গোট-১

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি


A. অতি চমু প্রশ্নাৱলী :

মূল্যাংক : ১ নম্বৰকৈ
১। ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ? [HSLC'14,'17]

২। কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? [HSLC '15]


৩। বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ? [HSLC'16]
৪। প্রাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্রসিদ্ধ আছিল ? [HSLC'18]
৫। জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায় ? [HSLC'19]
৬। আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল ? [HSLC 20] B. চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩ নম্বৰকৈ ১। অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল? [HSLC '11]


২। “গতিকে মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল।” — ইয়াত কোনবোৰ জাতি- গোষ্ঠীৰ কথা কোৱা হৈছে? [HSLC '12]

৩। চাহ বনুৱাসকলৰ অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ ? [HSLC '14]
৪। অসমৰ চাহ-বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' নামৰ পাঠটিত উল্লেখ কৰা হৈছে? [HSLC '15]

৫। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? [HSLC'16]

৬। ডাকৰ বিষয়ে এটি টোকা লিখা । [HSLC '17]
৭৷ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায় ? [HSLC '19]
৮। “এই গোটেইবোৰ হ'ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।” — কথাষাৰৰ অন্তনির্হিত অর্থটি বুজাই লিখা । [HSLC '20]
c. ৰচনাধর্মী প্রশ্নাৱলী :
মূল্যাংক : ৪/৫ নম্বৰকৈ

১। “দেখা যায়, সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল— অসমীয়া ভাষা।” পাঠৰ আলমত চমুকৈ বুজাই লিখা। [HSLC 11, '14]


২।“ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।”----ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা । [HSLC '12]


৩। লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে।'— ইয়াত কাৰ কথা কোৱা হৈছে? তেওঁলোক ক'ৰ পৰা আহিছিল? [HSLC '13]


৪। অসমৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গ'ল ? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি উল্লেখ কৰা। [HSLC '13, 14]


৫।“লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল”– কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' নামৰ পাঠৰ আধাৰত চমুকৈ লিখা। [HSLC '15]
৬।বৃটিছ আহিল -চাহ উদ্যোগ প্রতিষ্ঠা হ'ল - লিখকে - চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে । [HSLC '16]
৭। ‘অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।'—কথাষাৰৰ তাৎপর্য মুকলিকৈ বুজাই লিখা । [HSLC '17]
৮ “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই। ” ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? “নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই” বোলা কথাষাৰৰ সত্যাসত্যতা পাঠৰ সহায়ত বিচাৰ কৰা। [HSLC '19, 20]


Type by- Bikul Mandal