বৰগীতঃ জয় জয় যাদৱ জলনিধিজা
অধ্যায় ২
চমু প্ৰশ্নউত্তৰঃ
১। সংগীত কিহৰ মাধ্যম?
উত্তৰঃ সংগীত হ'ল এক বলিষ্ঠ গণমাধ্যম।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণৰ।
১২। শ্রীকৃষ্ণক কিয় “জগত বন্ধু বিধু’ বুলি কোৱা হৈছে?
১৪। শ্ৰীকৃষ্ণৰ কোনটো নাম স্মৰণ কৰিলে মনোকামনা সিদ্ধি হয়?
উত্তৰঃ বেদত্রাতা বা শ্রুতত্রাতা।
১৫। বৰগীতটোত লক্ষ্মীক কিয় জলনিধিজা বুলি সম্বোধন কৰিছে?
উত্তৰঃ অসুৰ আৰু দেৱগণে লগ হৈ সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ উৎপত্তি হৈছিল, সাগৰৰ পৰা জন্ম হোৱা বাবেই বৰগীতটোক লক্ষ্মীক জলনিধিজা বুলি সম্বোধন কৰা হৈছে।
১৬। কেশী কোন আছিল? কোনে তেওঁক বধ কৰিছিল?
১৭। “জনার্দন” শব্দৰ অৰ্থ কি? শ্রীকৃষ্ণক কিয় “জনার্দন” বুলি কোৱা হয়?
১৮। বৰগীত কাক বোলে?
১৯। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন উল্লেখযোগ্য কাব্যৰ নাম লিখা।
২০। শংকৰদেৱৰ কেইধৰণৰ গীত ৰচনা কৰিছিল আৰু এইকেইটা কি কি আছিল?
উত্তৰঃ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।
২৩। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শন কি?
উত্তৰঃ ‘কীৰ্তন ঘোষা”।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।
২৫। কিমান বয়সত শ্রীমন্ত শংকৰদেৱে ইহলীলা ত্যাগ কৰিছিল?
উত্তৰঃ ১১৯ বছৰ বয়সত।
২৬। জলনিধিজা বুলি কাক কোৱা হয় ?
উত্তৰঃ লক্ষ্মীক।
২৭। শ্রীকৃষ্ণক কিয় ‘জগত বন্ধুবিধু’ বুলি কোৱা হয় ?
২৮। ‘জলনিধি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ জলনিধি শব্দৰ অৰ্থ হৈছে- সাগৰ (জল-পানী, নিধি- আকৰ, ভাণ্ডাৰ: পানীৰ ভাণ্ডাৰ, এতেকে সাগৰ।)
২৯। জলনিধিজা শব্দৰ অৰ্থ কি?
উত্তৰঃ জলনিধিজা শব্দৰ অৰ্থ হৈছে- লক্ষ্মী (জলনিধি অৰ্থাৎ সাগৰত জন্ম যাৰ সিয়েই জলনিধিজা। দেৱাসুৰে লগ লাগি সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ উৎপত্তি হৈছিল। সেইবাবে লক্ষ্মী সাগৰৰ কন্যা।
৩০। ধৱ শব্দৰ অৰ্থ কি?
উত্তৰঃ ধৱ শব্দৰ অৰ্থ হৈছে- পতি, স্বামী (জলনিধিজা ধৱ মানে লক্ষ্মীৰ পতি অৰ্থাৎ শ্ৰীকৃষ্ণ)।
৩১। ধাতা শব্দৰ অৰ্থ কি?
উত্তৰঃ ধাতা শব্দৰ অৰ্থ হৈছে- নাৰায়ণ।
৩২। শ্ৰুত শব্দৰ অৰ্থ কি?
উত্তৰঃ শ্ৰুত শব্দৰ অৰ্থ হৈছে- শুনা, শ্ৰৱণ কৰা: (অন্য অৰ্থত শ্ৰুত মানে বেদসমূহ)।
৩৩। শ্ৰুতমাত্ৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ শ্ৰুতমাত্ৰ শব্দৰ অৰ্থ হৈছে- শুনা বা শ্ৰৱণ কৰা মাত্ৰকে (অন্য অৰ্থত বেদ পৰ্যন্ত)।
৩৪। অখিল শব্দৰ অৰ্থ কি?
উত্তৰঃ অখিল শব্দৰ অৰ্থ হৈছে- পৃথিৱী।
৩৫। ত্ৰাতা শব্দৰ অৰ্থ কি?
উত্তৰঃ ত্ৰাতা শব্দৰ অৰ্থ হৈছে- উদ্ধাৰ কৰোঁতা।
৩৬। শ্ৰুতমাত্ৰাখিলত্ৰাতা শব্দৰ অৰ্থ কি?
উত্তৰঃ শ্ৰুতমাত্ৰাখিলত্ৰাতা শব্দৰ অৰ্থ হৈছে- শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা। আন অৰ্থত বেদক উদ্ধাৰ কৰোঁতা।
৩৭। সিদ্ধি শব্দৰ অৰ্থ কি?
উত্তৰঃ সিদ্ধি শব্দৰ অৰ্থ হৈছে- কামনা পূৰ্ণ হোৱা।
৩৮। মুকুতি শব্দৰ অৰ্থ কি?
উত্তৰঃ মুকুতি শব্দৰ অৰ্থ হৈছে- মুক্তি; বৈষ্ণৱ আদৰ্শত ভক্তৰ পৰম কাম্য হ'ল মুক্তি।
৩৯। জগজনজীৱন শব্দৰ অৰ্থ কি?
উত্তৰঃ জগজনজীৱন শব্দৰ অৰ্থ হৈছে- জগতৰ সকলোৰে জীৱন স্বৰূপ।
৪০। অজন শব্দৰ অৰ্থ কি?
উত্তৰঃ অজন শব্দৰ অৰ্থ হৈছে- অজন শব্দৰ অৰ্থ হৈছে- যাৰ জন্ম নাই; নিত্য সনাতন, চিৰন্তন।
৪১। জনাৰ্দন শব্দৰ অৰ্থ কি?
উত্তৰঃ জনাৰ্দন শব্দৰ অৰ্থ হৈছে- যি মায়াৰ অতীত অৰ্থাৎ মায়াই যাক বশ কৰিব নোৱাৰে; শ্ৰীকৃষ্ণ।
৪২। দনুজ শব্দৰ অৰ্থ কি?
উত্তৰঃ ৰাক্ষস, দক্ষ ৰজাৰ কন্যা দনুক কাশ্যপ ঋষিয়ে বিয়া কৰাইছিল। দনুৰপৰা জন্ম হোৱা সন্তানক দনুজ বুলি কোৱা হয়।
৪৩। মহদানন্দ শব্দৰ অৰ্থ কি?
উত্তৰঃ মহাদানন্দ শব্দৰ অৰ্থ হৈছে- মহৎ+আনন্দ; পৰম আনন্দ।
৪৪। কন্দ শব্দৰ অৰ্থ কি?
উত্তৰঃ কন্দ শব্দৰ অৰ্থ হৈছে- মূল।
৪৫। মহদানন্দকন্দ শব্দৰ অৰ্থ কি?
উত্তৰঃ মহদানন্দকন্দ শব্দৰ অৰ্থ হৈছে- মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ, অৰ্থাৎ ভগৱান বিষ্ণু।
৪৬। নন্দ নন্দন শব্দৰ অৰ্থ কি?
উত্তৰঃ নন্দ নন্দন শব্দৰ অৰ্থ হৈছে- নন্দৰ পুত্ৰ; শ্ৰীকৃষ্ণ।
৪৭। বিবিধ বিহাৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ বিবিধ বিহাৰ শব্দৰ অৰ্থ হৈছে- নানাবিধ ক্ৰীড়া।
৪৮। বিশাৰদ শব্দৰ অৰ্থ কি?
উত্তৰঃ বিশাৰদ শব্দৰ অৰ্থ হৈছে- নিপুণ।
৪৯। শাৰদ শব্দৰ অৰ্থ কি?
উত্তৰঃ শাৰদ শব্দৰ অৰ্থ হৈছে- শৰৎ কালৰ।
৫০। ইন্দুনিন্দি শব্দৰ অৰ্থ কি?
উত্তৰঃ ইন্দুনিন্দি শব্দৰ অৰ্থ হৈছে- ইন্দু মানে চন্দ্ৰ; নিন্দি- নিন্দা কৰা, হীন অৰ্থাৎ য'ত চন্দ্ৰৰ সৌন্দৰ্যও কম দেখি।
৫১। শাৰদ ইন্দু নিন্দি শব্দৰ অৰ্থ কি?
উত্তৰঃ শাৰদ ইন্দু নিন্দি শব্দৰ অৰ্থ হৈছে- শৰত কালৰ চন্দ্ৰতকৈও অধিক সুন্দৰ।
৫২। পৰকাশী শব্দৰ অৰ্থ কি?
উত্তৰঃ পৰকাশী শব্দৰ অৰ্থ হৈছে- প্ৰকাশিত হোৱা।
৫৩। শেষ শয়ন শব্দৰ অৰ্থৰ কি?
উত্তৰঃ শেষ শয়ন শব্দৰ অৰ্থ হৈছে- অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা; শ্ৰীকৃষ্ণ।
৫৪। শিৱ শব্দৰ অৰ্থ কি?
উত্তৰঃ শিৱ শব্দৰ অৰ্থ হৈছে- মহাদেৱ, ইয়াত মংগলময় অৰ্থত ব্যৱহাৰ হৈছে।
৫৫। কেশী বিনাশন শব্দৰ অৰ্থ কি?
উত্তৰঃ কেশী বিনাশন শব্দৰ অৰ্থ হৈছে- কেশী নামৰ ঘোঁৰাৰ আকৃতিৰ এটি অসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল বাবে শ্ৰীকৃষ্ণক কেশী বিনাশন বুলি কোৱা হয়।
৫৪। জগতবন্ধুবিধু শব্দৰ অৰ্থ কি?
উত্তৰঃ জগতবন্ধুবিধু শব্দৰ অৰ্থ হৈছে- জগত বন্ধু ভগৱান শ্ৰীকৃষ্ণ 'বিধু' অৰ্থাৎ চন্দ্ৰটোৰ দৰে। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে তেনেদৰে ভগৱানে জগতৰ পাপ হৰণ কৰে ।
৫৫। মধুৰিপু শব্দৰ অৰ্থ কি?
উত্তৰঃ মধুৰিপু শব্দৰ অৰ্থ হৈছে- মধু নামৰ অসুৰৰ যিজন ৰিপু বা শত্ৰু তেৱেঁই মধুৰিপু; অৰ্থাৎ শ্ৰীকৃষ্ণ।
৫৬। মুৰনাশী শব্দৰ অৰ্থ কি?
উত্তৰঃ মুনাশী শব্দৰ অৰ্থ হৈছে- মুৰ নামৰ অসুৰক নাশ কৰোঁতা; অৰ্থাৎ শ্ৰীকৃষ্ণ।
৫৭। সৰোৰুহ শব্দৰ অৰ্থ কি?
উত্তৰঃ সৰোৰুহ শব্দৰ অৰ্থ হৈছে- পদুম ফুল।
Post ID: DABP005888
0 Comments