বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব 

তৃতীয় অধ্যায়

১. ফৰাচী দেশৰ এজন ধৰ্মযাজকৰ নাম লিখা ।

উত্তৰঃ ফৰাচী দেশৰ এজন ধৰ্মযাজকৰ নাম হল বুৰ্জোৱা ।


২. শিলৰ ফলকক কোনে কেতিয়া বৈজ্ঞানিক সন্মিলনত প্ৰদৰ্শন কৰিছিল ।

উত্তৰঃ  ১৮৬৭ চনত ফৰাচী দেশৰ এজন বুৰ্জোৱা নামে ধৰ্মযাজকে প্ৰথমে দক্ষিণ আৰ্লিয়েন্সৰ থেনাই নামে ঠাইৰ পৰা উচ্চ অলিগছিন ভূ-তাত্ত্বিক স্তৰৰ পৰা কিছুমান ফ্লিন্ট শিলৰ ফলক পেৰিচৰ বৈজ্ঞানিক সন্মিলনত প্ৰদৰ্শন কৰিছিল । 


৩. শিলৰ কুষ্টি সামগ্ৰী কোনে কেতিয়া আৰু কৰ পৰা আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ ১৮৯৯ চনত বেঞ্জামিন হেৰিচন নামৰ নামৰ এজন ভূ-তাত্ত্বিকে ইংলেণ্ডৰ কেন্টজিলাৰ ইগথাম নামে অঞ্চলৰ তৃতীয় ভূ-তাত্ত্বিক যুগৰ স্তৰৰ মানুহে তৈয়াৰ কৰা শিলৰ কৃষ্টি সামগ্ৰী আৱিস্কাৰ কৰে ।


৪. ইয়'লিথ শিলৰ সঁজুলি কোনে কেতিয়া আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ  ইংলেম্ডৰ ৱেডম'ৰ নামৰ এজন নৃতাত্ত্বিকে ১৯১০ চনত ইংলেণ্ডৰ দক্ষিণ পূবত অৱস্থিত ইষ্ট এংলিয়াৰ ইপছউইচ চহৰৰ ওচৰত অৱস্থিত ৰেডক্ৰেগ নামৰ ভূ-স্তৰ এটাৰ পৰা ইয়'লিথ শ্ৰেণীৰ শিলৰ সঁজুলি আৱিস্কাৰ কৰিছিল ।


৫. এবিধ স্থুল সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  এবিধ শিলৰ সঁজুলিৰ নাম হল ৰ'ষ্ট্ৰ কেৰিনেট ।


৬. মানৱ ইতিহাসৰ ভিতৰত কোনটো যুগ আটাইতকৈ দীঘলীয়া যুগ আছিল ।

উত্তৰঃ  মানৱ ইতিহাসৰ ভিতৰত প্ৰত্নপ্ৰস্তৰ যুগটোৱে আছিল আটাইতকৈ দীঘলীয়া সাংস্কৃতিক যুগ । 


৭. এই যুগটো কিমান বছৰ বিয়পি আছিল ।

উত্তৰঃ  এই যুগটো প্ৰায় এক নিযুত বছৰৰো অধিক কাল বিয়পি আছিল 


৮. প্ৰত্নপ্ৰস্তৰ যুগক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভগাব পাৰি যেনে 

ক) আদি বা নিম্ন প্ৰত্নপ্ৰস্তৰ যুগ ।

খ) মধ্য প্ৰত্নপ্ৰস্তৰ যুগ ।

গ) উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ ।


৯. তৈল শিল্পৰ নিদৰ্শন কিমান খ্ৰীঃত আৰু কত আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ  ১৮৪৭ চনত ইউৰোপত প্ৰথমে তৈল শিল্পৰ নিদৰ্শন আৱিস্কাৰ কৰা হৈছিল । 


১০. আদি প্ৰস্তৰ যুগৰ কৃষ্টি সামগ্ৰী আৰু বাসস্থানৰ ভগ্নাৱশেষবোৰ কোন ঠাইৰ পৰা আৱিস্কাৰ কৰা হয় ।

উত্তৰঃ  আদি প্ৰত্নপ্ৰস্তৰ যুগৰ কৃষ্টি সামগ্ৰী আৰু বাসস্থানৰ ভগ্নাৱশেষবোৰ ফৰাচী দেশৰ উত্তৰ অঞ্চলৰ ছোম নদীৰ উপত্যকাত অৱস্থিত আবিভিল নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰা হয় । 


১১. নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ হস্তকুঠাৰ সংস্কৃতি প্ৰথমে কোন দেশত আৱিস্কাৰ হৈছিল ।

উত্তৰঃ নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ হস্তকুঠাৰ সংস্কৃতি প্ৰথমে ফৰাছী দেশত আৱিস্কাৰ হৈছিল ।


১২. হস্তকুঠাৰ সংস্কৃতিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ  হস্তকুঠাৰ সংস্কৃতিক তিনিটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) চেলিয়ান বা এবিভিলিয়ান ।

খ) এচুলিয়ান ।

গ) ক্লেকট'নিয়ান ।


১৩. পূৱ আফ্ৰিকাৰ অ'লডোৱান সংস্কৃতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা আদিম মানুহৰ সাংস্কৃতিক সমল উদ্ধাৰ হোৱাৰ প্ৰায় এক শতাব্দীৰ পিছত পূব আফ্ৰিকাৰ টানজানিয়া দেশৰ ইয়েছি হ্ৰদৰ ওচৰৰ ছেৰংগোট সমভূমি অছ়্লত প্ৰাগ-ঐতিহাসিক যুগৰ মানৱগোষ্ঠীয়ে সৃষ্টি কৰা সাংস্কৃতিক অৱশেষ আৱিস্কৃত হয় । এই অঞ্চলত জমা হোৱা প্লাইছট' ছিন যুগৰ স্তৰবোৰৰ মাজত এটা দ খাদৰ সৃষ্টি হৈছিল । এইটোৱেই আছিল প্ৰাগঐতিহাসিক অধ্যয়নৰ পৃথিৱী বিখ্যাত অলডুভাই খাদ । এই খাদৰ দাঁতি অংশত গঠিত হোৱা শিল, বালি আৰু কংকৰৰ স্তৰবোৰৰ মাজত পৃথিৱীৰ আটাইতকৈ পুৰণি মানৱ সংস্কৃতিৰ সমল আৰু শৈল কৃষ্টিৰ সৃষ্টিকাৰক মানৱগোষ্ঠীৰ কংকালৰ অৱশেষ  স্তৰীকৃত অৱস্থাত স্তৰসমূহৰ মাজত আৱদ্ধ হৈ আছিল । সেইবাবে এই খাদৰ স্তৰবোৰত সংৰক্ষিত হৈ থকা নিম্ন প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক অৱশেষবোৰক অলড'ৱান সংস্কৃতি নামেৰে নামাকৰণ কৰা হৈছে । 


১৪. মানৱ ইতিহাসৰ আটাইতকৈ আদিম সংস্কৃতিটোৰ নাম কি ।

উত্তৰঃ  মানৱ ইতিহাসৰ আটাইতকৈ আদিম সংস্কৃতিটোৰ নাম হল অলড'ৱান সংস্কৃতি ।এ


১৫. এবিভিলিয়ান সংস্কৃতিৰ হস্তকুঠাৰবোৰ কোনে সৃষ্টি কৰিছিল ।

উত্তৰঃ  এবিভিলিয়ান সংস্কৃতিৰ হস্তকুঠাৰবোৰ পিথেকানথ্ৰপাছ মানৱগোষ্ঠীয়ে সৃষ্টি কৰিছিল ।


১৬. পিথেকানথ্ৰপাছ মানৱগোষ্ঠী কাৰ সমসাময়িক আছিল বুলি ধাৰণা কৰা হৈছিল ।

উত্তৰঃ  পিথেকানথ্ৰপাছ মানৱগোষ্ঠী ইউৰোপত আৱিস্কৃত হোৱা হাইডেলবাৰ্গ মানৱগোষ্ঠীৰ সমসাময়িক বুলি ধাৰণা কৰা হৈছিল ।


১৭. এছুলিয়ান সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ  এই সংস্কৃতিৰ শৈল কৃষ্টিবোৰ এবিভিলিয়ান শৈল কৃষ্টিতকৈ উন্নত আছিল । এবিভিলিয়ান হস্তকুঠাৰবোৰকেই উন্নত কাৰিকৰী কৌশল খটুৱাই পূৰ্ণবিকশিত ৰূপত হস্তকুঠাৰবোৰ তৈয়াৰ কৰিছিল ।এই এচুলিয়ান সংস্কৃতিটো নিম্ন প্ৰত্ন-প্ৰস্তৰ যুগৰ গুৰুত্বপূৰ্ণ পৰ্যায় । এই সময়ৰ সাংস্কৃতিক সমলবোৰ পোন প্ৰথমে ১৯০৪ চনত উত্তৰ ফ্ৰান্সৰ আমেন নামৰ চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত ছেইন্ট -এচুল নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰা হয় । সেইবাবে ঠাইডোখৰৰ নাম অনুসৰি এই সংস্কৃতিটোক এচুলিয়ান বুলি নামাকৰণ কৰা হৈছে । এচুলিয়ান হস্তকুঠাৰবোৰ পৰীক্ষা কৰি ফৰাচী দেশৰ এজন প্ৰত্নতাত্ত্বিক অধ্যাপক বৰ্ডছে মতপোষণ কৰে যে এচুলিয়ান হস্তকুঠাৰবোৰ এবিভিলিয়ান হস্তকুঠাৰৰে এটা উন্নত স্তৰ । এই হস্তকুঠাৰবোৰ তৈয়াৰ কৰোতে মূল শিলাখণ্ডৰ গাৰ পৰা শিলৰ গধুৰ হাতুৰী কৌশল প্ৰয়োগ কৰি চলি নিৰ্গত কৰাৰ পৰিৱৰ্তে কাঠ বা দীঘল হাড়ৰ পাতল গোটা হাতুৰী কৌশল প্ৰয়োগ কৰি চলি নিৰ্গত কৰিছিল । 


১৮. এচুলিয়ান সংস্কৃতিৰ সৃষ্টিৰ লগত কোন জড়িত হৈ আছিল ।

উত্তৰঃ  এচুলিয়ান সংস্কৃতিৰ সৃষ্টিৰ লগত ছোৱান্সকম্বে গোষ্ঠীৰ লোকসকল জড়িত হৈ আছিল ।


৯. ক্লেকট'নিয়ান সংস্কৃতি আৱিস্কাৰ হোৱা ঠাইডোখৰৰ নাম কি ।

উত্তৰঃ  ক্লেকট'নিয়ান সংস্কৃতি আৱিস্কাৰ হোৱা ঠাইডোখৰৰ নাম হল ইংলেণ্ডৰ ক্লেকট'ন অন চি ।


২০. ক্লেকট'নিয়ান সংস্কৃতিৰ মূল বৈশিষ্ট্য কি ।

উত্তৰঃ  ক্লেকট'নিয়ান সংস্কৃতিৰ মূল বৈশিষ্ট্য হল শিল্পজাত সামগ্ৰীবোৰ হল বিভিন্ন প্ৰকাৰৰ শিলৰ চলিৰ পৰা তৈয়াৰ কৰা চলি সঁজুলিসমূহ ।


২১. ক্লেকট'নিয়ান সংস্কৃতিৰ পৰ্যায়টোক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ  ক্লেকট'নিয়ান সংস্কৃতিৰ পৰ্যায়টোক তিনিটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) মধ্য প্ৰত্নপ্ৰস্তৰ যুগ ।

খ) উচ্চ এচুলিয়ান ।

গ) মাইক'কিয়ান সংস্কৃতি ।


২২. মাইক'কিয়ান সংস্কৃতি কেতিয়া আৰু কৰ পৰা আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ  ফৰাচী দেশৰ লা-মাইকক নামৰ গুহা এটাৰ পৰা এক বৈশিষ্ট্্যপূৰ্ণ সুকীয়া শৈল উদ্যোগ এটা আৱিস্কাৰ কৰা হৈছিল ।


২৩. মাইক'কিয়ান হস্তকুঠাৰ বুলি কাক কোৱা হয় ।

উত্তৰঃ  উদ্যোগপূৰ্ণ প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি শ্ৰেণীক মাইক'কিয়ান হস্তকুঠাৰ বুলি জনা যায় ।


২৪. টায়াছিয়ান সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ  ফৰাচী দেশৰ টায়াক নামৰ ঠাইৰ পৰা এটা চলি সঁজুলি উদ্যোগ আৱিস্কাৰ হয় । আৱিস্কৃত কৰা ঠাইখনৰ নাম অনুসৰি এই পৰ্যায়টোক টায়াছিয়ান সংস্কৃতি নাম দিয়া হৈছে । এই পৰ্যায়ৰ সঁজুলিবোৰ তৃতীয় অন্তৰা তুষাৰকালৰ স্তৰত পোৱা গৈছে । এই স্তৰত পোৱা সঁজুলিবিলাকৰ ভিতৰত ৰোকনী, আৰু জোঙাল সঁজুলি আদিয়ে প্ৰধান । এই সঁজুলিবিলাকৰ বিষয়ে সঠিকভাৱে জনা যায় । ফৰাচী দেশৰ ফন্টছিভেড নামৰ গুহা এটাৰ পৰা উদ্ধাৰ হোৱা শৈল সাংস্কৃতিক সমলবোৰৰ পৰা । ইয়াৰ লগত ক্লেকট'নিয়ান চলি সঁজুলিও স্তৰীভূত অৱস্থাত পোৱা গৈছে  ক্লেকট'নিয়ান চলি সঁজুলি আৰু টায়াছিন চলি সঁজুলিবোৰৰ মাজত থকা সাদৃশ্যৰওপৰত ভিত্তি কৰি অনুমান কৰা যায় যে নিশ্চয় ক্লেকট'নিয়ান চলি সঁজুলি উদ্যোগৰ পৰাই টায়াছিন চলি সঁজুলি উদ্যোগৰ উদ্ভৱ হৈছে । 


২৫. মুছটেৰিয়ান সংস্কৃতি কৰ পৰা আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ মুছটেৰিয়ান সংস্কৃতি ফ্ৰান্সৰ লা মুছটেৰ নামৰ গুহা এটাত প্ৰত্নপ্ৰস্তৰ যুগৰ কিছুমান উন্নত শ্ৰেণীৰ ৰোকনী জাতীয় সঁজুলি আৱিস্কাৰ কৰা হৈছিল । 


২৬. মুছটেৰিয়ান নামটো কোন ঠাইৰ নাম অনুসৰি ৰখা হৈছিল ।

উত্তৰঃ মুছটেৰিয়ান  নামটো ফ্ৰান্সৰ লা মুছটেৰ নামৰ গুহা এটাৰ নাম অনুসৰি ৰখা হৈছিল ।


২৭. মুছটেৰিয়ান সঁজুলিসমূহৰ লগত পোৱা চলি সঁজুলিসমূহৰ নাম কি আছিল ।

উত্তৰঃ মুছটেৰিয়ান সঁজুলিসমূহৰ লগত পোৱা  চলি সঁজুলিসমূহৰ নাম আছিল লেভালেছিয়া ।


২৮. মুছটেৰিয়ান সাংস্কৃতিক যুগত কোনে বসবাস কৰিছিল ।

উত্তৰঃ  নিয়েণ্ডাৰ্থেল মানুহবোৰে প্ৰাগঐতিহাসিক যুগৰ মুছটেৰিয়ান সাংস্কৃতিক স্তৰত বসবাস কৰিছিল ।


২৯. উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  প্লাইষ্টচিন ভূ-তাত্ত্বিক যুগৰ অন্ত পৰাৰ লগে লগে ইউৰোপত এটা নতুন সাংস্কৃতিক যুগৰ সূচনা হয় । এই যুগটো উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ অন্তৰ্ভূক্ত আছিল । উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ শৈল সাংস্কৃতিক সমলবোৰ মধ্য প্ৰত্নপ্ৰস্তৰ শৈল কৃষ্টিৰ তুলতাতকৈ বহু উন্নত । 


৩০. উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সাংস্কৃতিক বিশেষত্বপূৰ্ণ দুটা দিশৰ বিষয়ে লিখা ।

উত্তৰঃ   উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সাংস্কৃতিক বিশেষত্বপূৰ্ণ দুটা দিশ হল 

ক) প্ৰস্তৰ সঁজুলিৰ উপৰিও জন্তুৰ হাড় আৰু শিঙৰ পৰা সঁজুলি প্ৰস্তুত কৰা প্ৰথা ।

খ) মানৱ সমাজত এই সময়ছোৱাত চিত্ৰকলাৰ প্ৰৱৰ্তন ।


৩১. উচ্চ প্ৰত্নপ্ৰস্তৰ যুগক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  উচ্চ প্ৰত্নপ্ৰস্তৰ যুগক পাচটা ভাগত ভগাব পাৰি যেনে 

ক) চাটেলপেৰ'নিয়ান সংস্কৃতি ।

খ) অৰিগনেছিয়াম সংস্কৃতি ।

গ) গ্ৰেভেটিয়ান সংস্কৃতি ।

ঘ) ছলুট্ৰিয়ান সংস্কৃতি ।

ঙ) মেগডালেনিয়ান সংস্কৃতি ।


৩২. অৰিগনেছিয়ান সংস্কৃতিৰ বিশেষত্বপূৰ্ণ প্ৰধান সঁজুলিসমূহ কি কি ।

উত্তৰঃ  অৰিগনেছিয়ান সংস্কৃতিৰ বিশেষত্বপূৰ্ণ প্ৰধান সঁজুলিসমূহ হল 

ক) তলফটা জোং ।

খ) এমুৰীয়া ৰোকনী ।

গ) খোদনাস্ত্ৰ ।


৩৩. উঠন পিঠীয়া ৰোকনী বুলি কাক কোৱা হয় ।

উত্তৰঃ শিলৰ টেমুনাসদৃশ টুকুৰাৰ পৰা চিকুণ চলিয়ন কৌশল প্ৰয়োগ কৰি ৰোকনী জাতীয় সঁজুলি তৈয়াৰ কৰিছিল । এই শ্ৰেণীৰ ৰোকনীবোৰৰ পিঠিখন উত্তল হোৱা বাবে এইবিধ ৰোকনীক উঠন পিঠীয়া ৰোকনী বুলি কোৱা হয় ।


৩৪. নাসিকাসদৃশ ৰোকনী কাক বোলে ।

উত্তৰঃ  কিছুমান ৰোকনীৰ এটা মূৰ জন্তুৰ নাক সদৃশ হোৱা বাবে তাক নাসিকাসদৃশ ৰোকনী বুলি কোৱা হয় । 


৩৫. স্থুল ৰোকনী কাক বোলে ।

উত্তৰঃ  কিছুমান টেমুনাসদৃশ ৰোকনীৰ নিৰ্দিষ্ট আকাৰ নথকা বাবে এই শ্ৰেণীৰ ৰোকনীক স্থুল ৰোকনী বোলে ।


৩৬. বক্ৰফলক কাক বোলে ।

উত্তৰঃ কিছুমান ৰোকনীৰ দুটা মূৰৰ বহল আৰু মাজৰ অংশ ঠেক সেইবোৰ ফলক সঁজুলিৰক বক্ৰফলক বুলি কোৱা হয় । 


৩৭. অৰিগনেছিয়ান সংস্কৃতিৰ দুবিধ উল্লেখনীয় সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  অৰিগনেছিয়ান সংস্কৃতিৰ দুবিধ উল্লেখনীয় সঁজুলিৰ নাম হল 

ক) হাড়ৰ ভোঁহৰ ।

খ) পহুৰ শিঙৰ ৰাজদণ্ড ।


৩৮. অৰিগনেছিয়ান সংস্কৃতিৰ এটা উল্লেখনীয় দিশৰ নাম লিখা ।

উত্তৰঃ অৰিগনেছিয়ান সংস্কৃতিৰ এটা উল্লেখনীয় দিশৰ নাম হল চিত্ৰকলাৰ প্ৰৱৰ্তন । 


৩৯. গ্ৰেভেটিয়ান সংস্কৃতি নামটো কোন অঞ্চলৰ পৰা অনা হৈছে ।

উত্তৰঃ গ্ৰেভেটিয়ান সংস্কৃতি নামটো আৱিস্কৃত অঞ্চল লা গ্ৰেভেটিৰ পৰা অনা হৈছে ।


৪০. গ্ৰেভেটিয়ান সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ সঁজুলিবিধৰ নাম কি 

উত্তৰঃ গ্ৰেভেটিয়ান সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ সঁজুলিবিধৰ নাম হল গ্ৰেভেটিয়ান জোঙাল অস্ত্ৰ ।


৪১. গ্ৰেভেটিয়ান সংস্কৃতিৰ সঁজুলিবোৰ কেনেধৰণৰ আছিল ।

উত্তৰঃ  গ্ৰেভেটিয়ান সংস্কৃতিৰ সঁজুলিবোৰ সঁজুলিবিলাক সৰু, পাতল আৰু দীৰ্ঘাকৃতিৰ আছিল । 


৪২. ক্ষুদ্ৰাকৃতিৰ ফলক বুলি কাক কোৱা হয় ।

উত্তৰঃ গ্ৰেভেটিয়ান সংস্কৃতিৰ ফলক সঁজুলি কিছুমান বৰ সৰু আছিল সেইবাবে এই শ্ৰেণীৰ ফলক সঁজুলিক ক্ষুদ্ৰাকৃতিৰ ফলক বুলি কোৱা হয় । 


৪৩. কিমান বছৰ আগতে ছলুট্ৰিয়ান সংস্কৃতিৰ প্ৰচলন আছিল ।

উত্তৰঃ  খ্ৰীঃপূঃ ১৯,০০০ বছৰ আগতে ছলুট্ৰিয়ান সংস্কৃতিৰ প্ৰচলন আছিল । 


৪৪. ছলুট্ৰিয়ান সংস্কৃতিৰ সঁজুলিবোৰ তৈয়াৰ কৰিবৰ বাবে কি পদ্ধতি বা কৌশল প্ৰয়োগ কৰিছিল ।

উত্তৰঃ  ছলুট্ৰিয়ান সংস্কৃতিৰ সঁজুলিবোৰ তৈয়াৰ কৰিবৰ বাবে চাপ চলিয়ন কৌশল পদ্ধতি প্ৰয়োগ কৰিছিল ।


৪৫. ছলুট্ৰিয়ান শব্দটো কৰ পৰা আৱিস্কাৰ কৰা হৈছে ।

উত্তৰঃ ছলুট্ৰিয়ান শব্দটো ফৰাছী দেশৰ ছলুটাৰ নামৰ এখন ঠাইৰ পৰা আৱিস্কাৰ কৰা হৈছে ।


৪৬. চাপ চলিয়ান কৌশল প্ৰয়োগ কৰি প্ৰস্তুত কৰা দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰঃ চাপ চলিয়ান কৌশল প্ৰয়োগ কৰি প্ৰস্তুত কৰা দুবিধ সঁজুলিৰ নাম হল 

ক) লৰেল পত্ৰসদৃশ জোঙাল অস্ত্ৰ ।

খ) উইল পত্ৰসদৃশ জোঙাল অস্ত্ৰ ।


৪৭. ছলুট্ৰিয়ান সংস্কৃতিটো প্ৰথমে কত আৰম্ভ হৈছিল ।

উত্তৰঃ ছলুট্ৰিয়ান সংস্কৃতিটো প্ৰথমে মধ্য ইউৰোপত আৰম্ভ হৈছিল । 


৪৮.     মেগডালেনিয়ান সংস্কৃতি কিমান চনত আৰু কোন ঠাইৰ আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ  ১৮৬০ চনত ফৰাচী দেশৰ লা-মেডেলিন নামৰ ঠাই এডোখৰ পৰা আৱিস্কাৰ কৰিছিল ।


৪৯. মেগডালেনিয়ান সংস্কৃতিটো কোনে আৱিস্কাৰ কৰিছিল ।

উত্তৰঃ  মেগডালেনিয়ান সংস্কৃতিটো লাৰটেট নামৰ এজন প্ৰত্নতত্ত্ববিদে আৱিস্কাৰ কৰিছিল । 


৫০. মেগডালেনিয়ান সংস্কৃতিটো কোন যুগৰ সংস্কৃতি ।

উত্তৰঃ  মেগডালেনিয়ান সংস্কৃতিটো প্ৰত্নপ্ৰস্তৰ যুগৰ শেষ পৰ্যায়ৰ সংস্কৃতি ।


৫১. মেগডালেনিয়ান সংস্কৃতিটো কিমান বছৰৰ আগতে আৰম্ভ হৈছিল ।

উত্তৰঃ  মেগডালেনিয়ান সংস্কৃতিটো খ্ৰীষ্টপূৰ্ব ২৫,০০০ বছৰৰ আগতে আৰম্ভ হৈছিল ।


৫২. মেগডালেনিয়ান সংস্কৃতিৰ উল্লেখনীয় সঁজুলিবোৰ কি কি ।

উত্তৰঃ  মেগডালেনিয়ান সংস্কৃতিৰ উল্লেখনীয় সঁজুলিবোৰ হল 

ক) ত্ৰিভূজাকৃতিৰ ক্ষুদ্ৰাস্ত্ৰ ।

খ) চতুৰ্ভূজাকৃতিৰ ক্ষুদ্ৰাস্ত্ৰ ।

গ) অৰ্ধাচন্দ্ৰাকৃতিৰ ক্ষুদ্ৰাস্ত্ৰ ।


৫৩. হলছিন যুগৰ আৰম্ভণি কেতিয়া হৈছিল ।

উত্তৰঃ  প্লাইষ্টছিন যুগৰ অন্ত পৰাৰ লগে লগে হলছিন যুগৰ আৰম্ভণি হৈছিল ।


৫৪. পৃথিৱীত নতুন সাংস্কৃতিক যুগৰ উদ্ভাৱন কেতিয়া হৈছিল ।

উত্তৰঃ হলছিন যুগ আৰম্ভ হোৱাৰ লগতে পৃথিৱীত এটা নতুন সাংস্কৃতিক যুগৰ উদ্ভাৱন হৈছিল 


৫৫. মধ্যপ্ৰস্তৰ যুগক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ  মধ্যপ্ৰস্তৰ যুগক ছয়টা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) আজিলিয়ান সংস্কৃতি ।

খ) টাৰডেনুছিয়ান সংস্কৃতি ।

গ) এছটুৰিয়ান সংস্কৃতি ।

ঘ) মেগলেম'ছিয়ান সংস্কৃতি ।

ঙ) কিছেন-মিডেন সংস্কৃতি ।

চ) কেমপিগনিয়ান সংস্কৃতি ।


৫৬. আজিলিয়ান সংস্কৃতি কাক বোলে ।

উত্তৰঃ  ফ্ৰান্সৰ মাছ-ডি আজিল নামৰ গুহা এটাৰ পৰা এই সংস্কৃতিৰ সমলবোৰ উদ্ধাৰ কৰা বাবে গুহাটোৰ নাম অনুসৰি এই সংস্কৃতিটোক আজিলিয়ান সংস্কৃতি বুলি কোৱা হয় । 


৫৭. মানৱ সমাজত প্ৰথম পোহনীয়া জন্তু কি আছিল ।

উত্তৰঃ  মানৱ সমাজত প্ৰথম পোহনীয়া জন্তু আছিল কুকুৰ ।


৫৮. আজিলিয়ান সংস্কৃতিৰ দুবিধ উদ্যোগজাত সঁজুলিৰ নাম লিখা ।

উত্তৰঃ  আজিলিয়ান সংস্কৃতিৰ দুবিধ উদ্যোগজাত সঁজুলিৰ নাম হল 

ক) খোদনাস্ত্ৰ ।

খ) বটালি ।


৫৯. আজিলিয়ান সংস্কৃতিৰ অধিকাৰী কোন আছিল ।

উত্তৰঃ আজিলিয়ান সংস্কৃতিৰ অধিকাৰী আছিল অৰিগনেছিয়ান মানুহৰ বংশধৰসকলে ।


৬০. টাৰডেনুছিয়ান সংস্কৃতি কাক বোলে ।

উত্তৰঃ ফৰাছী দেশৰ ফেৰে এন-টাৰডেনুইছ নামে ঠাইত এই সংস্কৃতিৰ সমলবোৰ উদ্ধাৰ হোৱা বাবে এই সংস্কৃতিটোৰ নাম টাৰডেনুছিয়ান সংস্কৃতি বুলি কোৱা হয় । 


৬১. এছটুৰিয়ান সংস্কৃতিৰ সৃষ্টিকাৰক বুলি কাক কোৱা হয় ।

উত্তৰঃ এছটুৰিয়ান সংস্কৃতিৰ সৃষ্টিকাৰক বুলি ষ্ট্ৰেঁণ্ডলুপাৰ জনগোষ্ঠী বুলি জনা যায় । 


৬২. মেগলেমছিয়াম সংস্কৃতি কৰ পৰা আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত জিলাণ্ড দ্বীপৰ মুলেৰাপ নামৰ ঠাইৰ ওচৰত থকা মেগলেমছ নামৰ পিটনিত এই সংস্কৃতিৰ অৱশেষবোৰ আৱিস্কাৰ কৰা হৈছিল ।


৬৩. মেগলেছিয়ান উদ্যোগজাত সামগ্ৰীক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  মেগলেমছিয়ান উদ্যোগজাত সামগ্ৰীক দুটা ভাগত ভগাব পাৰি যেনে 

ক) শৈল উদ্যোগ ।

খ) অস্থি সঁজুলি ।


৬৪. শৈল সঁজুলিবোৰৰ ভিতৰত ব্যৱহাৰ হোৱা প্ৰধান সঁজুলিবোৰ কি কি ।

উত্তৰঃ  শৈল সঁজুলিবোৰৰ  ভিতৰত ব্যৱহাৰ হোৱা প্ৰধান সঁজুলিবোৰ হল 

ক) ক্ষুদ্ৰাকৃতিৰ অস্ত্ৰ ।

খ) ৰোকনী ।

গ) জোঙ াল অস্ত্ৰ ।

ঘ) কেমপিগনি কুঠাৰ ।


৬৫. কিছেন-মিডেন শব্দই কি বুজায় ।

উত্তৰঃ  কিছেন-মিডেন শব্দই ৰান্ধনী ঘৰৰ আৱৰ্জনাৰ দমক বুজায় ।


৬৬. শামুকৰ ঢিপ কাক বোলে ।

উত্তৰঃ  ইুৰোপৰ বাল্টিক অঞ্চলত বাস কৰা মধ্যপ্ৰস্তৰ যুগৰ অধিবাসীসকলৰ বাসস্থানৰ ওচৰত বসতি আৱৰ্জনাৰ দ্বাৰা সৃষ্টি হোৱা দমবোৰত বেছিভাগ শামুকৰ শোলা আৱিস্কৃত হৈছিল । সেইবাবে এই ঢিপবোৰক শামুক খোলাৰ ঢিপ বুলি জনা যায় ।


৬৭. কেমপিগনিয়ান সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ  ফৰাচী দেশৰ লা-কেমপিগনি নামে ঠাইত এটা সুকীয়া সংস্কৃতি আৱিস্কৃত হয় । ঠাইৰ নাম অনুসৰে এই সংস্কৃতিৰ নাম ৰখা হৈছে কেমপিগনিয়ান সংস্কৃতি । কেমপিগনিয়ান সংস্কৃতিৰ আহিলাবিলাকৰ ভিতৰত বহল মুখৰ হস্তকুঠাৰ, জোঙাল অস্ত্ৰ, ৰোকনী, ভোহৰ, খোদনাস্ত্ৰ, চলি আৰু চলিমূল , বটালীমুখীয়া কাড়াগ্ৰা আদি উল্লেখযোগ্য ।

এই সময়ত মাটিৰ বাচন তৈয়াৰ কৰা আৰু জন্তু ঘৰচীয়া কৰাৰো প্ৰমাণ পোৱা গৈছে । উত্তৰ-পশ্চিম ইউৰোপত কেমপিগনিয়ান সংস্কৃতিৰ প্ৰভাৱ পৰিছিল । ইয়াৰউপৰিও স্পেইন, ফ্ৰান্স, বেলজিয়াম, ইংলেণ্ড আদি ঠাইত এই সংস্কৃতিৰ অৱশেষ পোৱা গৈছে ।


৬৮. নৱপ্ৰস্তৰ শব্দৰ প্ৰয়োগ প্ৰথমে কোনে কৰিছিল ।

উত্তৰঃ  নৱপ্ৰস্তৰ শব্দৰ প্ৰয়োগ প্ৰথমে চাৰ জন লাবুকে প্ৰয়োগ কৰিছিল ।


৬৯. নৱপ্ৰস্তৰ যুগক কোনে নৱপ্ৰস্তৰীয় বিপ্লৱ আখ্যা দিছিল ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগক পুৰাতত্ত্ববিদ গৰ্ডন ছাইল্ডে নৱপ্ৰস্তৰীয় বিপ্লৱ আখ্যা দিছিল ।


৭০. নৱপ্ৰস্তৰ সাংস্কৃতিক উদ্ভাৱনে মানৱ সমাজত ঘটোৱা পৰিলৰ্তন কেইটা আৰু কি কি ।

উত্তৰঃ নৱপ্ৰস্তৰ সাংস্কৃতিক উদ্ভাৱনে মানৱ সমাজত ঘটোৱা পৰিৱৰ্তন সাতটা সেইকেইটা হল 

ক) কৃষি উৎপাদন আৰু জীৱ-জন্তু পোহ-পালনৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা ব্যৱস্থা আৰম্ভ ।

খ) স্থায়ীভাৱে গাওঁ পাতি বসবাস কৰা ব্যৱস্থা ।

গ) ঘহি-পিহি মিহি কৰা পদ্ধতিৰে শিলৰ সঁজুলি প্ৰস্তুত কৰা ।

ঘ) মাটিৰ বাচন তৈয়াৰ কৰা আৰম্ভ ।

ঙ) বোলা-কটা প্ৰথাৰ প্ৰচলন আৰম্ভ ।

চ) পাচি-খৰাহি তৈয়াৰ কৰা পদ্ধতিৰ আৰম্ভ ।

ছ) মৃতকৰ স্মৃতি ৰক্ষাৰ বাবে স্মৃতি সৌধ নিৰ্মাণ ।


৭১. নৱপ্ৰস্তৰ যুগৰ আৰম্ভ কেতিয়া হৈছিল ।

উত্তৰঃ মানৱ সমাজত কৃষি প্ৰথা আৰু জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ হোৱা সময়ৰ পৰা নৱপ্ৰস্তৰ যুগৰ আৰম্ভ হৈছিল । 


৭২. মানৱ সমাজত ধাতুৰ প্ৰচলন কেতিয়া হৈছিল ।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ সাংস্কৃতিক অৱসানৰ পিছত মানৱ সমাজত ধাতুৰ প্ৰচলন হৈছিল । 


৭৩. সাংস্কৃতিক বিপ্লৱ বুলি কাক আখ্যা দিয়া হৈছে বা কোৱা হৈছে ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগত গাঁও পাতি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা মানৱ সম্প্ৰদায়বোৰে সময়ত উন্নত নাগৰিক সভ্যতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । নাগৰিক সভ্যতাৰ সৃষ্টিয়েই মানৱ সমাজত ক্ৰমে লিপিৰ প্ৰচলন , তাৰ পিছত শিক্ষাৰ প্ৰচলন , বৈজ্ঞানিক চিন্তাধাৰাৰে নতুন নতুন কৌশলৰ প্ৰচলন আৰম্ভ হব ধৰিলে । মানৱ সমাজত সৃষ্টি হোৱা নগৰীয়া সভ্যতাক নগৰীয়া সাংস্কৃতিক বিপ্লৱ বুলি কোৱা হ৯য় ।


৭৪. যান্ত্ৰিক বিপ্লৱ কাক বোলে ।

উত্তৰঃ  বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে সৃষ্টি হোৱা কৌশলবোৰক যান্ত্ৰিক বিপ্লৱ বুলি কোৱা হয় ।


৭৫. কৃষি আৰু পশুপালন প্ৰথা প্ৰথমে কত আৰম্ভ হৈছিল ।

উত্তৰঃ পশ্চিম এছিয়াত প্ৰথমে কৃষি আৰু পশুপালন প্ৰথা আৰম্ভ হৈছিল ।


৭৬. বনৰীয়া উদ্ভিদৰ গুটি কৰ পৰা আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ পেলেষ্টাইনৰ মাউন্ট কাৰমেল নামৰ গুহা এটাৰ পৰা বনৰীয়া উদ্ভিদৰ গুটি আৱিস্কাৰ কৰা হৈছিল ।


৭৭. কিমান খ্ৰীঃত আৰু কত বনৰীয়া গুটিবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিছিল ।

উত্তৰঃ  প্ৰায় ৯০০ বছৰ খ্ৰীঃপূঃৰ আগতে পশ্চিম এছিয়াত বনৰীয়া গুটিবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিছিল ।


৭৮. প্ৰাক-মাটিৰ পাত্ৰৰ সংস্কৃতিৰ প্ৰচলন কিমান বছৰৰ আগত হৈছিল ।

উত্তৰঃ প্ৰাক-মাটিৰ পাত্ৰৰ প্ৰচলন খ্ৰীঃপূঃ ৯০০০ হাজাৰ বছৰৰ আগতে হৈছিল ।


৭৯. হুয়ুক মানে কি ।

উত্তৰঃ হুয়ুক মানে হল ঢিপ ।


৮০. হুয়ুক বুলিলে কি বুজা ।

উত্তৰঃ প্ৰাগ-ঐতিহাসিক যুগত বসতি আৱৰ্জনাৰে গঠিত হোৱা দমৰ প্ৰতিটোকে হুয়ুক বুলি কোৱা হয় ।


৮১. পশ্চিম এছিয়াত নৱপ্ৰস্তৰ যুগৰ আৰম্ভ কেতিয়া হৈছিল ।

উত্তৰঃ  খ্ৰীঃপূঃ প্ৰায় ৭০০০ বছৰৰ আগতে পশ্চিম এছিয়াত নৱপ্ৰস্তৰ যুগৰ আৰম্ভ হৈছিল । 


৮২. কিমান খ্ৰীঃত আৰু কত গৰু পোহাৰ প্ৰমাণ পোৱা গৈছিল ।

উত্তৰঃ  আজিৰ পৰা প্ৰায় ৫৮০০ শতিকাৰ পৰা তুৰস্কত গৰু পোহাৰ প্ৰমাণ পোৱা গৈছিল ।


৮৩. কিমান খ্ৰীঃত  নৱপ্ৰস্তৰ যুগৰ কৃষিজীৱীসকলে মাটিৰ বাচন ব্যৱহাৰ কৰিছিল ।

উত্তৰঃ  খ্ৰীঃপূঃ ৬০০০ বছৰৰ আগতে নৱপ্ৰস্তৰ যুগৰ কৃষিজীৱীসকলে মাটিৰ বাচন ব্যৱহাৰ কৰিছিল ।


৮৪. অৰ্ধাচন্দ্ৰাকৃতিৰ ভূমি বুলি কোনে অভিহিত কৰিছিল ।

উত্তৰঃ মানচিত্ৰখন দেখাত অৰ্ধ চন্দ্ৰৰ নিচিনা হোৱা বাবে অধ্যাপক হেনৰি ব্ৰেষ্টেডে ইয়াক ইৰ্ধাচন্দ্ৰাকৃতিৰ উৰ্বৰা ভূমি বুলি অভিহিত কৰিছিল ।


৮৫. ঘহি-পিহি মিহি কৰা পদ্ধতি বুলি কাক কোৱা হয় ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগত মানুহবোৰে শৈল সঁজুলিবোৰ তৈয়াৰ কৰোতে শিল চলিয়ন কৌশলৰ উপৰিও এটা উন্নত আৰু নতুন কৌশল অৱলম্বন কৰিছিল । এই কৌশলটোকে ঘহি-পিহি মিহি কৰা পদ্ধতি বুলি কোৱা গয় ।


৮৬. নৱপ্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা দুবিধ শিলৰ নাম লিখা ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা দুবিধ শিলৰ নাম হল 

ক) আগ্নেয় শিল ।

খ) ফ্লিন্টজাতীয় শিল ।


৮৭. পাচি-খৰাহী তৈয়াৰ কৰা প্ৰথাৰ বিষয়ে লিখা ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগত যিহেতু কৃষি আৰু জীৱ-জন্তু পোহপালৰ ব্যৱস্থা প্ৰচলিত হৈছিল, সেইহেতুকে কৃষি-কাৰ্যৰ লগত অতিকৈ জড়িত বাহ-বেতৰ দ্বাৰা তৈয়াৰ কৰা পাচি-খৰাহী আদিৰ প্ৰচলন হৈছিল । শস্য চপোৱা, ধান সংৰক্ষণ কৰা, নানান ঘৰুৱা আচবাব থকাৰ বাবে পাচি-খৰাহী এবিধ অতি আৱশ্যকীয় সামগ্ৰী । গাওলীয়া জীৱনৰ লগতে বাঁহ আৰু বেতেৰে তৈয়াৰ কৰা আন কিছুমান সামগ্ৰী হল চালনী, ধাৰী, কুলা, ডুলি আদি ।


৮৮. নৱপ্ৰস্তৰ যুগ আৰু প্ৰত্নপ্ৰস্তৰ যুগৰ মাজত থকা পাৰ্থক্যকেইটা লিখা ।

উত্তৰঃ  নৱপ্ৰস্তৰ যুগ আৰু প্ৰত্নপ্ৰস্তৰ যুগৰ মাজত থকা পাৰ্থক্যকেইটা হল 

ক) নৱপ্ৰস্তৰ যুগ হল'চিন যুগৰ অন্তৰ্ভূক্ত আছিল । প্ৰত্নপ্ৰস্তৰ যুগ প্লাইষ্টচিন ভূ-তাত্ত্বিক যুগৰ অন্তৰ্ভূক্ত আছিল ।

খ) নৱপ্ৰস্তৰ যুগত আধুনিক নাতিশীতোষ্ণ জলবায়ুৰ প্ৰভাৱত ডাঙৰ গছ-গছনি গজি হাবি জংঘলৰ সৃষ্টি কৰিছিল । সেইদৰে আধুনিক যুগৰ জূৱ-জন্তুৰ দৰে নৱপ্ৰস্তৰ যুগত বিভিন্ন প্ৰকাৰৰ গ্ৰীস্ম প্ৰধান সেৱী জীৱ-জন্তুৰ সৃষ্টি হৈছিল । প্ৰত্নপ্ৰস্তৰ যুগত শীত প্ৰধান জলবায়ুৰ প্ৰভাৱত ডাঙৰ ডাঙৰ উদ্ভিদ সৃষ্টিৰ বিপৰীতে সৰু সৰু শীত প্ৰধান জলবায়ুত গজা শেলাই জাতীয় উদ্ভিদ কিছুমান উদ্ভৱ হোৱাৰ প্ৰমাণ আছে । তুষাৰ যুগধৰ্মী কিছুমান নোমাল জীৱ-জন্তুৰ লগতে জলচৰী প্ৰাণী কিছুমানৰ উদ্ভৱ হৈছিল । 

গ) নৱপ্ৰস্তৰ যুগত মানৱগোষ্ঠীবোৰে সঁজুলি প্ৰস্তুত কৰিবৰ বাবে ঘহি-পিহি মিহি কৰা পদ্ধতি আৰু ঠুকি ঠুকি বিন্ধা কৰা পদ্ধতি প্ৰয়োগ কৰিছিল । সঁজুলিবিলাক বহুদিন ধৰি কৰ্মথ হৈ আছিল । প্ৰত্ন-প্ৰস্তৰ যুগত মানৱগোষ্ঠীবোৰে সঁজুলি নিৰ্মাণৰ বাবে শিল চলিয়ন কৌশল, চাপ চলিয়ন কৌশল প্ৰয়োগ কৰিছিল । প্ৰত্নপ্ৰস্তৰ সঁজুলিবোৰ স্থায়ী নাছিল ।

ঘ) নৱপ্ৰস্তৰ যুগত মানুহৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছিল আৰু স্থায়ীভাৱে একে ঠাইতে বহুত লোক একেলগে গাওঁ পাতি বসবাস কৰিছিল । প্ৰত্নপ্ৰস্তৰ যুগত মানুহৰ সংখ্যা বৰ কম আছিল আৰু অঘৰী হোৱা কাৰণে সৰু সৰু গোটত ছেদ্লি-ভেদেলিভাৱে বসবাস কৰিছিল । 

ঙ) নৱপ্ৰস্তৰ যুগত অৰ্থনৈতিক ব্যৱস্থা জটিল আছিল । কৃষিজীৱী মানুহবোৰে খেতি-বাতি আৰু জীৱ-জন্তু পোহ-পাল কৰি জীৱন-নিৰ্বাহ কৰিছিল । প্ৰত্নপ্ৰস্তৰ যুগৰ অৰ্থনৈতিক ব্যৱস্থা অতি সৰল আছিল । খেতি-বাতি নজনাৰ বাবে মানৱগোষ্ঠীবোৰে সংগ্ৰহ কৰি, মাছ-মাৰি জীৱন-নিৰ্বাহ কৰিছিল ।

চ) নৱপ্ৰস্তৰ যুগত মানৱ সমাজত বিভিন্ন ধৰণে মৃতকক সমাধিস্থকৰণ কৰাৰ প্ৰমাণ পোৱা গৈছে ।  প্ৰত্নপ্ৰস্তৰ যুগত প্ৰথম অৱস্থাত মৃতকক সমাধিস্থ কৰাৰ কোনো প্ৰমাণ পোৱা হোৱা নাছিল । কিন্তু শেষৰ সময়ছোৱাত কিছুমান সমাধিস্থকৰণৰ অৱশেষ পোৱা গৈছে ।


Type By- Ali Rani Kakati