বনকুঁৱৰী

অধ্যায় ৪

চমু প্ৰশ্নউত্তৰঃ

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত আৰু কিমান চনত হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত ১৮৬৭ চনত।


২। চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা।


৩। যক্ষিণী ছোৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?

উত্তৰঃ যক্ষিণী ছোৱালী দুজনীয়ে বনফুলৰ সাজ পিন্ধি আছিল।


৪। আঁহতৰ তলত কোনে নাচিছিল?

উত্তৰঃ আঁহতৰ তলত যক্ষিণী ছোৱালীয়ে নাচিছিল।


৫। যক্ষিণী কন্যালৈ কোনে ৰ' লাগি চাই থাকে?

উত্তৰঃ যক্ষিণী কন্যালৈ হৰিণা পোৱালীয়ে ৰ' লাগি চাই থাকে।


৬। 'জোনাকী'  আলোচনী কেতিয়াৰ পৰা প্ৰকাশ পায়?

উত্তৰঃ ১৮৮৯ চনৰ পৰা 'জোনাকী' আলোচনীখন প্ৰকাশ পায়।


৭। বনকুঁৱৰীৰ শিৰত কি জিলিকী আছিল?

উত্তৰঃ বনকুঁৱৰীৰ শিৰত মৰকত মণি জিলিকী আছিল।


৮। 'জোনাকী' কাকতৰ প্ৰথম সম্পাদক জনৰ নাম কি?

উত্তৰঃ 'জোনাকী' কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা।


৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত কবিতা পুথি দুখনৰ নাম- প্ৰতিমা আৰু বীণবৰাগী।


১০। চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি হিচাপে জনা যায়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ কবি হিচাপে জনা যায়।


১১। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত মৃত্যু হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৯৩৮ চনত ২ মাৰ্চত মৃত্যু হয়।


১২। 'প্ৰতিমা' সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল?

উত্তৰঃ 'প্ৰতিমা' সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল - '' প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।''


১৩। কোনটো কবিতাৰ বাবে অসমীয়া ৰোমাণ্টিক কবিতাৰ শুভ আৰম্ভণি হয়?

উত্তৰঃ 'বনকুঁৱৰী' নামৰ কবিতাটোৰেই অসমীয়া ৰোমাণ্টিক কবিতাৰ শুভ আৰম্ভণি হয়।


১৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে - প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য।


১৫। 'জোনাকী' আলোচনীখন কোনসকলে সম্পাদনা কৰিছিল?

উত্তৰঃ 'জোনাকী' আলোচনীখন সম্পাদনা কৰিছিল- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।


১৬। চন্দ্ৰকুমাৰ আগৰৱালা ৰচনা কৰা বাতৰি কাকত কেইখনৰ নাম কি কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৰচনা কৰা বাতৰি কাকত কেইখন হৈছে- 'অসমীয়া', 'সাদিনীয়া অসমীয়া', 'তিনিদিনীয়া অসমীয়া' বাতৰি কাকত প্ৰকাশ আৰু পৰিচালনা কৰি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সংবাদ জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে।


১৭। নিজম শব্দৰ অৰ্থ কি?

উত্তৰঃ নিজম শব্দৰ অৰ্থ হৈছে- নিস্তব্ধ।


১৮। বিজন শব্দৰ অৰ্থ কি?

উত্তৰঃ বিজন শব্দৰ অৰ্থ হৈছে- জনহীন।


১৯। লতিকা শব্দৰ অৰ্থ কি?

উত্তৰঃ সতিকা শব্দৰ অৰ্থ হৈছে- সৰু লতা।


২০। কলাঘুমটীয়া শব্দৰ অৰ্থ কি?

উত্তৰঃ কলাঘুমটীয়া শব্দৰ অৰ্থ হৈছে- চিলমিলকৈ অহা টোপনিৰ অৱস্থা।


২১। যক্ষিণী শব্দৰ অৰ্থ কি?

উত্তৰঃ যক্ষিণী শব্দৰ অৰ্থ হৈছে- এক শ্ৰেণীৰ প্ৰেত।


২২। দেৱযোনি শব্দৰ অৰ্থ কি?

উত্তৰঃ দেৱযোনি শব্দৰ অৰ্থ হৈছে- উপদেৱতা; ভূত-প্ৰেত আদি।


২৩। শ্যামল শব্দৰ অৰ্থ কি?

উত্তৰঃ শ্যামল শব্দৰ অৰ্থ হৈছে- সেউজীয়া।


২৪। জলৰ দেৱী নীয়ৰী শব্দৰ অৰ্থ কি?

উত্তৰঃ জলৰ দেৱী নীয়ৰী শব্দৰ অৰ্থ হৈছে- কবিয়ে নিয়ৰ (নীয়ৰ)ক জলৰ দেৱী বুলি কল্পনা কৰিছে।


২৫। অমিয়া শব্দৰ অৰ্থ কি?

উত্তৰঃ অমিয়া শব্দৰ অৰ্থ হৈছে- অমৃতৰ দৰে।



Author: Pompi Hazarika








Post ID: DABP005972