পালবংশৰ পৰৱৰ্তী ৰজাসকল

Chapter 5

উত্তৰ লিখাঃ 

১। কিমান চনত বল্লভদেৱে কামৰূপত ৰাজত্ব কৰিছিল ?

উত্তৰঃ ১১৮৫ খ্ৰীঃত বল্লভদেৱে কামৰূপত ৰাজত্ব কৰিছিল। 


২। বখতিয়াৰ খিলিজিয়ে কিমান খ্ৰীঃত কামৰূপ আক্ৰমণ কৰিছিল ?

উত্তৰঃ বখতিয়াৰ খিলিজিয়ে ১২০৬ খ্ৰীঃত কামৰূপ আক্ৰমণ কৰিছিল।

 

৩। সন্ধ্য়াৰ দিনত বংগৰ চুৱেদাৰ তুঘ্ৰিল খা মালিক উজবেকে কিমান চনত কামৰূপ আক্ৰমণ কৰিছিল ?

উত্তৰঃ সন্ধ্য়াৰ দিনত বংগৰ চুৱেদাৰ তুঘ্ৰিল খা মালিক উজবেকে ১২৫৭ খ্ৰীঃত কামৰূপ আক্ৰমণ কৰিছিল। 


৪। কমতা ৰাজ্য়ত কেইজন ৰজাই শাসন কৰিছিল, তেওঁলোকৰ নাম কি ?

উত্তৰঃ কমতা ৰাজ্য়ত ৪ জন ৰজাই শাসন কৰিছিল। তেওঁলোকৰ নাম হ'ল 

    সন্ধ্য়া, সিন্ধুৰাই, ৰূপ নাৰায়ণ আৰু সিংহধ্বজ।


৫। সিংহধ্বজক কোনে হত্য়া কৰিছিল ?

উত্তৰঃ সিংহধ্বজক মন্ত্ৰীৰ প্ৰতাপ ধ্বজে হত্য়া কৰিছিল।  


৬। প্ৰতাপধ্বজৰ জীয়েকৰ নাম কি ?

উত্তৰঃ প্ৰতাপধ্বজৰ জীয়েকৰ নাম হৈছে ৰজনী। 


৭। ৰজনীক কোনজন ৰজালৈ বিয়াৰ দিছিল ?

উত্তৰঃ ৰজনীক আহোমৰ ৰজা চুখাংফালৈ বিয়া দিছিল। 


৮। ধৰ্ম নাৰায়ণৰ ৰাজধানী ক'ত আছিল ?

উত্তৰঃ ধৰ্ম নাৰায়ণৰ ৰাজধানী ৰংপুৰৰ ঘোঁৰাঘাটত। 


৯। কমতাৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰঃ কমতাৰ শ্ৰেষ্ঠ ৰজা দুৰ্লভ নাৰায়ণ। 


১০। পালবংশত ৰাজত্ব কৰা শেষৰ ৰজাজনৰ নাম কি ?

উত্তৰঃ পালবংশৰ ৰাজত্ব কৰা শেষৰ ৰজা জনৰ নাম হৈছে মৃগাংক। 


১১। পোৱামক্কা কাক বোলে ?

উত্তৰঃ গিয়াছুদ্দিনৰ মৃত্য়ুৰ পিছত তেওঁ দেহটো উক্ত মছজিদৰ ওচৰত কবৰ দিয়া হৈছিল সেই মছজিদটোকে পোৱামক্কা বুলি কোৱা হয়। 


১২। ১৪৪০ৰ পৰা ১৪৬০ৰ খ্ৰীঃপূঃলৈ ৰাজত্ব কৰা ৰজাজনৰ নাম কি ?

উত্তৰঃ ১৪৪০ৰ পৰা ১৪৬০ ৰ খ্ৰীঃ পূঃলৈ ৰাজত্ব কৰা ৰজাজনৰ নাম হ'ল নীলধ্বজ। 






Post ID: DABP005797