বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া - প্ৰক্ৰিয়া 

Chapter 10 

১। বায়ুমণ্ডলীয় চাপ কি ?

উত্তৰঃ সমুদ্র পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ ওপৰলৈকে বিস্তৃত এটা বায়ুস্তম্ভই প্রতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা চাপকেই বায়ুমণ্ডলীয় চাপ বোলা হয়। বায়ুমণ্ডলীয় চাপক মিলিবাৰ আৰু পাচকেল এককত প্ৰকাশ কৰা হয়। বায়ুৰ চাপৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ হোৱা একক হৈছে কিলো পাচকেল আৰু ইয়াক “h Pa” বুলি লিখা হয়। সমুদ্রপৃষ্ঠত গড় বায়ুমণ্ডলীয় চাপ হৈছে ১০১৩.২ মিলিবাৰ বা ১,০১৩.২ কিলো পাচকেল। পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে ভূ-পৃষ্ঠত বায়ুৰ ঘনত্ব বেছি আৰু সেয়েহে বায়ুৰ চাপো অধিক। বায়ুৰ চাপ পাৰা বেৰোমিটাৰ অথবা এনিৰইড বেৰোমিটাৰৰ সহায়ত জোখা হয়। উচ্চতা বাঢ়িলে বায়ুৰ চাপ কমে। যিকোনো উচ্চতাত ঠাই ভেদে চাপ বেলেগ বেলেগ হয় আৰু এনে ভিন্নতাৰ বাবেই বায়ুৱে গতি কৰে, উচ্চ চাপবিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপবিশিষ্ট অঞ্চললৈ।


২। সমচাপ ৰেখা কাক বোলে ?

উত্তৰঃ বায়ুৰ চাপৰ সামান্য পার্থক্যই বতাহৰ দিশ আৰু গতি ভালেখিনি নিয়ন্ত্ৰণ কৰে। চাপৰ অনুভূমিক বিতৰণ, সমব্যৱধানত অংকণ কৰা সমচাপ ৰেখাবিলাকৰ দ্বাৰা উপস্থাপন কৰা হয় । সমান চাপবিশিষ্ট ঠাইবিলাক সংযোগ কৰি অঁকা ৰেখাকে সমচাপ ৰেখা বুলি কোৱা হয়।

তলত সমচাপ ৰেখাৰ চিত্ৰ অংকন কৰা হৈছে -

  


 ৩। কৰিঅ'লিচ বল কাক বোলে ? 

উত্তৰঃ  বতাহ বুলিলে ভূ-পৃষ্ঠত ঘৰ্ষণৰ সৃষ্টি হয়। তাৰোপৰি, পৃথিৱীৰ আহ্নিক গতিয়েও বতাহ চলাচলত প্ৰভাৱ পেলায়। পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা বলক কৰিঅ'লিচ বল বোলা হয়।

 

৪। বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয়কাৰী কাৰকসমূহ কি কি লিখা ।

উত্তৰঃ বায়ুমণ্ডলীয় চাপৰ তাৰতম্যৰ বাবেই বায়ুৱে গতি লাভ কৰে । গতিশীল বায়ুকে বতাহ বোলা হয়। বতাহ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে। বতাহ বুলিলে ভূ-পৃষ্ঠত ঘৰ্ষণৰ সৃষ্টি হয়। তাৰোপৰি, পৃথিৱীৰ আহ্নিক গতিয়েও বতাহ চলাচলত প্ৰভাৱ পেলায়। পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা বলক কৰিঅ'লিচ বল (coriolis force) বোলা হয়। গতিকে, ভূ-পৃষ্ঠত অনুভূমিক দিশত ব’লা বতাহ মূলতঃ তিনিটা কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হয়, যেনে— চাপৰ ঢালৰ বল, ঘৰ্ষণ বল আৰু কৰিঅ'লিচ বল ৷


৫। ভূ-কেন্দ্রীক বতাহ কাক বোলে ?

উত্তৰঃ  চাপৰ ঢালৰ বল আৰু কৰিঅ'লিচ বলৰ মাজত সমতাস্থাপন হয় আৰু বতাহ সমচাপ ৰেখাৰ সমান্তৰালভাৱে ব’বলৈ আৰম্ভ কৰে। এনেদৰে বলা বতাহক ভূ-কেন্দ্রীক বতাহ বোলে।


৬। প্রতীপ ঘূর্ণীবতাহ কাক বোলে ? 

উত্তৰঃ কোনো নিম্ন চাপ কেন্দ্ৰৰ চৌদিশে ঘূর্ণীয়মান বতাহক ঘূৰ্ণীবতাহ আৰু উচ্চ চাপকেন্দ্ৰৰ চৌদিশে বলা বতাহক প্রতীপ ঘূর্ণীবতাহ বোলা হয়। ঘূর্ণীবতাহত বতাহৰ দিশ গোলাৰ্দ্ধ অনুসৰি সলনি হোৱা দেখা যায় । 


৭। ভূমণ্ডলীয় বতাহৰ গতি-বিধি মূখ্যতঃ নিৰ্ভৰ কৰা কাৰক কেইটা কি কি ?

উত্তৰঃ ভূমণ্ডলীয় বতাহৰ গতি-বিধি মূখ্যতঃ নিৰ্ভৰ কৰা কাৰক কেইটা হৈছে— 

(ক) বায়ুমণ্ডলীয় উত্তাপৰ অক্ষাংশভিত্তিক ক্ষমতা ভিন্নতা, (খ) চাপবলয় সৃষ্টি, (গ)সূৰ্যৰ আপাতঃ গতিপথ সাপেক্ষে চাপবলয়বোৰৰ অৱস্থিতিৰ পৰিৱৰ্তন, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ আৰু (ঙ) পৃথিৱীৰ আহ্নিক গতি।


৮। চাপ - কক্ষ কাক বোলে ?

উত্তৰঃ  ভূ পৃষ্ঠত বায়ু বিষুৱৰেখাৰ ফালে পূববায়ু হিচাপে ব’বলৈ ধৰে। বিষুৱৰ দুয়োফালে বৈ থকা পূববায়ু আন্তঃক্রান্তীয় অভিসাৰি মণ্ডলত (ICCZ) অভিসাৰি হয়। ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ আৰু ওপৰৰ পৰা তললৈ বায়ুৰ এনে সঞ্চালনকে চাপ-কক্ষ বোলে ৷


৯। মেৰু বায়ু কক্ষ কাক বোলে ?

উত্তৰঃ মেৰু অঞ্চলত ঠাণ্ডা গধুৰ বায়ু নিম্নগামী হয় আৰু মেৰু দেশীয় পূববায়ু হিচাপে ই মধ্য অক্ষাংশৰ দিশে অগ্ৰসৰ হয়। এই বায়ু কক্ষক মেৰু বায়ু কক্ষ বোলে।


১০। হেলী চাপ - কক্ষ কি ?
উত্তৰঃ ক্ৰান্তীয় অঞ্চলত সৃষ্টি হোৱা চাপ-কক্ষক হেলী চাপ-কক্ষ বোলে ।

১১। ENSO কি চমুকৈ লিখা ।
উত্তৰঃ দক্ষিণায়ন দোলন আৰু এল্‌ নিন' লগ হৈ যি পৰিঘটনাৰ সৃষ্টি হয় তাকে ENSO বোলা হয়। যি বছৰত ENSO শক্তিশালী হয় সেইবছৰ পৃথিৱীত ব্যাপকভাৱে বতৰৰ পৰিৱৰ্তন ঘটে। দক্ষিণ আমেৰিকাৰ শুষ্ক পশ্চিম উপকূল ভাগত এনে কাৰণতে প্ৰচুৰ বৃষ্টিপাত, অষ্ট্ৰেলিয়াত আৰু কেতিয়াবা ভাৰতবৰ্ষতো খৰাং অৱস্থা আৰু চীন দেশত বানপানীৰ সৃষ্টি হয়। এই পৰিঘটনা ভালদৰে পৰ্যবেক্ষণ কৰি লাভ কৰা তথ্য পৃথিৱীৰ বেছিভাগ অঞ্চলতে বতৰৰ দীর্ঘকালীন আগজাননী দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷

১২। দক্ষিণায়ন দোলন কাক বোলে ?
উত্তৰঃ এল্‌ নিন' পৰিঘটনাৰ লগত আচলতে মধ্য প্ৰশান্ত মহাসাগৰ আৰু অষ্ট্ৰেলিয়াৰ বায়ুৰ চাপৰ পৰিৱৰ্তনৰ অৱস্থাকে দক্ষিণায়ন দোলন বোলে।

১৩।এল্ নিন' কি ?
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলৰ বায়ু সঞ্চালনৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰৰ পানী উষ্ণ আৰু শীতল হোৱা কাৰ্য অতি গুৰুত্বপূৰ্ণ। মধ্য প্রশান্ত মহাসাগৰৰ উষ্ণ পানী লাহে লাহে দক্ষিণ আমেৰিকাৰ উপকূলেৰে বৈ যায় আৰু ই পেৰু উপকূলৰ ঠাণ্ডা পানী অপসাৰিত কৰে। পেৰু উপকূলত উষ্ণ পানীৰ অৱস্থানৰ এই ঘটনাকে এল্ নিন' (El Nino) বুলি জনা যায়।

১৪। স্থলবতাহ আৰু জলবতাহ বিষয়ে চমুকৈ লিখা । উত্তৰঃ মাটি আৰু পানী ভাগৰ উত্তাপ শোষণ আৰু স্থানান্তৰ ক্ষমতা বেলেগ বেলেগ। দিনৰ ভাগত মাটি জলৰাশিতকৈ সোনকালে তপত হৈ পৰে। সেয়েহে ভূ-ভাগত বায়ু উৰ্দ্ধগামী হৈ নিম্ন চাপৰ সৃষ্টি হয়। আনহাতে, সাগৰৰ পানী তুলনামূলকভাৱে চেঁচা হৈ থাকে আৰু ফলত সাগৰৰ ওপৰত বায়ুৰ উচ্চ চাপ সৃষ্টি হয়। এনেদৰে জলভাগ আৰু স্থলভাগৰ মাজত চাপৰ পাৰ্থক্য বিৰাজ কৰে আৰু জলভাগৰ পৰা স্থলভাগলৈ বতাহ ব’বলৈ ধৰে। এই বতাহকে জলবতাহ বোলে। কিন্তু, ৰাতি ইয়াৰ এক বিপৰীত অৱস্থাৰ সৃষ্টি হয়। ৰাতি মাটিভাগে সোনকালে তাপ বিকিৰণ কৰে আৰু সাগৰৰ পানীতকৈ অধিক চেঁচা হৈ পৰে । তেতিয়া বায়ুৰ চাপৰ ঢাল মাটিভাগৰ পৰা সাগৰৰ পানীভাগলৈ প্ৰসাৰিত হয় আৰু স্থল বতাহ সৃষ্টি হয়।