ভূ-আকৃতিক ভূগোল

Class 10 Geography All Question Paper |

A. অতি চমু প্ৰশ্নাৱলী ঃ 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(a) ওলম বা ঝুলন উপত্য়কা সৃষ্টি কৰা কাৰকটো হ'ল- [ HSLC'11 ] 

(i) হিমবাহ

(ii) নদী

(iii) বতাহ

(iv) সাগৰৰ ঢৌ


(b) ইনছেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হ'ল- [ HSLC' 12 ] 

(i) প্ৰবহমান জল      

(ii) হিমবাহ

 (iii) বতাহ                

 (iv) সামুদ্ৰিক ঢৌ 


(c) বালিয়াৰি সৃষ্টি কৰা কাৰকটো হ'ল- [ HSLC' 13 ]  

 (i) নদী            

 (ii) হিমবাহ 

(iii) সাগৰৰ ঢৌ   

(iv) বতাহ 


(d) তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা ? [ HSLC' 14 ] 

  (i) U- আকৃতিক উপত্য়কা   

 (ii) ড্ৰামলিন 

(iii) ইনছেলবাৰ্গ                 

(iv) গ্ৰাব 


(e) তলত দিয়াবোৰৰ কোনটো অৱক্ষেপনজলিত অৱয়ব ? [ HSLC' 15 ] 

 (i) ওলোমা উপত্য়কা       

 (ii) এঙ্কৰ 

 (iii) ইনছেলবাৰ্গ               

 (iv) ইয়াৰদাং 


(f) মৰুভূমিত কোন মুখ্য় কাৰকে ভূ- আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়- [ HSLC' 16 ] 

(i) বৰষুণ 

(ii) উত্তাপ 

(iii) বতাহ

(iv) নদী 


(g) হিমবাহ উপত্য়কা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাবৰেখাক কোৱা হয় - [ HSLC' 17 ] 

(i) মধ্য় গ্ৰাব 

(ii) প্ৰান্ত গ্ৰাব 

(iii) পাৰ্শ্ব গ্ৰাব 

(iv) ভূমি গ্ৰাব 


(h) মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিয়াৰিক কোৱা হয়- [ HSLC' 18]

(i) ইনছেলবাৰ্গ 

(ii) অনুপ্ৰস্থ বালিয়াৰি 

(iii) বাৰখান 

(iv) ইয়াৰদাং 


(i) তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব ? [ HSLC' 19 ] 

(i) এস্কাৰ 

(ii) ড্ৰামলিন 

(iii) শংকু 

(iv) কেম 


(j) তলত উল্লেখ কৰা কোনটো ক্ষয়জলিত অৱয়ব ? [ HSLC' 20 ] 

(i) বাৰখান 

(ii) ওলোমা উপত্য়কা 

( iii) গ্ৰাব 

(iv) ড্ৰামলিন 


2. বাহ্য়িক প্ৰক্ৰিয়া কি ? [ HSLC' 11 ]


3. হিমবাহৰ অৱক্ষেপণ কাৰেযৰ দ্বাৰা সৃষ্টি হোৱা যি কোনো এটা অৱয়বৰ নাম লিখা । [ HSLC' 12 ] 


 4. বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপনজনিত অৱয়বৰ নাম লিখা ? [ HSLC" 12, 14, 20 ] 


5. আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা । [HSLC'12 ] 


6. ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা । [ HSLC'12 ] 


7. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটাৰ নাম লিখা । [ HSLC'13,'18 ] 


8. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অৱয়ব এটাৰ নাম লিখা । [ HSLC' 15 ] 


9. কোনটো বালিয়াৰি অৰ্ধচন্দ্ৰাকৃতিৰ লিখা । [ HSLC' 16 ] 


10. ভূ-প্ৰাকৃতিক বিজ্ঞান মানে কি ? [ HSLC' 17 ] 


11. স্থলমণ্ডল কি ?  [ HSLC' 19 ] 



B. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ                     মূল্য়াংক ঃ 2/ 3/ 4/ 5/ 6 

1. অনুদৈৰ্ঘ্য় বালিয়াৰি বা য়াৰদাঙৰএটি চিত্ৰ আঁকা । [ HSLC' 11 ] 


2. গ্ৰাব কি ? তিনি প্ৰকাৰ গ্ৰাবৰ নাম উল্লেখ কৰা । [ HSLC' 13,'16 ] 


3. হিমবাহ কি ? তিনি প্ৰকাৰৰ হিমবাহৰ নাম লিখা । [ HSLC' 14 ] 


4. ' ক্ৰিয়াত্মক অঞ্চল '' কি ? ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া । [ HSLC' 14 ] 


5. বালিয়াৰি কি ? ই কেনেকৈ সৃষ্টি হয় ? [ HSLC' 15, '18]


6.এটা ইনছেলবাৰ্গৰ নক্সা চিত্ৰ আঁকা।  [ HSLC'17]


7. মৰুদ্য়ান কাক বোলে ? ইয়াৰ তাৎপৰ্য কি ? [ HSLC '17]


8. ওলোমা উপত্য়কাৰ এটি নক্সা চিত্ৰ আঁকা।   [ HSLC ' 18]


9.' অপঘৰ্ষণ' বুলিলে কি বুজায় ? অপঘৰ্ষণে সৃষ্টি কৰা এটা ভূ-অৱয়বৰ উদাহৰণ দিয়া। [HSLC'19]


10. মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য় হিমবাহৰ মাজত থকা পাৰ্থক্য় লিখা। [ HSLC'19]


11. মৰুদ্য়ান কাক বোলে ? ইয়াৰ গুৰুত্ব উল্লেখ কৰা। [ HSLC'19]


12. মৰুদ্য়ান কাক বোলে ?ইয়াৰ গুৰুত্ব  উল্লেখ কৰা । [ HSLC' 20]


13. হিমবাহে সৃষ্টি কৰা তিনিটা অৱক্ষেপজনিত অৱয়বৰ নাম উল্লেখ কৰা। [ HLSC' 20]


14. বাহ্য়িক আৰু আভ্য়ন্তৰীন ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰ কি ? সিহঁতৰ প্ৰত্য়েকৰে এটাকৈ কাৰকৰ উদাহৰণ দিয়া । [ HSLC' 20]



                      Type by- Bikul Mandal