প্ৰাগৈতিহাসিক নৃতত্ব

দ্বিতীয় অধ্যায়

১। এজন বিখ্যাত জীৱবিজ্ঞানীৰ নাম লিখা ।

উত্তৰঃ  এজন বিখ্যাত জীৱবিজ্ঞানীৰ নাম হল চাৰ্লচ ডাৰউইন । 


২. প্ৰাইমেটৰ অন্তৰ্গত শ্ৰেষ্ঠ জীৱ বুলি কাক অভিহিত কৰা হৈছে ।

উত্তৰঃ প্ৰাইমেটৰ অন্তৰ্গত শ্ৰেষ্ঠ জীৱ বুলি মানহক অভিহিত কৰা হৈছে । 


৩. সেই সময়ৰ সাংস্কৃতিক স্তৰটোক কি বুলি অভিহিত কৰিছিল ।

উত্তৰঃ সেই সময়ৰ সাংস্কৃতিক স্তৰটোক প্ৰস্তৰ যুগৰ সংস্কৃতি বুলি অভিহিত কৰিছিল । 


৪. ক্ষণস্থায়ী পদাৰ্থৰে তৈয়াৰী সঁজুলিৰ নিদৰ্শন কত পোৱা গৈছে ।

উত্তৰঃ  ক্ষণস্থায়ী পদাৰ্থৰে তৈয়াৰী সঁজুলিৰ নিদৰ্শন ১৯ শ শতিকালৈ প্ৰস্তৰ যুগত ইংলেণ্ডৰ ক্লেকটন -অন-চি আৰু লেহৰিজেন নামে ঠাইত আৰু আফ্ৰিকাৰ ৰডেছিয়াত পোৱা গৈছে ।


৫. প্ৰস্তৰ যুগৰ মানুহে সা-সঁজুলি আৰু হাতিয়াৰ নিৰ্মাণ কৰিবৰ বাবে কি শিল বাচনি কৰি লৈছিল ।

উত্তৰঃ  প্ৰস্তৰ যুগৰ মানুহে সা-সঁজুলি আৰু হাতিয়াৰ নিৰ্মাণ কৰিবৰ বাবে ছিলিকা নামৰ এবিধ শিল বাচনি কৰি লৈছিল । 


৬. আদিম মানৱে ব্যৱহাৰ কৰা আন এবিধ শিলৰ নাম লিখা ।

উত্তৰঃ আদিম মানৱে ব্যৱহাৰ কৰা আন এবিধ শিলৰ নাম হল কোৱাৰ্টজাইট ।


৭. কোৱাৰ্টজাইট শিলৰ প্ৰচলন পৃথিৱীৰ কোন কোন ঠাইত হৈছিল ।

উত্তৰঃ কোৱাৰ্টজাইট শিলৰ প্ৰচলন পীৱ আৰু দক্ষিণ আফ্ৰিকা, ভাৰতবৰ্ষ, দক্ষিণ-পূব এছিয়াত প্ৰচুৰ পৰিমাণে হৈছিল ।


৮. প্ৰাগ-ঐতিহাসিক মানৱগোষ্ঠীবোৰে অঞ্চল বিশেষে পোৱা বিভিন্ন প্ৰকাৰৰ শিলসমূহ কি কি ।

উত্তৰঃ  প্ৰাগ-ঐতিহাসিক মানৱগোষ্ঠীবোৰে অঞ্চল বিশেষে পোৱা বিভিন্ন প্ৰকাৰৰ শিলসমূহ হল 

ক) অবছিডিয়ান 

খ) চাৰ্ট 

গ) বেছল্ট ।

ঘ) ড'লেৰাইট ।

ঙ) কোৱাৰ্টজাইট ।

চ) চেলছিডনি 


৯. মেঘালয়ৰ গাৰো-পাহাৰ জিলাত আবিস্কৃত হোৱা প্ৰত্নপ্ৰস্তৰ যুগৰ সজুলিবোৰ কি শিলেৰে তৈয়াৰ কৰিছিল ।

উত্তৰঃ  মেঘালয়ৰ গাৰো-পাহাৰ জিলাত আবিস্কৃত হোৱা প্ৰত্নপ্ৰস্তৰ যুগৰ সজুলিবোৰ ডোলাৰাইট শিলেৰে তৈয়াৰ কৰিছিল ।


১০. তাম ধাতু কাক বোলে  ।

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ আদিম সম্প্ৰদায়সকলে অজানিতে আকৰিক অৱস্থাত পোৱা কঠিন শিলসদৃশ পদাৰ্থ কিছুমান জুইত গলাই শিলৰ হাতুৰীৰে কোবাই কোবাই প্ৰস্তুত কৰিছিল । এই ধাতুবিধকে তামধাতু বুলি কোৱা হয় । 


১১. আদিম মানৱে প্ৰথম সজুলি হিচাপে কি ধাতু ব্যৱহাৰ কৰিছিল ।

উত্তৰঃআদিম মানৱে প্ৰথম সঁজুলি হিচাপে তামৰ ধাতু ব্যৱহাৰ কৰিছিল ।


১২. প্ৰথম তামৰ ধাতু ব্যৱহাৰ হোৱা বুলি কেতিয়া প্ৰমাণ পোৱা গৈছে ।

উত্তৰঃ  প্ৰথম তামৰ ধাতু ব্যৱহাৰ হোৱা বুলি মধ্য প্ৰাচ্যত প্ৰমাণ পোৱা গৈছে ।


১৩. তামৰ ধাতু ব্যৱহাৰ হোৱা যুগটোক কি বুলি কোৱা হয় ।

উত্তৰঃ  তামৰ ধাতু ব্যৱহাৰ হোৱা যুগটোক তাম্ৰযুগ বুলি কোৱা হয় । 


১৪. তাম ধাতুৰ প্ৰচলন কিমান খ্ৰীঃত আৰু কত হৈছিল ।

উত্তৰঃ তাম ধাতুৰ প্ৰচলন ৫০০০ খ্ৰীঃপূঃত তুৰস্ক আৰু পাৰস্যত হৈছিল । 


১৫. মানৱ ইতিহাসত কিমান বছৰৰ আগতে ব্ৰঞ্জৰ ধাতুৰ প্ৰচলন আছিল ।

উত্তৰঃ  মানৱ ইতিহাসত ২০০০ বছৰৰ আগতে ব্ৰঞ্জৰ ধাতুৰ প্ৰচলন আছিল । 


১৬. ব্ৰঞ্জযুগ কাক বোলে ।

উত্তৰঃ মানৱ ইতিহাসৰ প্ৰায় ২০০০ বছৰৰো অধিক সময় সঁজুলি নিৰ্মাণত ব্ৰঞ্জ ধাতু প্ৰচলিত আছিল । সেইকাৰণে এই যুগটোক ব্ৰঞ্জযুগ বুলি কোৱা হয় । 


১৭.প্ৰথম কত লিপিৰ প্ৰচলন আৰম্ভ হৈছিল ।

উত্তৰঃ  পশ্চিম এছিয়াত প্ৰথমে লিপিৰ প্ৰচলন আৰম্ভ হৈছিল । 


১৮. প্ৰথম লিপিৰ প্ৰচলন আৰম্ভ হোৱা কিছুমান অঞ্চলৰ নাম লিখা  ।

উত্তৰঃ  প্ৰথম লিপিৰ প্ৰচলন আৰম্ভ হোৱা কিছুমান অঞ্চলৰ নাম হল  মেছোপটেমীয়া, ইজিপ্ত আৰু ভাৰতবৰ্ষৰ কিছুমান নগৰীয়া সভ্যতা । 


১৯. সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা বুলি কাক কোৱা হয় ।

উত্তৰঃ  ভাৰতবৰ্ষৰ পঞ্জাৱৰ সিন্ধু নদীৰ উপত্যকাত সৃষ্টি হোৱা সভ্যতাক সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা বুলি কোৱা হয় ।


২০. লোৰ ব্যৱহাৰ কিমান খ্ৰীষ্টাব্দৰ আগতে হৈছিল ।

উত্তৰঃ ১০০০ খ্ৰীঃপূঃৰ আগতে মানৱ সমাজত লোৰ ব্যৱহাৰ কৰা হৈছিল । 


২১. লৌহযুগ কাক বোলে ।

উত্তৰঃ  লোৰ ব্যৱহাৰ মানৱ সমাজত আৰম্ভ হয় খ্ৰীঃপূঃ প্ৰায় ১০০০ বছৰৰ আগত । এই যুগটোকে লৌহযুগ বুলি কোৱা হয় । 


২২.  প্ৰাথমিক চলি কাক বোলে ।

উত্তৰঃ  শিল চলিয়ন পদ্ধতিৰে শিলাখণ্ড বা শিলগুটিৰ গাত লম্বভাৱে আঘাত নকৰি শিলৰ, কাঠৰ নাইবা হাড়ৰ দীঘলীয়া আকৃতিৰ হাতুৰীৰে দাঁতি অংশত হেলনীয়াকৈ আঘাত কৰি নিৰ্দিষ্ট আকৃতিৰ চকলা নিৰ্গত কৰা হয় । এনেকৈ এৰাই অহা চকলাটোকে প্ৰাথমিক চলি বুলি কোৱা হয় ।


২৩. আঘাতস্ফীতি কাক বোলে ।

উত্তৰঃ হাতুৰীৰ কৌশল প্ৰয়োগ কৰি যেতিয়া এচতা শিলৰ গাৰ পৰা কৃত্ৰিম চলি নিৰ্গত কৰা হয়, তেনেকুৱা চলিবোৰৰ তলপিঠিখন মসৃণ আৰু মিহি হয় । এনেকোৱা চলিৰ পশ্চিম মূৰৰফালে যি ঠাইত হাতুৰীৰে আঘাত কৰে তাত এটা উঠঙা টেমুনাসদৃশ অংশৰ সৃষ্টি হয় । এই টেমুনাসদৃশ অঞ্চলটোক আঘাতস্ফীতি বোলা হয় । 


২৪. আঘাতস্ফীতি শূন্যাঞ্চল কাক বোলে ।

উত্তৰঃ  যিটো মূল শিলাখণ্ডৰ পৰা চলি নিৰ্গত কৰা হয় তাৰ গাত আঘাতস্ফীতি উদ্ধাৰ হোৱা অঞ্চলত দকৈ তললৈ বহি যোৱা অংশ এটাৰ সৃষ্টি হয় । এই অঞ্চলটোক আঘাতস্ফীতি শূন্যাঞ্চল বুলি কোৱা হয় । 


২৫. চপাৰজাতীয় সজুলি কাক বোলে ।

উত্তৰঃ  প্ৰাক-ঐতিহাসিক যুগৰ সঁজুলিবোৰৰ ভিতৰত , আদি প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক কালত ব্যৱহাৰ কৰা কিছুমান আদিম সজুলি মানুহে তৈয়াৰ কৰা বুলি কবলৈ কঠিন হয় । কিয়নো এনেবোৰ হাতিয়াৰ প্ৰথমে আদিমগোষ্ঠীয়ে সীমিত বুদ্ধি খটুৱাই এটা শিলগুটি বা এচটা শিলৰ এটা মূৰৰ পৰা দুটা বা তাতোতকৈ বেছি চকলা নিৰ্মাণ কৰি সজুলি হিচাপে নিজৰ জীৱনৰ বাবে ব্যৱহাৰ কৰিছিল । এনেকোৱা সজুলিবোৰৰ বাকী অংশত পূৰ্বৰ শৈলচৰ্ম বা আন্তৰণ থাকি যায় । এনে সজুলিক চপাৰজাতীয় সজুলি বুলি কোৱা হয় ।


২৬. শিলৰ হাতুৰী বুলি কাক কোৱা হয় ।

উত্তৰঃ  শিলৰ সজুলি এটা তৈয়াৰ কৰিবলৈ হলে প্ৰথমে মূল শিলাখণ্ড বা শিলগুটি এটা সজুলিটোৰ আকাৰ অনুযায়ী নিৰ্বাচিত কৰিব লাগে । নিৰ্বাসন কৰিলোৱা শিলাখণ্ডৰ গাৰ পৰা আঘাত কৰি চলি নিৰ্গত কৰিবলৈ এডোখৰ দীঘল আকৃতিৰ শিলৰ প্ৰয়োজন হয় তাকে শিলৰ হাতুৰী বুলি কোৱা হয় । 


২৭. প্ৰাৰম্ভিক চলিয়ন কৌশল কাক বোলে ।

উত্তৰঃ সঁজুলি প্ৰস্তুত কৰিবলৈ লোৱা ব্যক্তিজনে মূল শিলাখণ্ডটো বাওঁহাতত লৈ সো-হাতেৰে  শিলৰ হাতুৰীটো লৈ মূল শিলাখণ্ডৰ দাঁতি অংশত হেলনীয়াকৈ জোৰকৈ প্ৰহাৰ কৰিলে শিলাখণ্ডৰ পৰা কিছুমান ডাঙৰ ডা ঙৰ চলি বিচ্ছিন্ন হৈ আহে । এনেকৈ প্ৰহাৰ কৰি চলি নিৰ্গত কৰা পদ্ধতিক প্ৰাৰম্ভিক চলিয়ন কৌশল বুলি কোৱা হয় ।


২৮. হেলনীয়া চলিয়ন কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ হেলনীয়াভাৱে প্ৰহাৰ কৰাৰ ফলত চলি নিৰ্গত কৰা বাবে ইয়াক হেলনীয়া চলিয়ন কৌশল বুলি কোৱা হয় । 


২৯. গভ ীৰ চলিয়ন কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ  কেতিয়াবা ডাঠ পিঠীয়া চলি নিৰ্গত কৰিবলৈ হাতুৰীটো হেলনীয়াৰ পৰিৱৰ্তে মূল শিলাখণ্ডৰ গাত লম্বভাৱে থিয়কৈ স্থাপন কৰি আঘাত কৰা হয় । ইয়াৰ ফলত নিৰ্গত হোৱা চলিবোৰ ডাঠ হয় আৰু শিলাখণ্ডটোৰ গাত পৰা ওলোৱা চলিয়ন চিহ্নবোৰ গভীৰ হোৱা দেখা যায় । এই কৌশলটোকে গভীৰ চলিয়ন কৌশল বুলি কোৱা হয় । 


৩০. চীনদেশত আৱিস্কৃত হোৱা মানৱ গোষ্ঠীটোৰ নাম কি ।

উত্তৰঃ  চীনদেশত আৱিস্কৃত হোৱা মানৱ গোষ্ঠীটোৰ নাম হল পিকিং মানৱগোষ্ঠী।


৩১. দ্বিমেৰু কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ  সজুলি তৈয়াৰ কৰিবলৈ লোৱা মূল শিলাখণ্ডটো হাতত লোৱাৰ পৰিৱৰ্তে এটা চেপেটা শিলত এটা মূৰ স্থাপন কৰি আনটো মূৰৰ হেলনীয়া অংশত হাতুৰীৰে প্ৰহাৰ কৰাৰো নিদৰ্শন নথকা নহয় । এই পদ্ধতিৰে মূল শিলাখণ্ডত আঘাত কৰিলে যিবোৰ চলি নিৰ্গত হয় সেইবোৰ চলিৰ তলপিঠিৰ দুয়োমূৰে এটা আঘাতস্ফীতিৰ সৃষ্টি হয় । সেইকাৰণে ইয়াক দ্বিমেৰু কৌশল বুলি কোৱা হয় । 


৩২. নিয়াৰি পদ্ধতি বুলিলে কি বুজা ।

উত্তৰঃ  সজুলি তৈয়াৰ কৰিবলৈ বাচনি কৰি লোৱা মূল শিলাখণ্ডটো হাতেৰে ধৰাৰ পৰিৱৰ্তে মাটিত স্থাপন কৰা আন এটা চেপেটা বহল শিলত দুইহাতেৰে মূল শিলাখণ্ডটোলৈ জোৰেৰে আঘাত কৰা হয় । এনেকৈ নিৰ্গত কৰা চলিবোৰ আকাৰত ডাঙৰ আৰু চলিয়ন কোনটো বহল হোৱা দেখা যায় । এইদৰে চলি নিৰ্গত কৰা পদ্ধতিটোকে নিয়াৰি পদ্ধতি বুলি জনা যায় । 


৩৩. সজুলিসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি । 

উত্তৰঃ সঁজুলিসমূহক দুটা ভাগ কৰা হৈছে যেনে 

ক) স্তল সঁজুলি ।

খ) চলি সঁজুলি ।


৩৪. স্থল সঁজুলি বুলি কাক কোৱা হয় ।

উত্তৰঃ যিবোৰ সঁজুলি মূল শিলাখণ্ডৰ পৰা প্ৰস্তুত কৰা হয় সেইবাবে এই শ্ৰেণী সঁজুলিক স্থল সঁজুলি বুলি কোৱা হয় ।


৩৫. চলি সঁজুলি কাক বোলে ।

উত্তৰঃ কিছুমান সঁজুলি আকাৰত সৰু আৰু চলিৰ পৰা প্ৰস্তুত কৰা হয় তাকে বা তেনে প্ৰকাৰৰ সঁজুলিক চলি সঁজুলি বুলি কোৱা হয় । 


৩৬. স্থল সঁজুলিক কি কি কামত ব্যৱহাৰ কৰিছিল লিখা ।

উত্তৰঃ  ক) স্থল সঁজুলিৰ জোঙা মুৰটোক কাৰ্য্যক্ষম বিভিন্ন কামত ব্যৱহাৰ কৰে ।

খ) স্থল সঁজুলিৰ ভোটা মূৰটো হাতেৰে ধৰি হয়তো সঁজুলিবিধ কৃষি-কাৰ্যত ব্যৱহাৰ কৰিছিল ।


৩৭. স্থল সঁজুলিৰ এটা  উদাহৰণ দিয়া ।

উত্তৰঃ স্থল সঁজুলিৰ এটা উদাহৰণ হল হস্তকুঠাৰ । 


৩৮শিল চলিয়ন পদ্ধতি বুলি কাক কোৱা হয় ।

উত্তৰঃ  এটা শিলখণ্ড বা শিলগুটিৰ সঁজুলিলৈ ৰূপান্তৰিত কৰা হয়, যেতিয়া শিলগুটিটোৰ গাত পৰিকল্পিতভাৱে আন এটা শিলাখণ্ডৰে হেলনীয়াভাৱে আঘাত কৰি চলি নিৰ্গত কৰা হয় তেতিয়া তাক শিল চলিয়ন পদ্ধতি বুলি কোৱা হয় । 


৩৯. প্ৰাথমিক চলি বা প্ৰাৰম্ভিক চলি বুলি কাক কোৱা হয় ।

উত্তৰঃ  আঘাত কৰাৰ ফলত কিছুমান ডাঙৰ ডাঙৰ চলি মূল শিলাখণ্ডৰ গাৰ পৰা বিচ্ছিন্ন হোৱা দেখা যায় । এনেদৰে বিচ্ছিন্ন হোৱা চলিবোৰক প্ৰাথমিক চলি বা প্ৰাৰম্ভিক চলি বুলি কোৱা হয় 


৪০. শিল হাতুৰী কৌশলৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ প্ৰাক-ঐতিহাসিক যুগত আদিম মানৱগোষ্ঠী সমূহে শিলৰ সঁজুলি তৈয়াৰ কৰিবৰ বাবে প্ৰথমে শিলাখণ্ড এডোখৰ বা শিলগুটি এটা নিৰ্বাসন কৰিছিল । নিৰ্বাচিত শিলাখণ্ডটোৰ গাৰ পৰা চলি বিচ্ছিন্ন কৰিবলৈ আন পদক্ষেপ হল শিলৰ হাতুৰী এটা নিৰ্বাচৱ কৰা । শিলৰ হাতুৰীৰ বাবে দীঘল আকৃতিৰ এটা শিল বাচি লোৱা হয় । এই শিলৰ হাতুৰীটোৰ সহায়ত শিলাখণ্ডটোৰ এটা মূৰত হেলনীয়াভাৱে প্ৰহাৰ কৰি ডাঙৰ-ডাঙৰ চলি বিচ্ছিন্ন কৰিব পাৰি । এই শিল হাতুৰী কৌশল নিম্ন প্ৰত্নপ্ৰস্তৰ যুগত বহুলভাৱে প্ৰচলিত হৈছিল । সাধাৰণতে এই স্থল সঁজুলিবোৰ তৈয়াৰ কৰিবলৈ শিল হাতুৰী কৌশল প্ৰয়োগ কৰিছিল ।


৪১. প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱ গোষ্ঠীবোৰে কি সঁজুলি ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱ গোষ্ঠীবোৰে এচুলিয়ান সসংস্কৃতি ব্যৱহাৰ কৰিছিল ।


৪২. প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱগোষ্ঠীয়ে হাতুৰী কৌশল প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ শিলৰ নাম লিখা ।

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱগোষ্ঠীয়ে হাতুৰী কৌশল প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ শিলৰ নাম হল 

ক) ফ্লিন্ট ।

খ) অবছিডিয়ান । 


৪৩. প্ৰাথমিক চলিয়ন পদ্ধতি বুলি কাক কোৱা হয় ।

উত্তৰঃ  যেতিয়া শিল হাতুৰী কৌশল প্ৰয়োগ কৰি শৈল মূৰটোৰ গাৰ পৰা  কিছুমান প্ৰাৰম্ভিক চলি নিৰ্গত কৰি থুলমূলভাৱে এটি সঁজুলিৰ আকাৰ দিয়া হয় । প্ৰথমে নিৰ্গত হোৱা চলিবোৰক প্ৰাথমিক চলি আৰু প্ৰাথমিক চলি নিৰ্গত হোৱাৰ পিছত শিলাখণ্ডত যি চিহ্নৰ সৃষ্টি হয় তাকে প্ৰাথমিক চলিয়ন চিহ্ন বুলি কোৱা হয় । এই পদ্ধতিটোকে প্ৰাথমিক চলিয়ণ পদ্ধতি বুলি কোৱা হয় ।


৪৪. নিয়ন্ত্ৰিত চলিয়ন কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ  চলিয়ন চিহ্নবোৰ সাধাৰণতে শিলৰ সঁজুলিবোৰৰ দাঁতি অংশত প্ৰাথমিক চলিয়ণ চিহ্নবোৰৰ দাঁতি অংশত দেখা যায় । এনেদৰে প্ৰস্তুত কৰা পদ্ধতিক নিয়ন্ত্ৰিত চলিয়ন কৌশল বুলি কোৱা হয় ।


৪৫. ক্লেকট'নিয়ান শব্দটো কৰ পৰা উদ্ভৱ হৈছে ।

উত্তৰঃ  ক্লেকট'নিয়ান শব্দটো উদ্ভৱ হৈছে ইংলেণ্ডৰ ক্লেকটন-অন-ছি নামৰ এডোখৰ ঠাইৰ  পৰা ।


৪৬. এই ঠাইডোখৰ প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ।

উত্তৰঃ  এই ঠাইডোখৰ পৰা প্ৰথমে প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱগোষ্ঠীবোৰে তৈয়াৰ কৰা চলি সঁজুলি উদ্যোগটো উদ্ভাৱন কৰিছিল ।


৪৭. ক্লেকট'নিয়ান কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ  ক্লেকটনিয়ান ঠাইডোখৰ নাম অনুসৰি আৱিস্কৃত চলি-সঁজুলি উদ্যোগটোৰ কাৰিকৰী পদ্ধতিটোক ক্লেকট'নিয়ান কৌশল বুলি কোৱা হয় ।


৪৮. লেভালোৱা শব্দৰ উদ্ভৱ কৰ পৰা হৈছে ।

উত্তৰঃ  লেভালোৱা শব্দৰ উদভৱ হৈছে ফৰাচী দেশৰ লেভালোৱা নামৰ এখন ঠাইৰ পৰা ।


৪৯. লেভালেইছিয়ান কৌশল বুলি কাক কোৱা হয় ।

উত্তৰঃ  লেভালোৱা ঠাইখনৰ নামাকৰণেৰে এই চলি উদ্যোগটোৰ কাৰিকৰী পদ্ধতিটোক লেভাইলেইছিয়ান কৌশল বুলি কোৱা হয় ।


৫০. তৰংগায়িত মূল বুলি কাক কোৱা হয় ।

উত্তৰঃ দীঘলীয়া শিল বা কাঠৰ দণ্ড স্থাপন কৰি তাৰ ওপৰত আন শিলৰ হাতুৰীৰে আঘাত কৰি শৈল মূল দাঁতি অংশৰ পৰা ধেনুভেৰীয়া শৈল আস্তৰণবোৰ বিচ্ছিন্ন কৰি মূলটোক ধুনীয়াকৈ সমান্তৰালভাৱে সজাই লোৱা হয় । এনেকৈ সজাই লোৱা মূলটোক তৰংগায়িত মূল বুলি কোৱা হয় ।


৫১.  চাপ চলিয়ন কৌশল কি ।

উত্তৰঃ  চাপ চলিয়ন কৌশল হৈছে এটা উন্নত স্তৰৰ পদ্ধতি 


৫২. চাপ চলিয়ন কৌশল প্ৰয়োগ কৰা সজুলিবিধৰ নাম কি ।

উত্তৰঃ  চাপ চলিয়ন কৌশল প্ৰয়োগ কৰা সজুলিবিধৰ নাম হল লামি একেলি ।


৫৩. ক্ষয়ন বা কৌশলৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ক্ষয়ন বা কৌশল পদ্ধতিটো প্ৰত্ন-প্ৰস্তৰ যুগত চলিয়ন কৌশল প্ৰয়োগ কৰি তৈয়াৰ কৰা সজুলি বিলাকৰ নিচিনা নহয় । এই পদ্ধতিৰে তৈয়াৰ কৰা সজুলিবিলাকৰ গাত কোনো ধৰণৰ চলিয়ন চিহ্ন দেখা নাযায় । এনে সজুলিবোৰ দেখাত বৰ ধুনীয়া, মিহি আৰু দাঁতি অংশ দুয়োটা পিঠিৰ পৰা ভিৰ খোৱা আৰু প্ৰচুৰ ধাৰ যুক্ত । এনে প্ৰক্ৰিয়াৰে তৈয়াৰী সঁজুলিৰ দ্বাৰা নৱপ্ৰস্তৰ যুগত মানৱ সমাজত কৃষ্টি সংস্কৃতিৰ পুনৰ বিকাশ হৈছিল । এই যুগত উন্নত মানৰ এই কৌশল আৱিস্কাৰে বিভিন্ন প্ৰকাৰৰ ধাতুৰে নিৰ্মিত সদৃশ আহিলা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল । এই কৌশলেৰে তৈয়াৰ কৰা সঁজুলিসমূহক চলিয়ণ কৌশলেৰে প্ৰস্তুত কৰা সজুলিবোৰৰ পৰা অতি সহজে পৃথক কৰিব পাৰি । প্ৰত্নপ্ৰস্তৰ যুগৰ চলিয়ণ চিহ্নযুক্ত সঁজুলিবোৰ খহটা আৰু ওখৰা-মোখৰা  আৰু পাৰ্শ্বীয় ৰেখাবোৰ একা-বেকা । আনহাতে ঘৰ্ষণ পদ্ধতিৰে প্ৰস্তুত কৰা সজুলিসমূহ মিহি আৰু কাৰ্যক্ষম মুখখন বহল আৰু দুয়োফালৰ পৰা ভিৰ খোৱা অতি চোকা বা ধাৰযুক্ত আৰু সজুলিসমূহ দেখাত প্ৰায় তিনিকোণীয়া । 


৫৪. ঘৰ্ষণ বা মসৃণ শিলা বুলি কাক কোৱা হয় ।

উত্তৰঃ  ঘঁহনিৰ ফলত মাটিত স্থাপন কৰা শিলাখণ্ডটোৰ ওপৰত কিছুমান ক্ষয়ণ ক্ৰিয়াৰ ফলত খাঁজৰ সৃষ্টি হয় । যি ডোখৰ শিলাখণ্ডত ঘৰ্ষণ কৰা হয় সেই শিলাখণ্ডক ঘৰ্ষণ বা মসৃণ শিলা বুলি কোৱা হয় ।


৫৫. নৱপ্ৰস্তৰ মানৱগোষ্ঠীয়ে কাৰিকৰী পদ্ধতি প্ৰয়োগ কৰা দুবিধ কঠিন শিলৰ নাম লিখা ।

উত্তৰঃ  নৱপ্ৰস্তৰ মানৱগোষ্ঠীয়ে কাৰিকৰী পদ্ধতি প্ৰয়োগ কৰা দুবিধ কঠিন শিলৰ নাম হল 

ক) নেফ্ৰাইট ।

খ) জেডাইট ।


৫৬. ছেদন কৌশলৰ প্ৰচলন কোনটো যুগত হৈছিল ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগত ছেদন কৌশলৰ প্ৰচলন হৈছিল । 


৫৭. প্ৰস্তৰ যুগৰ সঁজুলি শ্ৰেণীসমূহৰ নামবোৰৰ তালিকাখন কি ।

উত্তৰঃ ক) শিলগুটিৰ অস্ত্ৰ আৰু চপাৰ চপিং টুল ।

খ) হস্তকুঠাৰ । 

গ) ক্লিভাৰ বা বহল মুখৰ কুঠাৰ ।

ঘ) জোঙাল অস্ত্ৰ ।

ঙ) ৰোকনী বা শিলৰ ফলক ।

চ) শিলৰ বিন্ধনা বা ভোঁহৰ । 


৫৮. পিৰাগ-ঐতিহাসিক যুগৰ মানুহে হাতিয়াৰ নিৰ্মাণ কৰিবলৈ কি কি হাতিয়াৰ তৈয়াৰ কৰিছিল ।

উত্তৰঃ প্ৰাগ-ঐতিহাসিক যুগৰ মানুহে হাতিয়াৰ নিৰ্মাণ কৰিবলৈ জন্তুৰ হাড়, জন্তুৰ শিং আৰু হাতীৰ দাত ব্যৱহাৰ কৰিছিল ।

৫৯. পাচবিধ জন্তুৰ আহিলাৰ নাম লিখা ।

উত্তৰঃ  পাচবিধ জন্তুৰ আহিলাৰ নাম হল 

ক) হাড়ৰ যাঠি ।

খ) হাড়ৰ বেজি ।

গ) বল্লম নিক্ষেপক ।

ঘ) ৰাজদণ্ড ।

ঙ) কাড় পোনোৱা হাঁতিয়াৰ ।


৬০. চপিংটুল সঁজুলি কোনে ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱগোষ্ঠীবোৰে জীৱন-ধাৰণৰ বাবে চপিংটুল সঁজুলি ব্যৱহাৰ কৰিছিল ।


৬১. চপাৰজাতীয় সঁজুলি দেখিবলৈ কেনেকুৱা ।

উত্তৰঃ চপাৰজাতীয় সঁজুলিব্ধ সাধাৰণতে দেখাত এচপৰা ডাঙৰ শিলাখণ্ডযেন হয় ।


৬২. চপিংটুল সঁজুলি দেখিবলৈ কেনেকুৱা আছিল । 

উত্তৰঃ  চপিংটুল নামৰ সঁজুলিবিধ আকাৰত ডাঙৰ আৰু দীৰ্ঘাকৃতিৰ ।


৬৩. চপিংটুল সঁজুলি কিয় ব্যৱহাৰ কৰা হৈছিল ।

উত্তৰঃ চপিংটুল সঁজুলি কটা-চিঙা, জন্তুৰ হাড়ৰ পৰা মজ্জা বাহিৰ কৰিবলৈ আৰু জন্তু বধ কৰিবলৈ এইবিধ সঁজুলি ব্যৱহাৰ কৰা হৈছিল । 


৬৪. হস্তকুঠাৰক কি কুঠাৰ বুলি কোৱা হয় ।

উত্তৰঃ হস্তকুঠাৰক পেবুল বাটেড বুলি কোৱা হয় ।


৬৫. হস্তকুঠাৰক ইউৰোপ আৰু আমেৰিকাত কি বুলি কোৱা হয় ।

উত্তৰঃ হস্তকুঠাৰক ইউৰোপ আৰু আমেৰিকাত ক্ৰমে এবিভিলিয়ান আৰু আফ্ৰিকাত চেলিয়ান বুলি কোৱা হয় ।


৬৬. হস্তকুঠাৰৰ বিষয়ে লিখা ।

উত্তৰঃ  শিলগুটিৰ পৰা চপাৰ চপিং, সঁজুলিবিলাক তৈয়াৰ কৰোতে কেৱল এটা ফালৰ পৰাহে চলি নিৰ্গত কৰা হৈছিল । সময়ৰ গতিৰ লগে-লগে নিম্ন প্ৰত্নপ্ৰস্তৰ যুগত প্ৰথমে তৈয়াৰ কৰা হস্তকুঠাৰবোৰত মূল বা প্ৰধান শিলগুটিটোৰ এটা মূৰৰ পৰা চলি নিৰ্গত কৰাৰ পৰিৱৰ্তে দুয়ো পিঠিৰ পৰা চলিয়ন কৌশল প্ৰয়োগ কৰি চলি বিচ্ছিন্ন কৰা হৈছিল আৰু মোটামোটিভাৱে এটা সঁজুলিৰ আৰ্হিত গড় দিয়া হৈছিল । এনেকোৱা সঁজুলিৰ বাকী অংশত মাজে মাজে আগৰ শিলগুটিৰ স্বাভাৱিক অংশ থাকি গৈছিল । এইবিধ সঁজুলি গধুৰ, ডাঙৰ আৰু ব্যৱসায়ীক মুখখন জোঙাল । পিছমুৰটো ভোটা আৰু ঘুৰণীয়া ।

এই অংশটো হাতেৰে ধৰিবলৈ ব্যৱহাৰ কৰিছিল । চলিয়ন কৌশলবোৰ বৰ খহটা আৰু ৰুঢ় আছিল । এইবিধ হস্তকুঠাৰক পেবুট বাটেড বুলি কোৱা হয় । এইবিধ সঁজুলিক ইউৰোপত এবিভিলিয়ান আৰু আফ্ৰিকাত চেলিয়ান নামেৰে জনাজাত । এই প্ৰকাৰ হস্তকুঠাৰেই আছিল প্ৰকৃত হস্তকুঠাৰ উদ্যোগৰ আদিম অৱস্থা । সময়ৰ গতিৰ লগে লগে এই এবিভিলিয়ান শ্ৰেণীৰ হস্তকুঠাৰবিলাক উন্নত চলিয়ান কৌশল প্ৰয়োগ কৰি হাতিয়াৰবোৰৰ সকলো অংশৰ পৰা পৰিকল্পিতভাৱে চলি বিচ্ছিন্ন কৰি মনে বিচৰামতে ধুনীয়া আকৃতি হস্তকুঠাৰ তৈয়াৰ কৰিছিল । 


৬৭. হস্তকুঠাৰ কি সঁজুলিৰ ভিতৰত পৰে ।

উত্তৰঃ হস্তকুিঠাৰ স্থল সঁজুলিৰ ভিতৰত পৰে ।


৬৮. হস্তকুঠাৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ  হস্তকুঠাৰবোৰক পাচটা ভাগত ভাগ কৰা হৈছে সেইভাগকেইটা হল 

ক) নাচপতি আকৃতিৰ হস্তকুঠাৰ ।

খ) বাদাম আকৃতিৰ হস্তকুঠাৰ ।

গ)  হৃদপিণ্ডাকৃতিৰ হস্তকুঠাৰ ।

ঘ) ডিম্বাকৃতিৰ হস্তকুঠাৰ ।

ঙ) মিক'কিয়ান হস্তকুঠাৰ ।


৬৯. নাচপতি আকৃতিৰ হস্তকুঠাৰৰ বিষয়ে লিখা ।

উত্তৰঃ নাচপতি আকৃতিৰ হস্তকুঠাৰ দেখাত নাচপতি ফলটোৰ নিচিনা হোৱাৰ কাৰণে নাচপতি ফলৰ নামেৰে নামাকৰণ কৰা হৈছে । সণজুলিবিধৰ ব্যৱহাৰীক মুখখন ধাৰযুক্ত পাতল আৰু অলপমান ঘুৰণীয়া ধৰণৰ । তুলনামূলকভাৱে এই মূৰটো পিছ মূৰৰ তুলনাত ক্ৰমে জোঙাল আকৃতিৰ । পিছমূৰটো ভোটা আৰু শকত । এই পশ্চিম ফালটো ধৰিবৰ বাবে ব্যৱহাৰ কৰিছিল বুলি ধাৰণা কৰা হয় । 


৭০. বাদাম আকৃতিৰ হস্তকুঠাৰ দেখিবলৈ কেনেকুৱা ।

উত্তৰঃ  এইবিধ হস্তকুঠাৰ দেখাত বাদামৰ নিচিনা দীঘলীয়া, পাতল আৰু কাৰ্যক্ষম মুখখন জোঙাল ।


৭১. হৃদপিণ্ডাকাৰ হস্তকুঠাৰ বুলি কাক কোৱা হয় ।

উত্তৰঃ  এইবিধ হস্তকুঠাৰ হৃদপিণ্ডটোৰ আকৃতিৰ হোৱাৰ বাবে ইয়াৰ নাম হৃদপিণ্ডকাৰ হস্তকুঠাৰ ৰখা হৈছে । সেইকাৰণে ইয়াক হৃদপিণ্ডকাৰ হস্তকুঠাৰ বুলি কোৱা হয় ।


৭২. ডিম্বাকৃতিৰ হস্তকুঠাৰৰ বিষয়ে লিখা ।

উত্তৰঃ  এই সঁজুলিবিধ দেখাত হাঁহকণীৰ আকৃতিৰ নিচিনা হোৱা বাবে ইয়াক ডিম্বাকৃতিৰ হস্তকুঠাৰ আখ্যা দিয়া হৈছে । আগতে উল্লেখ কৰি অহা হস্তকুঠাৰ কেইবিধৰ তুলনাত ডিম্বাকৃতিৰ হস্তকুঠাৰবোৰ অতি উন্নত পৰ্যায়ৰ । কিয়নো অই সঁজুলিবিধ  তৈয়াৰ কৰা বাবে উন্নত চলিয়ন কৌশল প্ৰয়োগ কৰি চলিবোৰ নিৰ্গত কৰা হৈছিল । সঁজুলিবিধ আকাৰত মধ্যমীয়া ডাঙৰ ডাঙৰ চলিৰ পৰা পাতল চলি নিৰ্গত কৰি এনে সঁজুলি তৈয়াৰ কৰিছিল । ফলত সঁজুলিবিধৰ গাত সুচাৰুৰূপে ক্ষুদ্ৰ চলিয়ন চিহ্নবোৰ পৰিলক্ষিত হোৱা দেখা যায় । এই প্ৰকাৰৰ সঁজুলিৰ গাত শিলগুটিৰ স্বাভাৱিক অংশ থকা দেখা নাযায় । এনে আকৃতিৰ সঁজুলিৰ পাৰ্শ্বৰেখা  দুডাল এছ  আখৰটোৰ দৰে একাবেকা হোৱা দেখা যায় । সেইকাৰণে এইবিধ সঁজুলিক এছবক্ৰ বা s twist বুলিও কোৱা হয় ।


৭৩. কোনটো সংস্কৃতিৰ শেষ পৰ্যায়ত মিক'কিয়ান হস্তকুঠাৰ পোৱা গৈছিল ।

উত্তৰঃ  উচ্চ এছুলিঅ' সংস্কৃতিৰ শেষ পৰ্যায়ত মিক'কিয়ান হস্তকুঠাৰ পোৱা গৈছিল । 


৭৪. মিক'কিয়ান হস্তকুঠাৰ কোনটো পদ্ধতিৰ সংমিশ্ৰণত সৃষ্টি হৈছে ।

উত্তৰঃ মিক'কিয়ান হস্তকুঠাৰ উচ্চ এছুলিও' আৰু লেভালোৱা পদ্ধতিৰ সংমিশ্ৰণত সৃষ্টি হৈছে । 


৭৫. মিক'কিয়ান হস্তকুঠাৰ দেখিবলৈ কেনেকুৱা আছিল ।

উত্তৰঃ  মিক'কিয়ান হস্তকুঠাৰ দেখাত ঠেক আৰু দীঘল । অগ্ৰাংশ বেছি ঠেক আৰু অতি জোঙা । 


৭৬. ক্লিভাৰ বা বহল মুখৰ হস্তকুঠাৰক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ।

উত্তৰঃ  ক্লিভাৰ বা বহল মুখৰ হস্তকুঠাৰক তিনিটা ভাগত ভাগ কৰিছে সেইভাগকেইচা হল 

ক) ঋজু ৰৈখিক মুখৰ ক্লিভাৰ ।

খ) উত্তল আৰু অৱতল মুখৰ ক্লিভাৰ ।

গ) তিনিকোণীয়া মুখৰ ক্লিভাৰ 


৭৭. ক্লিভাৰ বা বহল মুখৰ হস্তকুঠাৰ কোনে ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  ক্লিভাৰ বা বহলমুখৰ হস্তকুঠাৰ নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱ গোষ্ঠীবোৰে তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল । জন্তুৰ ছাল গুচাবলৈ, হাবি-জঙ্গল কাটিবলৈ, জন্তুৰ ছাল গুচাবলৈ আৰু চিকাৰ কাৰ্যত ব্যৱহাৰ কৰিবলৈ এইবিধ সঁজুলি প্ৰত্নপ্ৰস্তৰ যুগৰ আদিম মানৱগোষ্ঠীবোৰে ব্যৱহাৰ কৰিছিল ।


৭৮. জোঙাল অস্ত্ৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ  আগতে ুল্লেখ কৰি অহা স্থল সঁজুলিবোৰৰ সাংস্কৃতিক যুগ আছিল আদি বা নিম্ন প্ৰত্নপ্ৰস্তৰ যুগ । কিন্তু জোঙাল অস্ত্ৰবোৰ মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ অন্তৰ্গত । পূৰ্বৰ বা আগৰ হাতিয়াৰবোৰতকৈ এই হাতিয়াৰবোৰ আকৃতিত আৰু কাৰিকৰী পদ্ধতি বেলেগ । এই শ্ৰেণীৰ সঁজুলিবোৰ চলিৰ পৰা তৈয়াৰ কৰা হৈছিল । সেইবাবে মধ্য প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক স্তৰটোক চলি সঁজুলি প্ৰধান যুগ বুলি অভিহিত কৰা হৈছে । মধ্যপ্ৰস্ত প্ৰস্তযুগৰ পৰা ইয়াৰ প্ৰচলন আৰম্ভ হয় । জোঙাল অস্ত্ৰবিধক মুছটেৰিয়ান জোং নামেৰে জনা যায় । ই এটা ত্ৰিভূজ আকৃতিৰ আৰু ইয়াৰ মূৰটো অতি জোঙাল । এইবিধ সঁজুলি তৈয়াৰ কৰোতে শিল হাতুৰী সলনি গোটা হাতুৰী কৌশল যেনে চিকুণ, লাহি, গোটা গছৰ ডালৰ অংশ নাইবা দীঘল জন্তুৰ হাড় হাতুৰী হিচাপে লৈ চলিবোৰৰ অগ্ৰাংশৰ পৰা চিকুণ চলি নিৰ্গত কৰি চলিবিধক জোঙাল হাতিয়াৰলৈ সলনি কৰা হয় । 


৭৯. জোঙাল অস্ত্ৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ জোঙাল অস্ত্ৰক তিনিটা ভাগত ভগাব পাৰি সেইভাগকেইটা হল 

ক) সাধাৰণ জোঙাল অস্ত্ৰ ।

খ) স্কন্ধ বা নাহীযুক্ত জোঙাল অস্ত্ৰ ।


৮০. চলিয়ানৰ ওপৰত ভিত্তি কৰি সঁজুলিবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ চলিয়ানৰ ওপৰত ভিত্তি কৰি সঁজুলিবোৰক দুটা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) এপিঠীয়া জোঙাল অস্ত্ৰ ।

খ) দুপিঠীয়া জোঙাল অস্ত্ৰ ।


৮১. এপিঠীয়া জোঙাল অস্ত্ৰ মানে কি ।

উত্তৰঃ এই প্ৰকাৰৰ জোঙাল অস্ত্ৰ তৈয়াৰ কৰোতে চলিটোৰ ওপৰ পিঠিৰ পৰা চিকুণ চলিয়ান পদ্ধতিৰে সৰু সৰু চলি নিৰ্গত কৰা চিহ্ন পোৱা নাযায় । তলপিঠিখন মূল চলি পৃষ্ঠ হৈয়ে থাকে । জোঙাল মুখখন তৈয়াৰ কৰোতে অগ্ৰাংশৰ পৰা সৰু সৰু চিকুণ চলি নিৰ্গত কৰা হয় ।


৮২. দুপিঠীয়া জোঙাল অস্ত্ৰ মানে কি ।

উত্তৰঃ এইবিধ জোঙাল অস্ত্ৰ তৈয়াৰ কৰোতে চলিটোৰ দুয়োপিঠিৰ পৰা চিকুণ কৌশল পদ্ধতিৰে সৰু সৰু চলি বিচ্ছিন্ন কৰি পাতল আৰু মুখখন জোঙাল কৰি প্ৰস্তুত কৰে । এইবিধ সঁজুলিত কেতিয়াবা মাজে মাজে মাজে চলিটোৰ আগৰ স্বাভাৱিক অংশ থাকি যাব পাৰে । 


৮৩. নাহী বা স্কন্ধটোৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ  নাহী বা স্কন্ধটোৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) একক স্কন্ধযুক্ত জোভাল অস্ত্ৰ ।

খ) দ্বি-স্কন্ধযুক্ত জোঙাল অস্ত্ৰ ।


৮৪.  এটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকাৰক কোন ।

উত্তৰঃ এটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকাৰক হল আদিম মানৱ সম্প্ৰদায় ।


৮৫. এটেৰিয়ান জোং মানে কি ।

উত্তৰঃ এটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকাৰক আদিম মানৱ সম্প্ৰদায়হোৰে কিছুমান দীৰ্ঘাকৃতিৰ চলিৰ ওপৰত চিকুণ কাম কি দাঘলীয়া আকৃতিৰ নাহী প্ৰস্তুত কৰিছিল । এইবিধ জোঙাল সঁজুলি এটেৰিয়ান জোং নামেৰে জনাজাত বা এটেৰিয়ান জোং বুলি কোৱা হয় । 


৮৬. ফ্ৰান্সৰ চলুট্ৰিয়ান ঠাইত আৱিস্কাৰ হোৱা দুই প্ৰকাৰৰ সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  ফ্ৰান্সৰ চলুট্ৰিয়ান ঠাইত আৱিস্কাৰ হোৱা দুই প্ৰকাৰৰ সঁজুলিৰ নাম হল 

ক) ল'ৰেল পত্ৰসদৃশ জোং ।

খ) উইল' পত্ৰসদৃশ জোং ।


৮৭. ল'ৰেল পত্ৰ সদৃশ জোং সম্পৰ্কে লিখা ।

উত্তৰঃ  এনেকোৱা জোঙাল সঁজুলি প্ৰস্তুত কৰোতে দুয়োপিঠিৰ পৰা চাপ বা হেচা প্ৰয়োগ কৰা হয় । তাৰ ফলত সৰু মিহি মাছৰ বাকলি সদৃশ চলি কিছুমান বিচ্ছিন্ন হৈ অতি পাতল সঁজুলিলৈ ৰূপান্তৰ কৰা হয় এই সঁজুলিবিধকেই লৰেল পত্ৰ সদৃশ জোং বুলি কোৱা হয় । সঁজুলিবিধৰ মাজৰ অংশটো দুয়োপিনে বাহিৰলৈ বহল আৰু দুয়োমূৰ ক্ৰমে জোঙাল হয় । এই হাতিয়াৰ বিধক উচ্চপ্ৰত্ন প্ৰস্তৰ যুগৰ উচ্চমান দণ্ডৰ হাতিয়াৰ হিচাপে গণনা কৰা হয় । 


৮৮. উইল' পত্ৰসদৃশ জোংৰ বিষয়ে লিখা ।

উত্তৰঃ এইবিধ জোঙাল সঁজুলিও ল'ৰেল পত্ৰ সদৃশ জোঙাল সঁজুলিবিধৰ নিচিনা চাপ চলিয়ন কৌশল প্ৰয়োগ কৰি তৈয়াৰ কৰিছিল । কিন্তু এইবিধ সঁজুলিৰ ক্ষেত্ত ওপৰৰ পিঠিৰ পৰাহে চলি নিৰ্গত কৰিছিল । তলৰপিঠিৰ পৰা দুই এটা চলিয়ন চিহ্ন থকা দেখা যায় । তলৰপিঠিখন প্ৰায় সমান সমান । আকৃতিত ঠিক উইল' পত্ৰসদৃশ হোৱা হেতুকে ইয়াক উইল'পত্ৰ সদৃশ জোং বুলি অভিহিত কৰিছিল । কিন্তু ইয়াক লৰেল পত্ৰসদৃশ জোঙাল সঁজুলিতকৈ সৰু । 


৮৯. ৰোকনী জাতীয় সঁজুলিৰ প্ৰধান বৈশিষ্ট্য কি ।

উত্তৰঃ  ৰোকনী জাতীয় সঁজুলিৰ প্ৰধান বৈশিষ্ট্য হল চলিয়ন কৌশলেৰে নিৰ্মিত এখন ধাৰযুক্ত কৰ্তন মুখ ।


৯০. এস্কিমোসকলে ছুৰী কটাৰীক কি নামেৰে নামাকৰণ কৰিছিল ।

উত্তৰঃ  এস্কিমোসকলে ছুৰী কটাৰীক উলো নামেৰে নামাকৰণ কৰিছিল । 


৯১. ৰোকনী জাতীয় সঁজুলিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি 

উত্তৰঃ ৰোকনী জাতীয় সঁজুলিক সাতটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) কাষৰীয়া এমুৰীয়া ৰোকনী ।

খ) বৃত্তাকাৰ বা গোলাকাৰ ৰোকনী ।

গ) এমুৰীয়া ৰোকনী ।

ঘ) স্তূল বা মূল ৰোকনী ।

ঙ) নাসিকা সদৃশ ৰোকনী ।

চ) অৱতল ৰোকনী ।

ছ) উত্তল ৰোকনী । 


৯২. এমুখীয়া ৰোকনীক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ এমুখীয়া ৰোকনীক চাৰিটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) এমুখীয়া কাষৰীয়া ৰোকনী ।

খ) দুমুখীয়া কাষৰীয়া ৰোকনী ।

গ) এপিঠীয়া কাষৰীয়া ৰোকনী ।

ঘ) দুপিঠীয়া কাষৰীয়া ৰোকনী ।


 ৯৩. উত্তল ৰোকনী কোনে বেছিকৈ ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ উত্তল ৰোকনী মুছটেৰিয়ান মানৱগোষ্ঠীবোৰে বেছিকৈ ব্যৱহাৰ কৰিছিল । 


৯৪. উত্তল ৰোকনীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ এইবিধ ৰোকনীৰ কৰ্তন মুখখন ধেনুভিৰীয়া বা উত্তল । সেইবাবে ইয়াক উত্তল ৰোকনী নাম দিয়া হৈছে । সঁজুলিটো তৈয়াৰ কৰা সময়ত ধেনুভিৰীয়া চলি এটা বাছি লৈ সেই ধেনুভিৰীয়া দাতি অংশত চাপ বা হেচা দি চলি নিৰ্গত কৰি সেই অংশটো ধাৰযুক্ত কৰি বিভিন্ন কাৰ্যত প্ৰয়োগ কৰিছিল বুলি ধাৰণা কৰা হয় । ধেনুভিৰীয়া কৰ্তন মুখখনৰ বিপৰীত ফালটো শকত আৰু ডাঠ । এই অংশটো ধৰিবলৈ ব্যৱহাৰ কৰিছিল । এই সঁজুলিবিধ তৈয়াৰ কৰিবলৈ লোৱা চলিবিধ আকাৰত ডাঙৰ আৰু ডাঠ হোৱা দেখা যায় । কেতিয়াবা কেতিয়াবা এনে সঁজুলিৰ গাত স্বাভাৱিক আগৰ অংশও থাকি যোৱা পৰিলক্ষিত হয় । মুছটেৰিয়ান মানৱ গোষ্ঠীবোৰে এনে ৰোকনী জাতীয় সঁজুলি বেছিকৈ ব্যৱহাৰ কৰাৰ প্ৰমাণ আছে । 


৯৫. খোদনাস্ত্ৰ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ খোদনাস্ত্ৰ চাৰিপ্ৰকাৰৰ যেনে 

ক) সাধাৰণ খোদনাস্ত্ৰ ।

খ) কৌণিক খোদনাস্ত্ৰ 

গ) বহুমুখীয়া খোদনাস্ত্ৰ ।

ঘ) চৰাই ঠুটীয়া খোদনাস্ত্ৰ ।


৯৬. ক্ষুদ্ৰাকৃতিৰ সঁজুলিবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ ক্ষুদ্ৰাকৃতিৰ সঁজুলিবোৰক ছয়টা ভাগত ভগাব পাৰি যেনে 

ক) অৰ্ধচন্দ্ৰাকৃতি ।

খ) ত্ৰিভূজাকৃতি ।

গ) চতুৰ্ভূজাকৃতি ।

ঘ) ক্ষুদ্ৰাকায় ফলক ।

ঙ) ক্ষুদ্ৰাকৃতিৰ জোং ।

চ) ক্ষুদ্ৰাকায় খোদনাস্ত্ৰ ।


৯৭. ক্ষুদ্ৰাস্ত্ৰবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ ক্ষুদ্ৰাস্ত্ৰবোৰক দুটা ভাগত ভগাব পাৰি যেনে 

ক) জ্যামিতিক ক্ষুদ্ৰাস্ত্ৰ ।

খ) অজ্যামিতিক ক্ষুদ্ৰাস্ত্ৰ ।


৯৮. বাচলা কি ইয়াৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ বাচলা জাতীয় সঁজুলিবিধ দেখাত আধুনিক যুগৰ কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা চাচ নামৰ সঁজুলিবিধৰ লগত মিল থকা । ইয়াৰ আকাৰো ত্ৰিভূজাকৃতিৰ হয় । এই শ্ৰেণীৰ সঁজুলি তৈয়াৰ কৰা পদ্ধতি ছেল্ট বা কুঠাৰ প্ৰস্তুত কৰোতে প্ৰয়োগ কৰা পদ্ধতিৰ নিচিনা একে । এনে সঁজুলিৰ এটা ফাল এঢলীয়া আৰু আনটো ফাল উত্তল আৰু চেপেটা । সেয়েহে কুঠাৰৰ নিচিনা ইয়াৰ পাশ্ব ৰেখাডাল মধ্যৱৰ্তী নহৈ একাষত অৱস্থিত হোৱা দেখা যায় । কুঠাৰ আৰু বাচলাৰ প্ৰধান পাৰ্থক্য নাল লগোৱাৰ সময়তহে পৰিলক্ষিত হোলা দেখা যায় । কুঠাৰৰ ক্ষেত্ৰত কৰ্তল মুখখন আৰু পাৰ্শ্বৰেখাডাল নালৰ লগত সমানকৈ অৱস্থান কৰে । কিন্তু বাচলাৰ ক্ষেত্ৰত কৰ্তন মুখৰ লগত নালডালে সমকোণত অৱস্থান কৰে । নৱপ্ৰস্তৰ যুগৰ এইবিধ সঁজুলি অতি উল্লেখযোগ্য । 


৯৯. বটালী দেখাত কেনেধৰণৰ আছিল ।

উত্তৰঃ  বটালী দেখাত সৰু, ঠেক আৰু দীঘলীয়া ধৰণৰ আছিল । 


১০০. হাড়ৰ যাঠিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ  হাড়ৰ যাঠিক দুটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) তল ফটা যাঠি ।

খ) তল চেপেটা যাঠি । 


১০১. বল্লম নিক্ষেপক কি ।

উত্তৰঃ  বল্লম নিক্ষেপক হৈছে এডাল দীঘল গোটা হাড়ৰ দণ্ড । এই দণ্ডসদৃশ হাড়ডালৰ এটা মূৰত এটা ঘাপ বা খাজ কটা হয় । এই খাজটো দেখাত হাঁকোটা সদৃশ বা হুকৰ নিচিনা । বাকী অংশত দণ়্ডালৰ গাত কিছুমান জীৱ-জন্তু বা উদ্ভিদৰ চিত্ৰ খোদিত কৰি দেখাত ধুনীয়া কৰি লয় । 


১০২. বল্লম নিক্ষেপক সঁজুলিবিধ কোনে ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  বল্লম নিক্ষেপক সঁজুলিবিধ উচ্চ প্ৰত্নপ্ৰস্তৰ মানৱ গোষ্ঠীবোৰে ব্যৱহাৰ কৰিছিল । 


১০৩. হাড়ৰ বেজি কেনেধৰণৰ আছিল লিখা ।

উত্তৰঃ এই প্ৰকাৰৰ সঁজুলি আকৃতিত মিহি, দীঘল আৰু দুয়োমূৰ জোঙাল । মিহি আৰু লাহি বৰণৰ হাড় এটুকুৰা ঘৰ্ষণ ক্ৰিয়াৰ দ্বাৰা মসৃণ বা মিহি কৰি দুয়োটা মূৰে গোলাকাৰ কৰি জোঙাল কৰি লয় । কেতিয়াবা এটা মূৰত ফুটা কৰাও দেখা যায় । এই বেজিৰ আৱিস্কাৰে উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱ গোষ্ঠীবোৰে গছৰ ডাল, পাত ছামৰাৰ পৰা কামিজ চিলাই কৰাৰ তথ্য পোহৰৈ আহি পৰিছে । কেতিয়াবা বিন্ধনা বা কোনো বস্তু ফুটা কৰিবৰ বাবে ব্যৱহাৰ কৰা বুলি অনুমান কৰা হয় ।  


১০৪. হাৰপুনবোৰ কোনে ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  হাৰপুনবোৰ উচ্চ প্ৰস্তৰ যুগৰ মানৱ গোষ্ঠীবোৰে মেগডালেনীয়ান সংস্কৃতিৰ সময়ত ব্যৱহাৰ কৰিছিল । 


Type By- Ali Rani Kakati 








Post ID: DABP005867