ধৰ্ম, ধৰ্মীয় অভিজ্ঞতা আৰু বিজ্ঞান

Chapter 2

চমু উত্তৰ লিখাঃ

১। মানুহৰ প্ৰকৃত ইতিহাস কি ?

উত্তৰঃ মানুহৰ প্ৰকৃত ইতিহাস হৈছে ধৰ্মৰ ইতিহাস। 


২। মেক্স মুলাৰৰ ধৰ্মৰ সংজ্ঞাটো কি আছিল ?

উত্তৰঃ মেক্স মুলাৰৰ ধৰ্মৰ সংজ্ঞাটো হ'ল ''মানুহৰ প্ৰকৃত ইতিহাস হ'ল ধৰ্মৰ ইতিহাস''। 


৩। চিচাৰোৰ মতে 'Religion' শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰঃ চিচাৰোৰ মতে 'Religion' শব্দটো 're-ligare' শব্দৰ পৰা আহিছে। 


৪। Religare শব্দটো অৰ্থ কি ?

উত্তৰঃ 'Religare' শব্দটোৰ অৰ্থ হ'ল বিবেচনা কৰা।


৫।  ধৰ্মৰ পৰিসৰ কি ?

উত্তৰঃ ধৰ্মৰ পৰিসৰ মানে হ'ল ধৰ্মৰ আলোচ্য় বিষয়বোৰ। 


৬। ধৰ্মৰ পদ্ধতি কি ?

উত্তৰঃ ধৰ্মৰ পদ্ধতি হৈছে যুক্তি, বিশ্বাস আৰু প্ৰত্য়ক্ষ। 


৭। ধৰ্মীয় অভিজ্ঞতাৰ এটা বৈশিষ্ট্য় লিখা ?

উত্তৰঃ ধৰ্মীয় অভিজ্ঞতা পৰমসত্তাৰ অভিজ্ঞতা। 


৮। ধৰ্ম কাক বোলে ?

উত্তৰঃ ধৰ্ম হ'ল মানুহৰ এনে এক অলৌকিক বিশ্বাস- যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। 


৯। ফ্লিন্ট ফ্লিন্টৰ ধৰ্মৰ সংজ্ঞাটো কি ?

উত্তৰঃ ফ্লিন্ট ফ্লিন্টৰ ধৰ্মৰ সংজ্ঞাটো হ'ল ধৰ্ম হৈছে এক একাধিক মানুহৰ বিশ্বাস।


১০। ধৰ্মৰ প্ৰধান বিষয় কি ?

উত্তৰঃ ধৰ্মৰ প্ৰধান বিষয় হৈছে কোনো অলৌকিক শক্তি। 


১১। ধৰ্মৰ আলোচ্য় বিষয় কি ?

উত্তৰঃ ধৰ্মৰ আলোচ্য় বিষয়  হ'ল ধৰ্মগ্ৰন্থ। 


১২। ধৰ্মীয় উপাসনালয় অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ  কি কি ?

উত্তৰঃ ধৰ্মীয় উপাসনালয় অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ হ'ল মঠ, মন্দিৰ, গীৰ্জা আৰু মছজিদ।


১৩। ধৰ্মৰ যিকোনো এটা উপযোগিতা দিশ উল্লেখ কৰা ?

উত্তৰঃ ধৰ্মৰ উপযোগিতা দিশ হ'ল ধৰ্মই প্ৰথমে মানুহক শিক্ষিত কৰি তুলিছে। 






Post ID: DABP005714