ব্ৰিটিছৰ দিনৰ অসম 

 Chapter 9

 উত্তৰ লিখাঃ 

১। অসমৰ সৈতে লোণৰ ব্য়ৱহায় কৰা প্ৰথমজন ইংৰাজৰ বণিক কোন আছিল ?

উত্তৰঃ অসমৰ সৈতে লোণৰ ব্য়ৱহাৰ কৰা প্ৰথমজন ইংৰাজৰ বণিক আছিল কৰ্ণেল জেইমছ মিছ। 


২। ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ ১৮২৬ চনত ২৪ ফেব্ৰুৱাৰীত মান আৰু ব্ৰিটিছ পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 


৩। ডেভিদ স্কটৰ মৃত্য়ু কেতিয়া হৈছিল ?

উত্তৰঃ ডেভিদ স্কটৰ ১৮৩১ চনৰ ২০ আগষ্টত মৃত্য়ু হৈছিল। 


৪। প্ৰথমতে নগাওঁ জিলাৰ সদৰ ক'ত আছিল ?

উত্তৰঃ নগাওঁ জিলাৰ সদৰ আছিল পুৰণিগুদাম। 


৫। ১৭৯৪ চনত কোনে ৰংপুৰৰ পৰা ৰাজধানী আনি যোৰহাটত স্থাপন কৰিছিল ?

উত্তৰঃ ১৭৯৪ চনত ৰংপুৰৰ পৰা ৰাজধানী আনি গৌৰীনাথ সিংহই যোৰহাটত স্থাপন কৰিছিল। 


৬। অসমত চাহ খেতিৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে Waste lands grants rules প্ৰৱৰ্তন কোনে কৰিছিল?

উত্তৰঃ অসমত চাহ খেতিৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে Waste lands grants rules জনকিন্সে প্ৰৱৰ্তন কৰিছিল। 


৭। কিমান চনত ৰজা পুৰন্দৰ সিংহৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৮৪৬  চনত ৰজা পুৰন্দৰ সিংহৰ মৃত্য়ু হৈছিল। 


৮। অৰুনোদই আলোচনীখন কেতিয়া প্ৰকাশ কৰা হৈছিল ?

উত্তৰঃ অৰুনোদই আলোচনীখন ১৮৪৬ চনত প্ৰকাশ কৰা হৈছিল।


৯। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া আৰু ক'ত ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৫ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচী দিয়া হয়।  


১০। কিমান চনত অমৃতভূষণ দেৱ জন্ম হৈছিল ?

উত্তৰঃ ১৮৫৮ চনত অমৃতভূষণ দেৱৰ জন্ম হৈছিল।


১১। কেতিয়া আসাম বিলাসীনি প্ৰকাশ পাইছিল ?

উত্তৰঃ ১৮৭১ চনত আসাম বিলাসীনি প্ৰকাশ পাইছিল। 


১২। ১৮৭২ চনত আসাম মিহিৰ ক'ৰ পৰা প্ৰকাশ পাইছিল ?

 উত্তৰঃ ১৮৭২ চনত আসাম মিহিৰ গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল।


১৩। অসমীয়া ছাত্ৰৰ সাহিত্য় সভা কেতিয়া আৰু ক'ত গঠন কৰা হৈছিল ?

উত্তৰঃ অসমীয়া ছাত্ৰৰ সাহিত্য় সভা ১৮৭২ চনত কলকাতাত গঠন কৰা হৈছিল। 


১৪। কেতিয়া আসাম নিউচ প্ৰকাশ কৰা হৈছিল ?

উত্তৰঃ ১৮৮২ চনত আসাম নিউচ প্ৰকাশ কৰা হৈছিল। 


১৫। কেতিয়া জোনাকী নামৰ আলোচনীখন প্ৰকাশ কৰা হৈছিল ?

উত্তৰঃ ১৮৮৯ চনৰ ১৩ জানুৱাৰীত। 


১৬। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত জন্ম হৈছিল।


১৭। ক'ত চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল ?

উত্তৰঃ টোকলাইতত চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল।


১৮। কেতিয়া সপ্তাহিক জনমভূমি প্ৰকাশ কৰা হৈছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ১০ মাৰ্চ তাৰিখে সপ্তাহিক জনমভূমি প্ৰকাশ কৰা হৈছিল।


১৯। কোচবিহাৰৰ ৰজাসকলক 'ছত্ৰধাৰী ৰজা' বুলি কিয় কোৱা হয়?

উত্তৰঃ কোচবিহাৰৰ ৰজাসকলৰ অভিষেক কালত ৰায়কতসকলে ৰজাৰ মূৰৰ ওপৰত ছত্ৰ ধাৰণ কৰিছিল। সেই বাবে তেওঁলোকক 'ছত্ৰধাৰী ৰজা' বুলি কোৱা হয়। 







Post ID: DABP005801