পৰিস্থিতি বিজ্ঞান বা বাস্তৱ্য বিদ্যা

 ষষ্ঠ অধ্যায় 

১. পৰিৱেশ শব্দটো কি শব্দৰ পৰা আহিছে । 

উত্তৰঃ  পৰিৱেশ শব্দটো ইংৰাজী প্ৰতিশব্দ Enviroment শব্দৰ  পৰা আহিছে ।

২. পৰিৱেশ শব্দৰ অৰ্থ কি ।

উত্তৰঃ  পৰিৱেশ শব্দৰ অৰ্থ হল চৌপাশ বা চাৰিওফাল সামৰি লোৱা ।

৩. পৰিৱেশ কাক বোলে ।
 
উত্তৰঃ জীৱজগতক আগুৰি থকা আকাশ, বায়ু, পানী, মাটি আদি লৈ যি এক বাহ্যিক পৰিৱেশৰ সৃষ্টি হৈছে তাকে পৰিৱেশ বুলি কোৱা হয় ।  

৪. পৰিৱেশ সুৰক্ষা আইনে দিয়া পৰিৱেশৰ সংজ্ঞাটো কি আছিল ।

7উত্তৰঃ  পৰিৱেশ সুৰক্ষা আইনে দিয়া পৰিৱেশৰ সংজ্ঞাটো হল 
বায়ু, পানী, আৰু মাটিৰ মাজত থকা আন্তঃসম্পৰ্ক আৰু মানুহ আৰু আন জীৱসমূহ আৰু সম্পত্তিৰ সৈতে থকা সম্পৰ্কই  হৈছে পৰিৱেশ ।

৫. পৰিৱেশৰ জড় উপাদানসমূহক কি বুলি কোৱা হয় ।

উত্তৰঃ  পৰিৱেশৰ জড় উপাদানসমূহক ভৌতিক বা অজৈৱিক পৰিৱেশ বুলি কোৱা হয় ।

৬. জীৱ পৰিৱেশ কাক বোলে ।

উত্তৰঃ  জৈৱিক উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়া-বিক্ৰিয়াক জীৱ পৰিৱেশ বোলে ।

৭. মানৱসৃষ্ট পৰিৱেশ কাক বোলে ।

উত্তৰঃ  মানৱ সভ্যতা বিৱৰ্তনৰ লগে-লগে মানুহে পৰিৱেশৰ আমূল পৰিৱৰ্তন সাধন কৰি আহিছে । মানুহে সৃষ্টি কৰা এনে পৰিৱেশকে মানৱসৃষ্ট পৰিৱেশ বোলে । 

৮. পৰিৱেশৰ প্ৰধান উপাদান কেইটা আৰু কি কি ।

উত্তৰঃ  পৰিৱেশৰ প্ৰধান উপাদান তিনিটা যেনে 
ক) বায়ু
খ) পানী ।
গ) মাটি ।

৯. সকলো শক্তিৰ মূল আধাৰ কি ।

উত্তৰঃ  সকলো শক্তিৰ মূল আধাৰ হল সূৰ্য ।

১০. বায়ু কাক বোলে ।

উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত বিভিন্ন ধৰণৰ বাস্প বা গেছীয় পদাৰ্থ আছে । পৃথিৱীত আৱৰি থকা এই গেছীয় আৱৰণটোকেই বায়ু বোলে । 

১১. বায়ুত থকা প্ৰধান উপাদান কেইটা আৰু কি কি ।

উত্তৰঃ  বায়ুত থকা প্ৰধান উপাদান চাৰিটা যেনে 
ক) নাইট্ৰজেন ।
খ) অক্সিজেন ।
গ) কাৰ্বন-ডাই-অক্সাইড ।
ঘ) আৰ্গন । 

১২. নাইট্ৰজেন গেছৰ দুটা বিশেষ বৈশিষ্ট্য লিখা ।

উত্তৰঃ  নাইট্ৰজেন গেছৰ দুটা বিশেষ বৈশিষ্ট্য হল 
ক) প্ৰাণীৰ কলা গঠনত নাইট্ৰজেনে সহায় কৰে ।
খ) প্ৰটিনযুক্ত খাদ্য প্ৰস্তুত কৰাত নাইট্ৰজেন গেছে বিশেষভাৱে সহায় কৰে ।

১৩. পানী কি পদাৰ্থ ।

উত্তৰঃ  পানী হল এবিধ যৌগিক পদাৰ্থ ।

১৪. পানীৰ মূল উপাদান কেইটা আৰু কি কি ।

উত্তৰঃ  পানীৰ মূল  উপাদান দুটা যেনে 
ক) হাইড্ৰজেন ।
খ) অক্সিজেন ।

১৫. জাপানৰ এখন উপসাগৰৰ নাম লিখা ।

উত্তৰঃ  জাপানৰ এখন উপসাগৰৰ নাম হল মিনামাটা ।

১৬. কি ৰাসায়নিক পদাৰ্থৰ পৰা এই ৰোগ হৈছিল ।

উত্তৰঃ  মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা এই ৰোগ হৈছিল । 

১৭. মিথাইল মাৰ্কাৰি নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোৰ নাম কি আছিল ।

উত্তৰঃ  মিথাইল মাৰ্কাৰি নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোৰ নাম হল মিনামাটা ৰোগ ।

১৮. চাউলৰ পৰা ৰোগটোৰ নাম কি 

উত্তৰঃ  চাউলৰ পৰা হোৱা ৰোগটোৰ নাম হল ইটাই-ইটাই ।

১৯. জলচক্ৰ কাক বোলে ।

উত্তৰঃ  সূৰ্যৰ তাপত পৃথিৱীৰ নদ-নদী, হ্ৰদ, সাগৰ-মহাসাগৰৰ পৰা পানী ভাপ হৈ ওপৰলৈ উঠি যায় আৰু সেই ভাপ বায়ুৰ চেচা স্তৰত জমা হৈ মেঘ হিচাপে ঘণীভূত হয় । মেঘৰ পৰা বৰষুণ হয় । এইদৰে পানীৰ পৰা ভাপ , ভাপৰ পৰা মেঘ, আৰু মেঘৰ পৰা বৰষুণ হয় । এই কাৰ্য অবিৰামভাৱে চক্ৰাকাৰে চলি থাকে । ইয়াকে জলচক্ৰ বোলা হয় । 

২০. পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত কি বুলি কোৱা হয় ।

উত্তৰঃ পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত ইক'লজি' বুলি কোৱা হয় ।

২১. ইক'লজি শব্দটো কোনে আৰু কিমান খ্ৰীঃত আৱিস্কাৰ কৰি উলিয়াইছিল ।

উত্তৰঃ  ইক'লজি শব্দটো ১৮৬৯ চনত সৰ্ব প্ৰথমে আৰ্ণষ্ট হেকেলে নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে আৱিস্কাৰ কৰি উলিয়াইছিল ।

২২. ইক'লজি শব্দটো কোন দুটা গ্ৰীক শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ।

উত্তৰঃ  ইক'লজি শব্দটো ঔকছ আৰু লগোছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল 
ঔকছ অৰ্থ হল ঘৰ বা বাসস্থান ।
লগোছৰ অৰ্থ হল অধ্যয়ন ।

২৩. ইক'লজিৰ আক্ষৰিক অৰ্থ কি ।

উত্তৰঃ  ইক'লজিৰ আক্ষৰিক অৰ্থ হল জীৱৰ ঘৰ বা বাসস্থানৰ অধ্যয়ন  ।

২৪. পৰিস্থিতি বিজ্ঞান বা বাস্তব্যবিদ্যা কাক বোলে ।

উত্তৰঃ জীৱৰ প্ৰকৃতিক ঘৰ বা বাসস্থানৰ সম্পৰ্কে অধ্যয়ন কৰা বিষয়কে পৰিস্থিতি বিজ্ঞান বা বাস্তব্য বিদ্যা বোলে ।
 
২৫. পৰিস্থিতি তন্ত্ৰ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ পৰিস্থিতি তন্ত্ৰ দুই প্ৰকাৰৰ যেনে 
ক) স্থলজ পৰিস্তিতি তন্ত্ৰ ।
খ) জলজ পৰিস্থিতি তন্ত্ৰ ।

২৬. স্থলজ পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ  স্থলজ পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ হল 
ক) বনাঞ্চল পৰিস্থিতি তন্ত্ৰ ।
খ) পাৰ্বত্য পৰিস্থিতি তন্ত্ৰ ।

২৭. জলজ পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ  জলজ পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ হল 
ক) পুখুৰী পৰিস্থিতি তন্ত্ৰ ।
খ) নদী পৰিস্থিতি তন্ত্ৰ । 

২৮. পুখুৰী পৰিস্থিতি তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  নিৰ্মল পানী হৈছে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ এটা প্ৰধান উদাহৰণ । পুখুৰীৰ পানীত  নানান ধৰণৰ সৰু সৰু জীৱ বা অনুজীৱ, অক্সিজেন, হাইড্ৰজেন, কেলছিয়াম, ফছফৰাছ, নাইট্ৰজেনৰ লৱণ আদি কৰি নানা ধৰণৰ অজৈৱ উপাদান থাকে । তাৰোপৰি পুখুৰীৰ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন পুষ্টি পৰ্যায় যেনে - তৃণভোজী, মাংসভোজী, আৰু পৰজীৱি আদি দেখা যায় ।

২৯. উৎপাদক তৰপ কাক বোলে ।

উত্তৰঃ  পানীৰ ওপৰ পৃষ্ঠৰ পৰা যিমান দলৈ সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰে, সেই অঞ্চলটোকে উৎপাদক তৰপ বোলে ।

৩০. প্লৱক বা ফাইট'প্লেংকটন কাক বোলে ।

উত্তৰঃ  পানীৰ তলত কিছুমান উদ্ভিদ আছে যিবোৰক খালী চকুৰে দেখা নাযায়  । শেলাই জাতীয় এনে উদ্ভিদবোৰ পানীৰ তলত থাকে । এইবোৰক প্লৱক বা ফাইট'প্লেংকটন বোলে ।
৩১. জু'প্লেংকটন কাক বোলে ।

উত্তৰঃ  কিছুমান ক্ষুদ্ৰ-ক্ষুদ্ৰ জীৱ পানীত ওপঙি থাকে । এইবোৰক জু'প্লেংকটন বোলে ।

৩২. পুখুৰীৰ পানীৰ তলত থকা দুবিধ অনুজীৱৰ নাম লিখা ।

উত্তৰঃ  পুখুৰীৰ পানীৰ তলত থকা দুবিধ অনুজীৱৰ নাম হল 
ক) বেক্টেৰীয়া ।
খ) ভেঁকুৰ । 

৩৩. খাদ্য শৃংখল বা খাদ্য শিকলি কাক বোলে ।

উত্তৰঃ  বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা নিৰ্ভৰশীলতাৰ জৰিয়তে শক্তিৰ ৰূপান্তৰ ঘটা আৰু পৰিবহণ শৃংশলাবদ্ধভাৱে চলি থকা প্ৰক্ৰিয়াটোকে খাদ্য শৃংখল বা খাদ্য শিকলি বোলে ।

৩৪. খাদ্যজাল কাক বোলে ।

উত্তৰঃ  স্বাভাৱিক অৱস্থাত পৰিস্থিতি তন্ত্ৰ  এটাত এবিধ জীৱই আন একাধিক জীৱৰ সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে । এনেদৰে এটাই আনটো খাদ্যশৃংখলৰ সৈতে সংযোগ স্থাপন কৰি একোখন জালৰ নিচিনাকৈ থাকে । ইয়াকে খাদ্যজাল বুলি কোৱা হয় । 

৩৫পৰিস্থিতি তন্ত্ৰৰ উপাদান কেইটা আৰু কি কি ।

উত্তৰঃ  পৰিস্থিতি তন্ত্ৰৰ উপাদান দুটা যেনে 
ক) জৈৱিক উপাদান বা জৈৱিক পৰিৱেশ ।
খ) অজৈৱিক উপাদান বা অজৈৱিক পৰিৱেশ ।

৩৬. জৈৱিক উপাদান কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  জৈৱিক উপাদান তিনিপ্ৰকাৰৰ যেনে 
ক) উৎপাদক ।
খ) উপভোক্তা বা ভক্ষক ।
গ) বিযোজক বা অপঘটক ।

৩৭. উৎপাদকৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদক প্ৰাথমিক উৎপাদক বুলি কোৱা হয় । কাৰণ সেউজীয়া উদ্ভিদে সৌৰ শক্তিৰ সহায়ত নিজে নিজৰ খাদ্য উৎপাদন বোলে । উৎপাদকবোৰ হল স্ব-পোষী জীব । যিবোৰ জীৱই সৌৰ শক্তি আৰু অজৈৱ পদাৰ্থ গ্ৰহণ কৰি জটিল দ্ৰব্য গঠন কৰে, সেইবোৰ জীৱক স্ব-পোষী জীৱ বোলে । স্থল ভাগত উদ্ভিদসমূহ হল স্ব-পুষ্ট, জীৱ । গভীৰ পানীৰ ওপৰত ওপঙি থকা ক্ষুদ্ৰ অণুজীৱক বা আণুবীক্ষণিক উদ্ভিদবোৰক প্লৱক বা ফাইট'প্লেংকটন উদ্ভিদ বোলে ।

৩৮. উপভোক্তা বা ভক্ষক কাক বোলে ।

উত্তৰঃ  যিবোৰ পানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তেনেবোৰ জীৱক উপভোক্তা বা ভক্ষক বোলে ।

৩৯. জৈৱ ভূ-ৰাসায়নিক চক্ৰ কাক বোলে ।

উত্তৰঃ  পৰিস্থিতি তন্ত্ৰত উৎপাদকবোৰ হল স্ব-পুষ্ট, ক্ষভকবোৰ পৰপুষ্ট আৰু বিযোজক বা অপঘটকবোৰ হল মৃত জীৱি বা মৃতপুষ্ট । উৎপাদক, উপভোক্তা আৰু বিযোজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্ৰদান চলি থাকে । শক্তিৰ পৰিবহণ আৰু খনিজ পোষক দ্ৰব্যৰ আদান-প্ৰদান অবিৰাম চক্ৰীয় গতিত চলি থাকে । এই চক্ৰকে জৈৱ ভূ-ৰাসায়নিক চক্ৰ বোলা হয় । 

৪০. অজৈবিক বা ভৌতিক উপাদানসমূহৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰঃ  অজৈৱিক বা ভৌতিক উপাদানসমূহৰ ভিতৰত কাৰ্বন-ড্ৰাই-অক্সাইড, নাইট্ৰজেন, অক্সিজেন, গেছ আৰু খনিজ  পদাৰ্থৰ ভিতৰত কেলছিয়াম, পটাছিয়াম, ফছফৰাছ, ছডিয়াম আদি পৰে ।

৪১. সামাজিক সাংস্কৃতিক পৰিৱেশৰ বিষয়ে লিখা ।

উত্তৰঃ  সামাজিক সাংস্কৃতিক পৰিৱেশ বুলিলে ধৰ্ম, ভাষা, লৌকিক বিশ্বাস, ৰীতি-নীতি, বিভিন্ন সামাজিক সংগঠন যেনে পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ আদিক বুজায় । মানুহ সমাজপ্ৰিয় প্ৰাণী । সমাজ অবিহনে মানুহে বৰ্তি থাকিব নোৱাৰে । সাধাৰণ অৰ্থত সমাজ ব্যক্তিৰ সমষ্টি । সমাজৰ নিৰ্দিষ্ট ভৌগোলিক পৰিৱেশ থাকে । প্ৰত্যেক সমাজতে সংস্কৃতি বিদ্যমান । সমাজ হল আন্তক্ৰিয়াশীল সংগঠিত ব্যক্তিৰ সমষ্টি যত নানা সম্বন্ধ গাথনি হৈ থাকে । বা সমাজ মকৰাৰ জালৰ নিচিনা । সামাজিক গোট বা অনুষ্ঠানসমূহে সামাজিক পৰিৱেশে যথেষ্ট প্ৰভাৱ পেলায় । প্ৰত্যেক সমাজৰ ৰীতি-নীতি, ধৰ্ম-বিশ্বাস, আদি বেলেগ-বেলেগ । এই ৰীতি-নীতিবোৰ পৰম্পৰাগতভাৱে চলি থাকে । সামাজিক জীৱনত অতিশয় প্ৰয়োজনীয় এই ৰীতি বা পৰম্পৰাই সমাজ বিশেষত এক সুন্দৰ সামাজিক পৰিৱেশৰ সৃষ্টি কৰে । 

৪২. নৌকা চলোৱাত পাকৈত এটী অঘৰী জাতিৰ নাম লিখা ।

উত্তৰঃ নৌকা চলোৱাত পাকৈত এটা অঘৰী জাতিৰ নাম হল পলিনেছীয়াৰ  অদিবাসীসকল ।

৪৩. ঈগলু কাক বোলে ।

উত্তৰঃ  উত্তৰ মেৰুৰ তুষাৰাবৃত্ত তুন্দ্ৰা অঞ্চলত বাস কৰা এস্কিম'সকলৰ জীৱন প্ৰবাহত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ অতি স্পষ্ট । তুন্দ্ৰা অঞ্চলত গছ-গছনি পাবলৈ নাই । সেইকাৰণে তেওঁলোকে বৰফেৰে অৰ্ধগোলাকাৰ ঘৰ সাজি বাস কৰে । বৰফেৰে নিৰ্মাণ কৰা ঘৰক ঈগলু বুলি কোৱা হয়  ।

৪৪. স্মগ কাক বোলে ।

উত্তৰঃ  কল-কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক অপদ্ৰব্য ধোঁৱাৰ লগত মিহলি হৈ বায়ুমণ্ডলত প্ৰৱেশ কৰে । ফলত উদ্যোগ প্ৰধান অঞ্চলৰ বায়ুমণ্ডল কলা ধোঁৱাৰে ছানি ধৰে । যেতিয়া বায়ুত ছালফাৰ -ড্ৰাই-অক্সাইড আৰু আন গেছীয় পদাৰ্থৰ পৰিমাণ বেছি হয়, তেতিয়া ঔদ্যোগিক অঞ্চলত এক ঘন কুঁৱলী অৱস্থাৰ সৃষ্টি হয় । এনে ঘন কুঁৱলী অৱস্থাক স্মগ বোলা হয় ।

৪৫. স্মগ বেমাৰ কিমান চনত আৰু কত হৈছিল ।

উত্তৰঃ  ১৯৫২ চনৰ ডিচেম্বৰ মাহত লণ্ডনত হৈছিল ।

৪৬. সেউজ গৃহ গেছ কাক বোলে ।

উত্তৰঃ কাৰ্বন-ড্ৰাই-অক্সাইড, মিথেন, ক্লৰফ্লৰ কাৰ্বন-নাইট্ৰাছ অক্সাইড আদিক সেউজ-গৃহ গেছ বোলা হয় ।

৪৭. গোলকীয় উষ্ণতা  বৃদ্ধি কাক বোলে ।

উত্তৰঃ  পৃথিৱীয়ে এৰি দিয়া বেছিভাগ তাপ বাধাপ্ৰাপ্ত হৈ পুনৰ পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে । এনে অৱস্থাত পৃথিৱীৰ গড় উষ্ণতা ৫০ বছৰৰ ভিতৰত ১ৰ পৰা ৫ ছেন্টিগ্ৰেডলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় ।

Author_ Ali rani  Kakati (Ba in History Major)