গোট-৬

ব্য়াকৰণ (পাঠভিত্তিকসহ)

সমাস : ১। সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা। [HSLC '07, '09, 12]

২। ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখাঃ

(ক) দোমাহী, চক্রপাণি । [HSLC'10] (খ) দোমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ [HSLC'11] (গ) ৰামৰাণ, পীতাম্বৰ, হাতদীঘল, জলচৰ। [HSLC'13] (ঘ) নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, গৃহস্থ । [HSLC'14] (ঙ) ৰাধাকৃষ্ণ, দোমাহী, চক্রপাণি, শুক্লপক্ষ [HSLC'15] (চ) ত্রিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্রহ। [HSLC'16] (ছ) দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন। [HSLC'17] | (জ) ত্রিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক [HSLC'18] (ঝ) পঞ্চাঙ্গুল; যোগভ্রষ্ট; শতাব্দী। [HSLC'19] (ঞ) পঞ্চাঙ্গুল, স্বায়ত্বশাসন[HSLC'20]

সন্ধি ভাঙা :

১। হিতাহিত; অতীন্দ্রিয় । [HSLC '08] ২। সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা। [HSLC '09] ৩। সংস্কৃত, অতীন্দ্রিয় [HSLC'10] 8। যথাৰ্থ, ইত্যাদি, নীৰৱ দেৱৰ্ষি। [HSLC'11] ৫। পৰীক্ষা, হিতাহিত, নাৱিক, হিমালয় [HSLC '12] ৬। হিমাচল; গিৰীন্দ্ৰ, যথেষ্ট, উচ্ছেদ। [HSLC '13] ৭। যথাৰ্থ, নমস্কাৰ, ৰাজর্ষি, বিদ্যালয়। [HSLC '14]

৮। উচ্ছল, কটূক্তি, ইত্যাদি, নিশ্চয় । [HSLC '15]

৯। বিদ্যালয়, চন্দ্রোদয়, যদ্যাপি, নমস্কাৰ । [HSLC '16] ১০। ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি । [HSLC '17] ১১। সূর্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক। [HSLC '18] ১২। হিমালয়; ষড়ানন; সঞ্চ । [HSLC '19] | ১৩। হিতৈষী, শীতার্ত। [HSLC '20]

বাক্য পৰিবৰ্তন : মিশ্র বাক্যলৈ নিয়াঃ

১।কিতাপ পঢ়া সময়ত হাইউৰুমি নকৰিবা। [HSLC '09] ২ । বুঢ়া মানুহজন দোকানলৈ আহিছিল। তেওঁ এডাল লাখুটি কিনিছিল। [HSLC'14]

যৌগিক বাক্যলৈ নিয়াঃ ১। ল'ৰাটো ভাত খাই স্কুললৈ গ'ল । [HSLC 03] ২। সি কামটো কৰি লৰালৰিকৈ গুচি গ'ল । [HSLC 04 ]

৩। ল'ৰাজন দুখীয়া হ'লেও সৎ। [HSLC '06]

৪। তেওঁ বুঢ়া হ'লেও গাত শক্তি আছে। [HSLC'10]


সৰল বাক্যলৈ নিয়া:

১।মই যেতিয়া পঢ়োঁ, সি তেতিয়া খেলে। [HSLC 205] ২। ল'ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ'ল। [HSLC '08] ৩। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে। [HSLC '08] ৪। যি জন লোক অকৃতজ্ঞ, তেওঁ ক'তো আসন নাপায় । [HSLC '09, 15] ৫। ম‍ই যেতিয়া খাওঁ, তাই তেতিয়া আহে। [HSLC'10] ৬। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়। [HSLC'11] ৭। যি ছাত্রই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষাই বৃথা। [HSLC '12] ৮। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন বৃথা । [HSLC '13] ৯। ‘যি সকলে ব্যাকৰণ মনপুতি পঢ়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে।’ [HSLC'16] ১০। যিজন লোক অকৃতজ্ঞ, তেওঁ ক'তো স্থান নাপায়। [HSLC '17] ১১। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। [HSLC '18] ১২। সঁচা কথা ক'বা, তেতিয়া সকলোৱে মৰম কৰিব । [HSLC '19]

জটিল বাক্যলৈ নিয়াঃ

১। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। [HSLC '12] ২। অসাধু লোকক কোনেও সন্মান নকৰে। [HSLC '13] ৩। সৰল বাক্য, মিশ্র বাক্য আৰু যৌগিক বাক্য কাক বোলে ? প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া [HSLC 20] ণত্ব আৰু ষত্ব বিধিঃ (কি কাৰণে ‘ণ’বা ‘য’ হৈছে লিখা) ১। কাৰণ, প্ৰণালী, গুণ, বৰ্ণ, কষ্ট, কৃষ্ণ, নিষিদ্ধ [HSLC 98] ২। নৰনাৰায়ণ, প্ৰণালী, সংঘর্ষ, কৃষ্ণ [HSLC '99] ৩। কাৰণ, নাৰায়ণ, শ্ৰীচৰণেষু, কষ্ট [HSLC 01] ৪। তৃণ, কৃপণ, কৃষ্ণ, কষ্ট [HSLC 02] ৫।আমৰণ, তৃণ, নষ্ট, অনুষ্ঠান [HSLC 03] ৬। পাষাণ, কৰুণা, সুষমা, যুধিষ্ঠিৰ [HSLC 04] ৭। ঋণ, বর্ণ, কষ্ট, দোষ। [HSLC '05] ৮। কাৰণ, কষ্ট। [HSLC '07] ৯। দুষ্ট, কর্ণ [HSLC '09] ১০।পৰায়ণ, সুষম। [HSLC 10 ] ১১। পৰিষ্কাৰ, তপণ, কৃষি, কর্ণ [HSLC '12] ১২। ঋণ, কারণ, শ্ৰীচৰণেষু, বৰষুণ [HSLC'13 ] ১৩। তৃণ, বিষয়, প্রণাম, যুধিষ্ঠিৰ । [HSLC '14] ১৪। ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ [HSLC '15] ১৫। 'তৃণ' নাইবা ‘কৰুণ' শব্দত কি কাৰণে 'ণ' ব্যৱহাৰ হয়,লিখা। [HSLC 06] ১৬। ‘কৃষক’নাইবা ‘যুধিষ্ঠিৰ’ শব্দত কি কাৰণে ‘ষ’ব্যৱহাৰ হয়,লিখা। [HSLC '06] ১৭। ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া । [HSLC '07, 08, 09, '11]

১৮। ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া । [HSLC '08,'09, '11]

১৯। তলৰ শব্দৰ 'ণ' বা 'ষ' হোৱাৰ কাৰণ লিখা ।

প্রতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ [HSLC'16] ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়। [HSLC'17] প্ৰণাম, পৰায়ণ, ঋষভ, সুষম। [HSLC'18] ২০। স্পষ্ট; ঘণ্টা; কৃষ্ণ। [HSLC'19] ২১। ৰচান্দ্রায়ণ, দুর্বিষহ [HSLC '20]

যতি চিহ্নৰ ব্যৱহাৰ :

১। ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গ'ল। [HSLC '03]

২। তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ । [HSLC 04] ৩। ৰামে কৈছিল মই স্কুললৈ যাম । [HSLC '05] ৪। শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে । [HSLC 106] ৫। শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা [HSLC '07] ৬। শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা [HSLC'11] ৭। হে ভগৱান দয়া কৰা [HSLC '12]

৮। ম‍ই কিন্তু নৰওঁ এতিয়াই যামগৈ [HSLC '13] ৯। হে ভগৱান ম‍ই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC '14] ১০। ৰীণাই ক'লে আজি স্কুল বন্ধনে [HSLC '15] ১১। দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিয়হ কিনি আনে।

[HSLC '16] ১২। প্ৰণবে ক’লে আজি স্কুল খোলা আছেনে? [HSLC '17] ১৩। হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা [HSLC '18] ১৪। তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান ৷ [HSLC '19]

খণ্ডবাক্য আৰু জতুৱা ঠাঁচেৰে বাক্য ৰচনা কৰা -

১। বুকুৰ কুটুম, পানীৰ তলৰ কাঁইট, সাত ঘাটৰ সৈয়াকণী,চকুৰ কুটা দাঁতৰ শাল [HSLC '98] ২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা [HSLC '99]

৩। লোকান্তর ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া [HSLC 2000]

৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ [HSLC 01] ৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধূৰ [HSLC '02]

৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা। [HSLC 03]

৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে | ভাতে খা। [HSLC '04]

৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান । [HSLC 05]

৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা। [HSLC 206] ১০। পেটে ভাতে খা; নাকত তেল দি শোৱা; চকু দিয়া; দুই-নাও [HSLC '07] দুই-ভৰি হোৱা । ১১। পানীৰ তলৰ কাঁইট; চকুৰ কুটা দাঁতৰ শাল। [HSLC '08] ১২। বিনা মেঘে বজ্রপাত; আমন জিমনকৈ; উলহ মালহ; ডলাৰ বগৰী। [HSLC '09] ১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট । [HSLC 10]

১৪। উখল মাখল, কুন্দত কটা [HSLC 11]

১৫। জাকত জিলিকা; ডলাৰ বগৰী; বগলী ভকত; গাই বাই চা [HSLC '12] |

১৬। ধোদৰ পচলা; হাত লৰ; চকু চৰহা; কাণে কাণ মাৰি । [HSLC '13] ১৭। উখল-মাখল, জাকত-জিলিকা, আশা-ভসা, মন বান্ধ খা। [HSLC '14] ১৮। উখল-মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি [HSLC '15] ১৯। ৰমকজমক, উলহ-মালহ, ডলাৰ বগৰী, তলা-নলা [HSLC '16] ২০। উলহ-মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা । [HSLC '17] ২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ। [HSLC '18] ২২। জয় দেউ কাকূতি; ঊনৈশত বা বলা; ঠেৰু ছিগা। [HSLC '19] ২৩। কাণ সৰালি মাৰ, চকুৰ কুটা দাঁতৰ শাল, জয়দেউ কাকূতি | [HSLC '20]

এটা শব্দত প্ৰকাশ কৰা : ১। কাঁহৰ বাচন গঢ়োঁতা। [HSLC '11, '13] ২। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে[HSLC 12] ৩। মাটিৰ বাচন সাজোঁতা [HSLC '12] ৪। যাক সহজে লংঘন কৰিব নোৱাৰি [HSLC '12] ৫। বাটেদি যোৱা মানুহ । [HSLC '12] ৬। ঘৰতে থাকি কৰিব পৰা উদ্যোগ [HSLC '13] ৭। যাৰ মৰণ নাই [HSLC'13] ৮।যাক পৰিহাৰ কৰিব নোৱাৰি [HSLC '14] ৯। যিজনে ইন্দ্রিয় জয় কৰিব পাৰে [HSLC '14] ১০। যাৰ কোনো শত্ৰু জন্মা নাই [HSLC '14] ১১। কঁঠালৰ সৰু কলি [HSLC '14] ১২। পনীয়া গাখীৰ দিয়া গাইগৰু [HSLC '15, 18] ১৩ । যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই [HSLC '15] ১৪। যি কথাৰ অৰ্থ নাই [HSLC '15] ১৫। এবাৰ গুটি লাগি মৰা গছ। [HSLC '15] ১৬। যি কণীৰ পৰা জন্মে | [HSLC'16]

১৭। যি আগেয়ে হোৱা নাই [HSLC '16]

১৮। একে গুৰুৰ শিষ্য [HSLC'16] ১৯। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে [HSLC '16] ২০। বিষ্ণুৰ ভকত যি তেওঁ। [HSLC '17] ২১। ৰান্ধি খাব পৰা কলৰ পুলি । [HSLC'17] ২২।একে মাতৃৰ গৰ্ভত জন্ম যাৰ। [HSLC'17] ২৩। একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক। [ HSLC'17] ২৪। যি একেলগে পঢ়ে । [HSLC '18] ২৫। যাক মূল্য দি কিনিব নোৱাৰি। [HSLC'18] ২৬। যাক পৰিত্যাগ কৰিব নোৱাৰি। [HSLC'18]

২৭। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি । [HSLC'19]

২৮। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত। [HSLC'19] ২৯। নেজ নসৰা বেঙৰ পোৱালি । [HSLC'19] ৩০। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ। [HSLC '20] ৩১। চুহি খাব লগা বস্তু [HSLC '20]

প্রত্যয়ঃ

১। কি প্রত্যয় লগ লাগিছে ভাঙি দেখুওৱা : শয়ন, খীৰতী, বাপতীয়া, দয়ালু [HSLC '16] দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া [HSLC '17] ভাৱৰীয়া, বাটৰুৱা, কঁহাৰ, উতলা । [HSLC '18] যুঁজাৰু; নাচনিয়াৰ; লেখক। [HSLC '19] কপহুৱা, গভাইত [HSLC 20]


Type by- Bikul Mandal

DABP007432