পৰিকল্পনা, বাজেট আৰু উন্নয়ন

অধ্যায় ২৩

১। বাজেট শব্দটো ফৰাচী শব্দৰ উৎস কি?

উত্তৰঃ ক্ষুদ্ৰ চামৰাৰ মোনা।


২। কিমান চনত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫১ চনৰ ১ এপ্ৰিলৰপৰা আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।


৩। পৰিকল্পনা আয়োগক কি নামেৰে জনা যায়?

উত্তৰঃ সম্প্ৰতি নীতি আয়োগ নামেৰে জনা যায়।


৪। কিমান চনত ডিগবৈ তেল শোধনাগাৰটো স্থাপিত হৈছিল?

উত্তৰঃ ১৯০১ চনত ডিগবৈ তেল শোধনাগাৰটো স্থাপিত হৈছিল।


৫। গুৱাহাটীৰ পৰা কাজিৰঙা অভয়াৰণ্য হৈ শিৱসাগৰ, ডিগবৈলৈ গৈ আকৌ গুৱাহাটীলৈ ঘূৰি অহালৈকে কিমান সময় লাগিব?

উত্তৰঃ পাঁচ দিন সময় লাগিব।


৬। কল্যাণমূলক কাম-কাজ বুলিলে কি বুজা?

উত্তৰঃ যি কামে দেশৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে, দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে সেই কাম-কাজবোৰক কল্যাণমূলক কাম বোলে।


৭। পঞ্চবাৰ্ষিক পৰিকল্পনা কাক বোলে?

উত্তৰঃ আমাৰ দেশত পাঁচ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় আৰু ইয়াক পঞ্চবাৰ্ষিক পৰিকল্পনা বোলে।


৮। বৰ্তমান আমাৰ দেশত কি পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে?

উত্তৰঃ বৰ্তমান আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে।


৯। আয় বৃদ্ধি হলে কি বাঢ়ে?

উত্তৰঃ আয় বৃদ্ধি হলে সঞ্চয় বাঢ়ে।


১০।   ৰূপালীৰ সন্তান কেইটা?

উত্তৰঃ ৰূপালীৰ সন্তান  দুটা।


Type Susmita Kakati







Post ID: DABP005981