৈয়াৰ কৰি ৰাজ্য়ত প্ৰচলন কৰিছিল। এনে মুদ্ৰাকে নাৰায়ণীয় মুদ্ৰা বুলি কোৱা হয়।


৫। কোচ ৰাজ্য়ৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ কোচ ৰাজ্য় ৰজাসকলৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    খেন ৰাজ্য় শেষৰজন ৰজা আছিল নীলাম্বৰ। তেওঁক পৰাস্ত কৰি ১৪৯৬ খ্ৰীঃত বিশ্বসিংহই কোচৰাজ্য় প্ৰতিষ্ঠা কৰিছিল। কোচ বংশধৰসকলৰ আদিপুৰুষ আছিল হাড়িয়া মণ্ডল। তেওঁ দিনত ১২ টা কোচ পৰিয়াল আছিল। বিশু হাড়িয়া মণ্ডলৰ পুত্ৰ আছিল। বিশ্বসিংহ ৰজা হৈ শিৱ, দুৰ্গা আৰু বিষ্ণুৰ পূজা কৰিছিল। তেওঁ ৰাজ্য় ৰাজধানী আছিল কমতাপুৰত। তেওঁ আহোম ৰজা চুহুংমুং ৰজাৰ সমসাময়িক আছিল। বিশ্বসিংহৰ ৰাজত্বকালত মুছলমানে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল। ১৫৩২ খ্ৰীঃত তুৰবক খাঁই অসম আক্ৰমণ কৰি পৰাজিত হৈছিল।

    মহাৰাজ বিশ্বসিংহই পূৰ্বোত্তৰ ভাৰতত এখন স্বাধীন ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল, সেই ৰাজ্য়ৰ স্বাধীনতা ঘোষণা কৰা সময়ৰে পৰা এটা 'অব্দ' বা 'চন' প্ৰৱৰ্তন কৰা হৈছিল। কোচ বিহাৰত ইয়াকে 'ৰাজশক' নামে প্ৰচলিত হৈছিল। ১৫৩৩ খ্ৰীঃত বিশ্বসিংহ মৃত্য়ু হৈছিল।  বিশ্বসিংহৰ মৃত্য়ু পিছত ১৫৩৩ খ্ৰীঃত তেওঁ পুত্ৰ নৰসিংহ ৰজা হয়। নৰসিংহই গৃহকন্দলৰ বাবে কিছুদিনৰ কাৰণে দেশ এৰি মৌৰঙ্গ ৰাজ্য়লৈ পলায়ন কৰিছিল। ১৫৪৬ চনত শুক্লধ্বজে আহোমসকলক পৰাভূত কৰে।  


৬। চমু টোকা লিখাঃ 

ক) মহাৰাজ নৰনাৰায়ণ,

উত্তৰঃ মহাৰাজ নৰনাৰায়ণঃ ১৫৩৩-৩৪ চনত নৰনাৰায়ণ কোচ ৰাজ্য়ৰ ৰজা হৈছিল।  ১৫৪৩-৪৭ চনৰ সময়ছোৱাত নৰনাৰায়ণ আৰু আহোম ৰজাৰ মাজত যুদ্ধ হৈছিল। মহাৰাজ নৰনাৰায়ণে ১৪৫৫ চনত কোচ ৰাজ্য় সিংহাসনত বহে। সেই সময়টো আহোমৰ লোকসকলৰ লগত যুদ্ধ হৈছিল। সেই যুদ্ধত নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে নেতৃত্ব দিছিল। 

    নৰনাৰায়ণে চিলাৰায়ৰ সহযোগত ওচৰৰে বহুতো ৰাজ্য় জয় কৰিছিল। সেই ৰাজ্য়সমূহ হৈছে মণিপুৰ ৰাজ্য়, কাছাৰী , ত্ৰিপুৰা, জয়ন্তীয়া, ডিমৰুৱা আৰু শ্ৰীহট্ট। তেওঁ ১৫৫৫ খ্ৰীঃত পাঁচবিধ ৰূপৰ মুদ্ৰা প্ৰচলন কৰে, এই মুদ্ৰাকে নাৰায়ণী মুদ্ৰা বোলা হয়। তেওঁ গৌড় ৰাজ্য় ১৫৬৮ চনত আক্ৰমণ কৰে। নৰনাৰায়ণে ১৫৭৮ চনত মোগল সম্ৰাট আকবৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। চিলাৰায়ে দ্বিতীয় বাৰ গৌড় ৰাজ্য় আক্ৰমণ কৰিবলৈ যাওতে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হৈ ১৫৭১ চনত মৃত্য়ু হৈছিল। নৰনাৰায়ণৰ ৰাজত্ব কালত প্ৰচণ্ড ভূমিকম্প হৈছিল। ১৫৮১ খ্ৰীঃত নৰনাৰায়ণৰ শাসনৰ কালত ৰাজ্য়খন দুটা ভাগত ভাগ কৰিছিল। সেই ভাগ দুটা হৈছে কোচবিহাৰ আৰু কোচ হাজোৰ। 


       




Post ID: DABP005800