ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় প্ৰমাণ বা যুক্তি 

Chapter 3

চমু উত্তৰ লিখাঃ

১। ঈশ্বৰৰ অস্তিস্ব সম্বন্ধীয় পৰম্পৰাগত এটা যুক্তি উল্লেখ কৰা ?

উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰম্পৰাগত এটা যুক্তি হৈছে  নৈতিক যুক্তি। 


২। তাত্ত্বিক যুক্তি বুলিলে কি বুজা ?

উত্তৰঃ ঈশ্বৰৰ অস্তিস্ব সম্পৰ্কীয় যি যুক্তি বা প্ৰমাণ অনুসৰি ঈশ্বৰৰ ধাৰণাৰ পৰাই ঈশ্বৰৰ অস্তিত্ব প্ৰমাণিত হয় তাকে তাত্বিক যুক্তি বুলি কোৱা হয়।


৩। 'Proslogion' গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ 'Proslogion' গন্থখনৰ লেখৰ হৈছে এনছেলম। 


৪। ''ঈশ্বৰ হ'ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনো কিছুৰ ধাৰণা কৰিব নোৱাৰি''- এই মতৰ প্ৰৱক্তা কোন  ?

উত্তৰঃ এনছেলম।


৫। বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক থমাছ একুইনাছ আছিল।

 

৬। জগতৰ বিচিত্ৰ বৈশিষ্ট্য় লক্ষ্য় কৰি একুইনাছে কেইটা যুক্তি প্ৰদান কৰিছে ?

উত্তৰঃ জগতৰ বিচিত্ৰ বৈশিষ্ট্য় লক্ষ্য় কৰি একুইনাছে ৫ টা যুক্তি প্ৰদান কৰিছে। 


৭। নৈতিক যুক্তি কি ?

উত্তৰঃ নৈতিক যুক্তি মানে হ'ল মানুহৰ আচৰণৰ মূল্য়ায়ন সম্পকীয় এক দৰ্শন। 


৮। বিশ্বতত্ত্বমূলক যুক্তিক কি বুলি কোৱা হয় ?

উত্তৰঃ বিশ্বতত্ত্বমূলক যুক্তিক অভিজ্ঞতাভিত্তিক যুক্তি বুলি কোৱা হয়।


৯। নৈতিক যুক্তিৰ আন এজন প্ৰৱক্তা কোন আছিল ?

উত্তৰঃ জেমছ মাৰ্টিনিউ আছিল নৈতিক যুক্তিৰ প্ৰৱক্তা।


১০। একুইনাছৰ মতে, আদি কাৰণটো কি ?

উত্তৰঃ একুইনাছৰ মতে, আদি কাৰণটো হৈছে ঈশ্বৰ। 


১১। বিশ্বতত্ত্বমূলক যুক্তি বুলিলে কি বুজা ?

উত্তৰঃ পৰিদৃশ্য়মান জাগতিক জ্ঞানক ভিত্তি কৰি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰা উদ্দেশ্য়ে যি যুক্তি প্ৰয়োগ কৰা হয় ইয়াকে বিশ্বতত্ত্বমূলক যুক্তি বুলি কোৱা হয়। 


১২। উদ্দেশ্য়মূলক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন ?

উত্তৰঃ উদ্দেশ্য়মূলক যুক্তিৰ প্ৰধান প্ৰৱক্তা হ'ল মাৰ্টিনিউ। 


১৩। বৌদ্ধিক পৰিকল্পনাৰ মূল চাবি-কাঠি কি ?

উত্তৰঃ বৌদ্ধিক পৰিকল্পনাৰ মূল-চাবি কাঠি হৈছে নিৰ্বাচন, সংগঠন আৰু স্তৰভেদ।  


১৪। এনছেলম ঈশ্বৰৰ  অস্তিত্ব সম্পৰ্কীয় তাত্ত্বিক যুক্তিটোৰ প্ৰধান প্ৰৱক্তা কোন আছিল ?

উত্তৰঃ এনছেলম ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় তাত্ত্বিক যুক্তিটোৰ প্ৰধান প্ৰৱক্তা হৈছে কান্টাৰবেৰীৰ। 



Post ID : DABP005785