স্বাধীনতাৰ পিছৰ অসম

 Chapter 10

উত্তৰ লিখাঃ 

১। কিমান চনত ভাৰতবৰ্ষয়ে স্বাধীনতা লাভ  কৰিছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষয়ে স্বাধীনতা লাভ কৰিছিল। 


২। ১৯৪৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ?

উত্তৰঃ ১৯৪৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। 


৩। কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয় স্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৮ চনৰ ১ জানুৱাৰীত গুৱাহাটীৰ বিশ্ববিদ্য়ালয় স্থাপন কৰা হৈছিল। 


৪। অসম কানি নিবাৰণী আইন কেতিয়া বলৱৎ কৰা হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত অসমত কানি নিবাৰণী আইন বলৱ কৰা হৈছিল। 


৫। ক'ত আৰু কোনে সদৌ অসম শিল্পী সংঘৰ অনুষ্ঠিত কৰা হৈছিল ?

উত্তৰঃ শিৱসাগৰত, জ্য়োতিপ্ৰসাদ আগৰৱালাই  সদৌ অসম শিল্পী সংঘৰ অনুষ্ঠিত কৰিছিল। 


৬। ৰামধেনু আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল ?

উত্তৰঃ 'ৰামধেনু' আলোচনীৰখন ১৯৫০ চনত প্ৰকাশ পাইছিল। 


৭। গণৰাজ্য় দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য় দিৱস পালন কৰা হয়। 


৮। কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল ?

উত্তৰঃ ১৯৫০ চনৰ ১৫ আগষ্টত অসমত ডাঙৰ ভূমিকম্প হৈছিল। 


৯। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৫০ চনৰ ১৭ জানুৱাৰীত জ্য়োতিপ্ৰসাদ আগৱালাৰ মৃত্য়ু হৈছিল।

 

১০। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ণ কেতিয়া প্ৰস্তুত কৰা হৈছিল ?

উত্তৰঃ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ণ ১৯৫১ চনত প্ৰস্তুত কৰা হৈছিল।


১১। জেনেৰেল মাউন্টবেটেনে গুৱাহাটীৰ জজ খেলপথাৰত হোৱা সভাত তেওঁ কি ভাষণ দিছিল ?

উত্তৰঃ জেনেৰেল মাউন্টবেটেনে গুৱাহাটীৰ জজ খেলপথাৰত হোৱা সভাত  কৈছিল যে- এদিন অসমখন ভাৰতৰ ভিতৰত সবাতোকৈ চহকী হ'ব।


১২। যোৰহাটত অসম কৃষি মহাবিদ্য়ালয়খন কোনে উদ্বোধন কৰিছিল ?

উত্তৰঃ যোৰহাটত অসম কৃষি মহাবিদ্য়ালয়খন ছাৰ আকবৰ হাইদৰীয়ে উদ্বোধন কৰিছিল। 


১৩। ছাৰ আকবৰ হাইদৰীৰ কেতিয়া মৃত্য়ু হৈছিল ?

উত্তৰঃ ছাৰ আকবৰ হাইদৰীৰ ১৯৪৮ চনৰ ২৮ ডিচেম্বৰত মৃত্য়ু হৈছিল। 


১৪। শিৱসাগৰ কলেজ কোনে উদ্বোধন কৰিছিল ?

উত্তৰঃ শিৱসাগৰ কলেজ জয়ৰাম দৌলতৰামে উদ্বোধন কৰিছিল। 


১৫। এখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম লিখা?

উত্তৰঃ এখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম হৈছে কাজিৰঙা। 


১৬। কিমান চনত Assam Industrial Development Corporation গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৯৬৭ চনত Assam Industrial Development Corporation গঢ়ি তুলিছিল। 


১৭। মাহেকীয়া আলোচনী 'বিস্ময়' কেতিয়া প্ৰকাশ পাইছিল?

উত্তৰঃ মাহেকীয়া আলোচনী 'বিস্ময়' ১৯৯০ চনত প্ৰকাশ পাইছিল। 


১৮। ১৯৭০ চনৰ ১৩ ফেব্ৰুৱাৰীত অসম সাহিত্য় সভাৰ অধিৱেশন ক'ত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭০ চনত ১৩ ফেব্ৰুৱাৰীত অসম সাহিত্য় সভাৰ অধিৱেশন ধিঙত আৰম্ভ কৰা হৈছিল। 


১৯। বিমলা প্ৰসাদ চলিহাই কিমান বছৰ মুখ্য়মন্ত্ৰীৰ আসনত বঢ়িছিল?

উত্তৰঃ বিমলা প্ৰসাদ চলিহাই মুঠ ১২ বছৰ ১০ মাহ মুখ্য়মন্ত্ৰী আসনত বঢ়িছিল। 


 ২০। ১৯৫৪ চনৰ ২১-২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিশ্ববিদ্য়ালয়ৰ দুৱাৰ কোনে মুকলি কৰিছিল ? সেই সময়ত ভূপেন হাজৰিকাই কি গীত গাইছিল ?

উত্তৰঃ ১৯৫৪ চনত ২১-২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিশ্ববিদ্য়ালয় দুৱাৰ ৰাজেন্দ্ৰ প্ৰসাদে মুকলি কৰিছিল। দুৱাৰ মুকলি কৰা সময়ত ভূপেন হাজৰিকাই গোৱা গীতটো হৈছে 

    জিলিকাব লুইতৰে পাৰ 

    আন্ধাৰৰ ভেটি ভাঙি

        প্ৰাগজ্য়োতিষত বয়

            জেউতি নিজৰাৰে ধাৰ

    শত শত বন্তিৰ 

        জ্ঞানৰে দীপালীয়ে

            জিলিকাব লুইতৰে পাৰ। 

    সাঁচিপাতে ভাষা দিব

        চিফুঙে আশা দিব

            ৰংঘৰে মেলিব দুৱাৰ।

    সমাজে সাবটিব

        মহান মানৱতা 

            বিজ্ঞানে আনিব জোৱাৰ। 

    নতুনৰ গতি খেদা

        ডেকা-গাভৰু আমি

            নিৰ্ভীক কুৰি শতিকাৰ

    অজ্ঞান চাকনৈয়া 

        এফলীয়া কৰি থৈ 

            মাৰি যাও জীৱনৰ ডাঁৰ।




          




Post ID: DABP005802