অসমৰ ইটো-সিটো

Chapter 11

অসমীয়া পাঠ্য়পুুথি ৰচনাৰ পৰম্পৰা

উত্তৰ লিখাঃ 

১। অসমীয়া ভাষাত পাঠ্য়পুথি কৰিব কাৰণে চৰকাৰে প্ৰতিযোগিতা পাতিব লগা হৈছিল, সেই প্ৰতিযোগিতাত কিমানজন লোকে ভাগ লৈছিল ?

উত্তৰঃ অসমীয়া ভাষাত পাঠ্য়পুথি ৰচনা কৰিব লগা প্ৰতিযোগিতাত ৫৮ জন লোকে ভাগ লৈছিল। 


২। আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰা পাঠ্য়পুথিখনৰ নাম কি ?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰা পাঠ্য়পুথিখনৰ নাম হৈছে 'অসমীয়া ল'ৰাৰ মিত্ৰ'। 


৩। 'পাঠাৱলী' নামৰ এখন পঢ়াশলীয়া পুথি কোনে ৰচনা কৰিছিল ?

উত্তৰঃ 'পাঠাৱলী' নামৰ পঢ়াশলীয়া পুথিখন ৰত্নেশ্বৰ মহন্তয়ে ৰচনা কৰিছিল। 


৪।  ঈশানন্দ ভৰালীয়ে লিখা পুথিখনৰ নাম কি ?

উত্তৰঃ  ঈশ্বানন্দ ভৰালীয়ে লিখা পুথিখনৰ নাম হৈছে 'প্ৰাকৃত ভূগোল'।


৫। এলিজা ব্ৰাউনে ৰচনা কৰা পুথি দুখনৰ নাম কি ?

উত্তৰঃ এলিজা ব্ৰাউনে ৰচনা কৰা পুথি দুখনৰ নাম হৈছে  'গণনাৰ পুথি' আৰু 'সাধুকথা'।


৬। অসমীয়া ভাষাত পাঠ্য়পুথি লিখা প্ৰথমজন অসমীয়া লিখক  কোন আছিল ?

উত্তৰঃ অসমীয়া ভাষাত পাঠ্য়পুথি লিখা প্ৰথমজন লিখক হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। 

৭। লম্বোধৰ বৰাই লিখা পাঠ্য়পুথিখনৰ নাম কি ?

উত্তৰঃ লম্বোধৰ বৰাই লিখা পাঠ্য়পুথিখনৰ নাম হৈছে 'ল'ৰাবোধ'। 


৮। অসমীয়া ভাষাত পাঠ্য়পুথি ৰচনা কৰিব কাৰণে হোৱা প্ৰতিযোগিতাত ৫৮ জন লোকৰ ভিতৰত কেইজন লোকক বাছনি কৰিছিল বাছনি কৰা তিনিজন ব্য়ক্তি নাম উল্লেখ কৰা ?

উত্তৰঃ ৫৮ জন ব্য়ক্তি ভিতৰত ১০ জনক বাছনি কৰিছিল। তাৰে তিনিজনক পুৰস্কাৰ দিছিল আৰু তেওঁলোক আছিল হেমচন্দ্ৰ শৰ্মা বৰুৱা, তুলসীৰাম বৰুৱা আৰু ই ডব্লিউ ক্লাৰ্ক। 


৯। পাঠমালা নামৰ পুথিখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল ?

উত্তৰঃ পাঠমালা নামৰ পুথিখন হেমচন্দ্ৰ বৰুৱাই ১৮৮২ চনত ৰচনা কৰিছিল। 


১০। হেমচন্দ্ৰ বৰুৱাই ন-শিকাৰুৰ বাবে ৰচনা কৰা পুথিখনৰ নাম কি ?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ন-শিকাৰুৰ বাবে ৰচনা কৰা পুথিখনৰ নাম হৈছে 'অসমীয়া ল'ৰাৰ ব্য়াকৰণ'।  

অসম সাহিত্য় সভাৰ জন্মকথা 

উত্তৰ লিখাঃ 

১। কিমান চনত যোৰহাটৰ বিষ্ণুৰাম হলত এখন ডাঙৰ সাহিত্য় সভা হৈছিল ?

উত্তৰঃ ১৯১৫ চনৰ জুলাই মাহত যোৰহাটৰ বিষ্ণুৰাম হলত এখন ডাঙৰ সাহিত্য় সভা হৈছিল। 


২। যোৰহাটৰ সভাখনৰ সভাপতি কোন আছিল ?

উত্তৰঃ যোৰহাটৰ সভাখনৰ সভাপতি আছিল ৰায় বাহাদূৰ ফণীধৰ চলিহা। 


৩। অসম সাহিত্য় সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিখনৰ সভাপতি কোন আছিল ?

উত্তৰঃ অসম সাহিত্য় সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিখনৰ সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা।


৪। অসম সাহিত্য় সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিখনৰ প্ৰধান সম্পাদক কোন আছিল ?

উত্তৰঃ অসম সাহিত্য় সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিখনৰ প্ৰধান সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী।


৫। শিৱসাগৰৰ অসম কনফাৰেন্স ৰভাঘৰত কিমান চনত অধিৱেশন হৈছিল ?

উত্তৰঃ শিৱসাগৰ অসম কনফাৰেন্স অধিৱেশন ১৯১৭ চনৰ ২৬ আৰু ২৭ ডিচেম্বৰত হৈছিল।

গুৱাহাটীৰ বিশ্ববিদ্য়ালয়ৰ গুৰিকথা 

উত্তৰ লিখাঃ 

১। ১৮৫৭ চনত অসমৰ উচ্চ শিক্ষা কেন্দ্ৰ স্থান ক'ত আছিল ?

উত্তৰঃ ১৮৫৭ চনত অসমৰ উচ্চ শিক্ষা কেন্দ্ৰ স্থান আছিল কলিকতা। 


২। কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ কটন কলেজ ১৯০১ চনত স্থাপন কৰা হৈছিল। 


৩। অসমত বিশ্ববিদ্য়ালয় দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰঃ অসমত বিশ্ববিদ্য়ালয় দিৱস ১৯৩৫ চনৰ ২২ মে'ত পালন কৰা হয়।


৪। গুৱাহাটীৰ বিশ্ববিদ্য়ালয়ৰ ক'ৰ্টৰ প্ৰথম সভা কেতিয়া অনুষ্ঠিত কৰা হৈছিল ?

উত্তৰঃ গুৱাহাটীৰ বিশ্ববিদ্য়ালয়ৰ ক'টৰ প্ৰথম সভা ১৯৪৮ চনৰ ২৬ জানুৱাৰীত অনুষ্ঠিত কৰা হৈছিল। 


৫। অসমত এখন আৱাসিক বিশ্ববিদ্য়ালয় হ'ব পাৰে বুলি কোনে, কেতিয়া কৈছিল ?

উত্তৰঃ অসমত এখন আৱাসিক বিশ্ববিদ্য়ালয় হ'ব পাৰে বুলি ১৯১৭ চনত ছাৰ মাইকেল ছেদলাৰে কৈছিল। 

১৯৫০ চনৰ ভূমিকম্প

উত্তৰ লিখাঃ 

১। ১৯৫০ চনত ১৫ আগষ্টত হোৱা ভূমিকম্পটো বিষয়ে লিখা ?

উত্তৰঃ ১৯৫০ চনত ১৫ আগষ্ট ভূমিকম্পটো বিষয়ে তলত আলোচনা কৰা হ'ল

    ১৯৫০ চনত ১৫ আগষ্টত সন্ধিয়া প্ৰায় ৭.৪০ মিনিটত  ৮.৬ প্ৰাবল্য়ত ভূমিকম্পটো হৈছিল। দুদিন ধৰি ১৫-২০ মিনিটৰ মূৰে মূৰে ভূমিকম্পটো আহিছিল। তিব্বতৰ ৰিমা অঞ্চল আছিল ভূমিকম্পটো অভিকেন্দ্ৰ। সেই ভূমিকম্পত প্ৰায় ১৫০০ লোকৰ মৃত্য়ু হৈছিল। সকলোতকৈ বেছি শদিয়া অঞ্চলত ক্ষতিগ্ৰস্ত হৈছিল। ব্ৰহ্মপুত্ৰ ওপৰেদি কিছুদিনৰ বাবে নাও চলাচল বন্ধ হৈছিল। কাৰণ ব্ৰহ্মপুত্ৰ ওপৰত হেজাৰ হেজাৰ গছ, জীৱ-জন্তু ভাহি আহিছিল। লখিমপুৰ টাউনত বহুতো ঘৰ ধ্বংসৰ হৈ গৈছিল। গুৱাহাটীৰ আৰু নগাঁও অঞ্চলত বেছি ক্ষতি হোৱা নাছিল।  

শোধনাগাৰ আন্দোলন 

উত্তৰ লিখাঃ 

১। প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক কেতিয়া সাক্ষাৎ কৰিছিল ?

উত্তৰঃ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক ১৯৫৬ চনৰ ১৮ অক্টোবৰত সাক্ষাৎ কৰিছিল।


২। হৰতাল পালন কেতিয়া কৰিছিল ?

উত্তৰঃ হৰতাল পালন ১৯৫৭ চনৰ ২৯ জুলাইত। 


৩। ১৯৫৭ চনৰ পৰা হোৱা সত্য়াগ্ৰহত কিমান লোকে কাৰাবাস খাটিবলগীয়া হৈছিল?

উত্তৰঃ ১৯৫৭ চনৰ পৰা হোৱা সত্য়াগ্ৰহত ৯০০ লোকে কাৰাবাস খাটিবলগীয়া হৈছিল। 


৪। আধাৰশিলা কেতিয়া স্থাপন কৰিছিল ?

উত্তৰঃ ১৯৭২ চনৰ ১৯ জানুৱাৰীত।


মইনা পাৰিজাতৰ ইতিহাস 

উত্তৰ লিখাঃ 

১। বৰপেটাত 'সখী সংঘ' কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ বৰপেটাত 'সখী সংঘ' ১৯৪০ চনত গঠন কৰা হৈছিল। 


২। ১৯৪৮ চনত ক'ত 'মইনা মেল' গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৮ চনত যোৰহাটত 'মইনা মেল' গঠন কৰা হৈছিল। 


৩। 'মইনা মেল' আৰু 'পাৰিজাত সংঘ' কিমান চনত একলগ হৈছিল ?

উত্তৰঃ 'মইনা মেল' আৰু 'পাৰিজাত সংঘ' ১৯৫০ চনত একলগ হৈছিল। 


৪। ১৯৫১ চনৰ ডিচেম্বৰ মাহত 'অসম প্ৰাদেশিক মইনা মেল'ত কোনে অংশগ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৯৫১ চনৰ ডিচেম্বৰ মাহত 'অসম প্ৰাদেশিক মইনা মেল' ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে অংশ গ্ৰহণ কৰিছিল। 


৫। ১৯৫৪ চনৰ ২৭ জুনৰ অনুষ্ঠানটো নাম কি আছিল ?

উত্তৰঃ ১৯৫৪ চনৰ ২৭ জুনৰ অনুষ্ঠানটো নাম হ'ল 'মইনা পাৰিজাত'। 


৬। ১৯৫৮ চনত 'মইনা পাৰিজাতৰ' প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৫৮ চনত 'মইনা পাৰিজাত' প্ৰথম অধিৱেশনখন ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছিল।

 

৭। মইনা পাৰিজাতৰ মুখপত্ৰ কি ?

উত্তৰঃ মইনা পাৰিজাতৰ মুখপত্ৰ হৈছে 'মইনা'। 


অসমত কমিউনিষ্ট পাৰ্টিৰ বিভাজন

উত্তৰ লিখাঃ 

১। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল ?

উত্তৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন ১৯৫২ চনত হৈছিল।

 

২। ভাৰতৰ একমাত্ৰ কমিউনিষ্ট দল কি আছিল?

উত্তৰঃ ভাৰতৰ একমাত্ৰ কমিউনিষ্ট দল চি পি আই। 


৩। ১৯৬৮ চনৰ ২৭ আৰু ২৮ জুনত কোন ঠাইত অভিৱৰ্তন পাতিছিল?

উত্তৰঃ ১৯৬৮ চনৰ ২৭ আৰু ২৮ জুনত চানমাৰিত অভিৱৰ্তন পাতিছিল। 


সদৌ অসম ছাত্ৰ সন্থা 

উত্তৰ লিখাঃ 

১। 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰঃ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' ১৮৮৮ চনৰ ২৫ আগষ্টত অনুষ্ঠিত হৈছিল। 


২। গুৱাহাটীৰ উজান বজাৰত ছাত্ৰ একতা সভা কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ গুৱাহাটীৰ উজান বজাৰত ছাত্ৰ একতা সভা ১৯০১ চনত গঠন কৰা হৈছিল।

 

৩। ১৯২০ চনত অসমৰ ছাত্ৰ সন্মিলনে ক'ত ভাগ লৈছিল ?

উত্তৰঃ ১৯২০ চনত অসমৰ ছাত্ৰ সন্মিলনে অসহযোগ আন্দোলনত ভাগ লৈছিল। 


৪। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন কৰা হৈছিল। 


৫। কিমান চনত All India Student Federationৰ স্বীকৃতি লাভ কৰিছিল ?

উত্তৰঃ ১৯৪০ চনত All India Student Federationৰ স্বীকৃতি লাভ কৰিছিল। 


৬। গুৱাহাটীৰ ছাত্ৰ ইউনিয়নৰ অনুষ্ঠিত কৰা হৈছিল ?

উত্তৰঃ গুৱাহাটীৰ ছাত্ৰ ইউনিয়ন ১৯৫৮ চনত অনুষ্ঠিত কৰা হৈছিল।

 

৭। সদৌ অসম ছাত্ৰ সন্থা বিষয়ে অলোচনা কৰা ?

উত্তৰঃ সদৌ অসম ছাত্ৰ সন্থা বিষয়ে তলত আলোচনা কৰা হ'ল

    ১৮৬৯ চনত কলিকতাত পঢ়ি থকা ছাত্ৰসকলে 'টী ক্লাব' নামৰ অনুষ্ঠানটো সৃষ্টি কৰিছিল। ছাত্ৰসকলে ১৮৮৮ চনৰ ২৫ আগষ্টত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' অনুষ্ঠিত কৰিছিল। ছাত্ৰসকলে 'অসম ছাত্ৰ সন্মিলন' গঠন কৰিছিল ১৯১৬ চনত। All India Student Federationৰ স্বীকৃতি লাভ কৰিছিল ১৯৪০ চনত। 

    তেওঁলোকে ১৯৪০-৪১ চনত বিশ্ববিদ্য়ালয় স্থাপনৰ বাবে আন্দোলন কৰিছিল। ১৯৫৯ চনত শিৱসাগৰত শিৱসাগৰ জিলা ছাত্ৰ সন্থা গঠন হৈছিল। সেই বছৰতে শ্বিলঙত 'অন্তঃকলেজ ছাত্ৰ ইউনিয়ন' অনুষ্ঠিত কৰা হৈছিল। ১৯৫৯ চনৰ অভিৱৰ্তনত All Assam Student Association গঠন কৰিছিল। সংগঠনটো প্ৰথম সভাপতি আছিল বিমান কৰ। সেই সংগঠনটোৱে ভাষা আন্দোলনত আৰু খাদ্য় আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছিল। 


আলফাল জন্মকথা

উত্তৰ লিখাঃ 

১। আলফাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ আলফাৰ জন্ম শিৱসাগৰৰ তলাতল ঘৰত ১৯৭৯ চনৰ ৭ এপ্ৰিলত জন্ম হৈছিল।


২। আলফাৰ জন্মকথা বিষয়ে আলোচনা কৰা ?

উত্তৰঃ ১৯৭৯ চনৰ ৭ এপ্ৰিলত শিৱসাগৰৰ তলাতল ঘৰত আলফাৰ জন্ম হৈছিল। সেইদিনা ৰাজ্য়ৰ বিভিন্ন ঠাইৰ বহুটো লোক লগ হৈছিল। তেওঁলোক লগ হৈ সশস্ত্ৰ সংগঠন এটা গঠন কৰিবলৈ সিদ্ধান্ত লৈছিল। পিছত তেওঁলোকে ৰংঘৰ বাকৰিত সমৱেত হৈ গোপনীয়তাৰ শপত লৈছিল। তেনেদৰে সংযুক্ত মুক্তিবাহিনী, অসমত আলফাৰ জন্ম হৈছিল।

    সংগঠনটোত দায়িত্বৰ আছিল সভাপতি বুদ্ধেশ্বৰ গগৈ, উপ-সভাপতি সুৰেন দিহিঙীয়া, উপদেষ্টা সোমেশ্বৰ গগৈ। ৰাষ্ট্ৰদূতঃ ভীমকান্ত বুঢ়াগোহাই, সদস্য় প্ৰদীপ গগৈ। ইয়াৰ পিছত থকা লোকসকল হৈছে পৰেশ বৰুৱা, ভূপেন বুঢ়াগোঁহাই, ভদ্ৰেশ্বৰ গোঁহাই, নৱ নেওগ, কিৰণ বৰুৱা, পৱিত্ৰ গগৈ আৰু ৰাজীৱ ৰাজকোঁৱৰে আলফাত যোগদান কৰিছিল। তেওঁলোকে ১৯৮৩ চনত অসমক স্বাধীন কৰাৰ বাবে এন এছ চি এনৰ শিবিৰৰ লগত যোগাযোগ কৰিছিল। 

অসম আন্দোলনৰ গুৰিকথা

উত্তৰ লিখাঃ 

১। 'অসম আন্দোলন' বুলিলে কি বুজা ?

উত্তৰঃ ১৯৭৯ চনৰ পৰা ১৯৯৫ চনলৈকে অসমৰ পৰা বিদেশী বিতাড়নক লৈ চলা ঐতিহাসিক আন্দোলনটোক 'অসম আন্দোলন' বুলি কোৱা হয়। 


২। অসম আন্দোলন কেতিয়া সামৰণি পৰিছিল ?

 উত্তৰঃ অসম আন্দোলন ১৯৮৫ চনত সামৰণি পৰিছিল।  


৩। ক'ত সদৌ অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰা হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত সদৌ অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰা হৈছিল।


নেলীৰ হত্য়াকাণ্ড

উত্তৰ লিখাঃ 

১। নেলীৰ হত্য়াকাণ্ড কেতিয়া সংগঠিত হৈছিল ?

উত্তৰঃ নেলীৰ হত্য়াকাণ্ড ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংগঠিত হৈছিল। 


২। হত্য়াকাণ্ডত বৰবৰী গাঁৱৰ কিমান জন লোকক হত্য়া কৰিছিল ?

উত্তৰঃ হত্য়াকাণ্ডত বৰবৰী গাঁৱৰ ৫৮৫ জন লোকক হত্য়া কৰিছিল।


৩। নেলীত হোৱা হত্য়াকাণ্ড বিষয়ে আলোচনা কৰা ?

উত্তৰঃ নেলীত হোৱা হত্য়াকাণ্ড বিষয়ে তলত আলোচনা কৰা হ'ল

    ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীৰ হত্য়াকাণ্ড সংঘটিত হৈছিল। ১৯৮৩ চনৰ নিৰ্বাচনত অংশ লোৱা বাবে নেলীৰ ধৰ্মীয় সংখ্য়ালঘুসকলক বাংলাদেশী বুলি সন্দেহ কৰিছিল। তেওঁলোক বাংলাদেশী বুলি সন্দেহ কৰি স্থানীয় জনজাতিৰ এটাৰ লোকে প্ৰায় ২০০০ লোকক হত্য়া কৰিছিল। 

    ১৯৮৩ চনত প্ৰথম পৰ্যায়ত নিৰ্বাচনত নেলীৰ কিছুমান লোকে ভোট দিছিল। তাৰে প্ৰতিশোধ ল'বলৈ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পুৱাই শ শ লোক লগ হৈ যাঠী, ধনুকাঁড, আৰু জোং লৈ ১৪ খন ধৰ্মীয় সংখ্য়ালঘুৰ গাঁও আক্ৰমণ কৰিছিল আৰু ঘৰ-দুৱাৰবোৰ জ্বলাই দিছিল। সেই আক্ৰমণ পুৱা পৰা ৪ বজালৈ হৈছিল। তেওঁলোকে বৰবৰী গাঁৱৰ ৫৮৫ জন লোকক হত্য়া কৰিছিল। হত্য়াকাণ্ডত কোনো ধৰণৰ বাধা নাছিল। তেওঁলোকে ডাঙৰ গাত খান্দি হাজাৰ হাজাৰ লোকক গণ কবৰ দিয়া হৈছিল। নেলীৰ হত্য়াকাণ্ডৰ ওপৰত কোনো ধৰণৰ বিচাৰ হোৱা নাছিল। ১৯৮৩ চনৰ ২১ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ইন্দিয়া গান্ধীয়ে নেলীলৈ আহি হত্য়াকাণ্ডৰ বিষয়ে জানিব পাৰিছিল। 

১৯৮৩ চনৰ ভয়াৱহ নিৰ্বাচন

উত্তৰ লিখাঃ 

১। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনটো কি আছিল ?

উত্তৰঃ ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা বিধানসভাৰ নিৰ্বাচনটো আছিল আটাইতকৈ ভয়াৱহ। 


২। কিমান চনত হিতেশ্বৰ শইকীয়াই অসমৰ মূখ্য়মন্ত্ৰী হিচাপে শপত লৈছিল ?

উত্তৰঃ ১৯৮৩ চনৰ ২৭ ফেব্ৰুৱাৰীত হিতেশ্বৰ শইকীয়াই অসমৰ মূখ্য়মন্ত্ৰী হিচাপে শপত লৈছিল। 


৩। নিৰ্বাচনী কাৰ্যসূচী হিচাপে ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত কিমান টা সমষ্টি আছিল?

উত্তৰঃ নিৰ্বাচনী কাৰ্যসূটী হিচাপে ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত ৬২ টা সমষ্টি আছিল।


ঐতিহাসিক অসম চুক্তি 

উত্তৰ লিখাঃ 

১। IMDT Bill কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ আব্দুল মুহিব মজুমদাৰে IMDT Bill প্ৰস্তুত কৰিছিল। 


২। ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত হোৱা সদনৰ বিষয়ে লিখা?

উত্তৰঃ ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত হোৱা সদনৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    ১৯৮৩ চনৰ মাজভাগত কেন্দ্ৰীয় চৰকাৰৰ আমোলা আৰ কে পাটিলে বিদেশী সমস্য়া সমাধানৰ কিছু পৰামৰ্শ দাঙি ধৰিছে। সেই সময়তে অসমৰ আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে IMDT Bill প্ৰস্তুত কৰিছিল। 

    ১৯৮৩ চনৰ ১৫ ডিচেম্বৰত এইখন সদনত দাখিল কৰে। সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্য়কাৰ লোকসভাত কোনো সাংসদ নাছিল। অসম আন্দোলনৰ বাবে ব্ৰহ্মপুত্ৰ উপত্য়কাত লোকসভাৰ নিৰ্বাচন হোৱা নাছিল। তাৰে সুবিধা গ্ৰহণ কৰি সদনত IMDT act পাছ হৈছিল। IMDT act মতে কাৰোবাক বিদেশী বুলি অভিযোগ কৰিলে অভিযোগকাৰীয়ে প্ৰমাণ কৰিব লাগিব। 

 অসম গণ পৰিষদ

উত্তৰ লিখাঃ 

১। অসমত কেইটা আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিছিল ?

উত্তৰঃ অসমত দুটা আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিছিল।

 

২। অসমত আত্মপ্ৰকাশ কৰা দুটা আঞ্চলিক দলৰ নাম লিখা?

উত্তৰঃ অসমত আত্মপ্ৰকাশ কৰা দুটা আঞ্চলিক দল হৈছে 

    (ক) অসম জাতীয়তাবাদী দল আৰু (খ) পূৰ্বাঞ্চলীয় লোকৰ পৰিষদ। 


৩। পূৰ্বাঞ্চলীয় লোকৰ পৰিষদৰ সভাপতি কোন আছিল?

উত্তৰঃ পূৰ্বাঞ্চলীয় লোকৰ পৰিষদৰ সভাপতি নিবাৰণ বৰা। 


৪। অসম গণ পৰিষদ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৮৫ চনৰ ১৩ আৰু ১৪ অক্টোবৰত গোলাঘাট চহৰত এটা আঞ্চলিক দল গঠন কৰিব কাৰণে এখনি ৰাজনৈতিক অভিৱৰ্তন বহে। সেই অভিৱৰ্তনতে অসম গণ পৰিষদ গঠন হৈছিল। 


৫। অসম গণ পৰিষদৰ সভাপতি কোন আছিল?

উত্তৰঃ অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ। 


মানৱ অধিকাৰ সংগ্ৰাম সমিতি

উত্তৰ লিখাঃ 

১। মানৱ অধিকাৰ সংগ্ৰাম সমিতি কেতিয়া অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ মানৱ অধিকাৰ সংগ্ৰাম সমিতি ১৯৯১ চনৰ ২ নৱেম্বৰত অনুষ্ঠিত কৰা হৈছিল।


২। মানৱ অধিকাৰ সংগ্ৰাম সমিতিত প্ৰতিবাদী মঞ্চ গঠন কোনে কোনে কৰিছিল?

উত্তৰঃ মানৱ অধিকাৰ সংগ্ৰাম সমিতিত প্ৰতিবাদী মঞ্চ গঠন কৰিছিল পৰাগ কুমাৰ দাস আৰু অজিত কুমাৰ ভূঞাই। 

গুপ্তহত্য়া


১। কংগ্ৰেছে ক্ষমতা দখল কেতিয়া কৰিছিল?

উত্তৰঃ ২০০১ চনত কংগ্ৰেছে ক্ষমতা দখল কৰিছিল।


 ২। চমু টোকা লিখাঃ

ক) গুপ্তহত্য়া,

উত্তৰঃ গুপ্তহত্য়াঃ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ অসম গণ পৰিষদৰ দ্বিতীয়টোৰ কাৰ্যকালত এফালে আলফাৰ হত্য়া যজ্ঞ আৰু আনহাতে গুপ্তঘাটকৰ হত্য়াৰ প্ৰতিযোগিতা চলিছিল। এই গুপ্তহত্য়াত প্ৰধানকৈ আলফাৰ আত্মীয়, সমৰ্থক আৰু মানৱ অধিকাৰ কৰ্মীক লক্ষ্য় কৰি লোৱা হৈছে। মানুহবোৰক হত্য়া কৰি পিটনি, নৈ আৰু পথাৰত পেলাই থৈছিল। সেই গুপ্তহত্য়াক তদন্ত কৰিছিল যদিও কোনো ধৰণৰ তথ্য় পোৱা নাছিল। এই গুপ্তহত্য়াৰ বাবে অগপ চৰকাৰক দায়ী কৰি ২০০১ চনত কংগ্ৰেছে ক্ষমতা দখল কৰিলে।  





Post ID: DABP005803