তৃতীয় অধ্য়ায়

আঞ্চলিক ভূগোল 

১। আঞ্চলিক ভূগোল একোটা কিহৰ লগত জড়িত?

উত্তৰঃ অঞ্চলৰ লগত জড়িত।


২। ভূগোলবিদসকলে পৃথিৱীৰ উপৰিভাগক অধ্য়য়নৰ সুবিধাৰ্থে কেই প্ৰকাৰত ভাগ কৰি লয় আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰে ভাগ কৰি লয় যেনে- ( ক ) ভৌগোলিক উপাদানৰ সাদৃশ্য়ৰ ভিত্তিত  আৰু ( খ ) উপাদানসমূহৰ ক্ৰিয়াত্মক ভিত্তিত।


৩।সাদৃশ্য়ৰ ভিত্তিত চিনাক্ত কৰা একোটা অঞ্চলক কি বুলে?

উত্তৰঃ সমধৰ্মী অঞ্চল বুলি কোৱা হয়।


৪। ক্ৰিয়াত্মক ভিত্তিত চিনাক্ত কৰা একোটা অঞ্চলক কি বুলে?

উত্তৰঃ ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়।


৫। এটা প্ৰাকৃতিক অঞ্চলৰ উদাহৰণ দিয়া?

উত্তৰঃ মৌচুমী অঞ্চল এটা প্ৰাকৃতিক অঞ্চল।


৬। অসমৰ এটা সৰু প্ৰাকৃতিক অঞ্চল হিচাপে কাক গণ্য় কৰা হয়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্য়াকাক।


৭। এটা মাত্ৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল নিৰূপন কৰা এটা উদাহৰণ দিয়া।

উত্তৰঃ ভাষিক অঞ্চল।


৮। ভাষিক অঞ্চল মানে কি?

উত্তৰঃ পৃথিৱীৰ যি অংশত একেধৰণৰ ভাষা কোৱা হয়, সেই অংশক ভাষাটোৰ নাম অনুসৰি ভাষিক অঞ্চল হিচাপে নামকৰণ কৰা হয়।


৯। ক্ৰিয়াত্মক অঞ্চল মানে কি?

উত্তৰঃ ভৌগোলিক উপাদানৰ ক্রিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্রিয়াত্মক অঞ্চল  বুলি কোৱা হয় ।

বা

নগৰ, বজাৰ , আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলকে ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়।


১০ ক্ৰিয়াত্মক অঞ্চল কেনেদৰে চিনাক্ত কৰা হয়?

উত্তৰঃ নগৰ বা বজাৰকেন্দ্ৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়।


১১। আঞ্চলিক ভূগোলৰ অধ্য়য়নৰ ভিত্তি কি?

উত্তৰঃ আঞ্চলিক ভূগোলৰ অধ্য়য়নৰ ভিত্তি অঞ্চল।


১২। পৃথিৱীৰ স্থলভাগ কি কি মহাদেশেৰে গঠিত?

উত্তৰঃ পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টাৰ্কটিকা মহাদেশেৰে গঠিত।


১৩। পৃছিৱীৰ জলভাগ কি কি মহাসাগৰেৰে গঠিত?

উত্তৰঃ প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ, আৰু দক্ষিণ মহাসাগৰেৰ গঠিত।


১৪। মহাদেশবোৰৰ ভিতৰত কোনখন মহাদেশ সৰ্ববৃহৎ?

উত্তৰঃ এছিয়া মহাদেশ সৰ্ববৃহৎ।


১৫। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ?

উত্তৰঃ প্ৰশান্ত মহাসাগৰ।


১৬। এছিয়া মহাদেশে পৃথিৱীৰ স্থলমণ্ডলৰ কিমান শতাংশ জুৰি আছে?

উত্তৰঃ ৩০ শতাংশ জুৰি আছে।


১৭। ২০০৭ বৰ্ষৰ অনুমানিক তথ্য় অনুসৰি পৃথিৱীৰ কিমান শতাংশ মানুহ এছিয়া মহাদেশত থূপ খাই আছে?

উত্তৰঃ ৬০.৫০ শতাংশ মানুহ থূপ খাই আছে।


১৮। পৃথিৱীৰ কিমান শতাংশ লোক উত্তৰ গোলাৰ্ধত বাস কৰে?

উত্তৰঃ ৯০ শতাংশ লোক।


১৯। পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণ প্ৰণালী কিয় একে নহয়?

উত্তৰঃ পৃথিৱীৰ ভূ-প্ৰকৃতি, জলবায়ু, মাটি গঠন, উদ্ভিদৰ আৱৰন আদি ঠাইভেদে বেলেগ বেলেগ হোৱাৰ বাবে আৰু প্ৰাকৃতিক পৰিৱেশ বিভিন্ন উপাদানৰ এনে তাৰতম্য়ৰ বাবে পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণ প্ৰণালী একে নহয়  


২০। কোনবোৰ অঞ্চল অৰ্থনৈতিকভাৱে আগবঢ়া?

উত্তৰঃ যিবোৰ অঞ্চলৰ অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অঞ্চলসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া।


২১। কোনবোৰ অঞ্চল অৰ্থনৈতিকভাৱে পিছ পৰা?

উত্তৰঃ যিবোৰ অঞ্চল প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা সেইবোৰ অঞ্চল অৰ্থনৈতিকভাৱে পিছ পৰা।


২২। প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ, সেইবোৰক একেলগে প্রাকৃতিক অঞ্চল বোলা হয়।


২৩। ভূগোলবিদ এ.জে. হাৰ্বাৰ্টছনে দিয়া প্ৰাকৃতিক অঞ্চল'ৰ সংজ্ঞাটো লিখা?

উত্তৰঃ তেখেতৰ মতে, "পৃথিৱীৰ যি অংশত একে ধৰণৰ প্ৰাকৃতিক প্ৰণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে গঢ় লয়, সেই অংশ হ'ল একোটা প্ৰাকৃতিক অঞ্চল।


২৪। পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম লিখা?

উত্তৰঃ ( ক) নিৰক্ষীয় অঞ্চল।

            ( খ ) মৌচুমী অঞ্চল

            ( গ ) ক্ৰান্তীয় তৃণভূমি অঞ্চল

            ( ঘ ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল।

            ( ঙ ) ভূমধ্য় সাগৰীয় অঞ্চল।

            ( চ ) মধ্য় অক্ষাংশীয় মৰু অঞ্চল।

            ( ছ ) মধ্য় অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল।

            ( জ ) মধ্য় অক্ষাংশীয় তৃণভূমি অঞ্চল।

            ( ঝ ) শীতল সৰলবৰ্গীয় অৰণ্য় অঞ্চল।

            ( ঞ ) শীতল মেৰু অঞ্চল।

            ( ট ) উচ্চ পাৰ্বত্য় অঞ্চল।


২৫। নিৰক্ষীয় অঞ্চল কিমান কিমান অক্ষাংশৰ মাজত অৱস্থিত?

উত্তৰঃ বিষুবৰ দুয়োকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত।


২৬। এই অঞ্চলৰ জলবায়ু কেনেধৰণৰ?

উত্তৰঃ এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আদ্ৰ।


২৭। এই অঞ্চলৰ বছৰি গড় উত্তাপৰ পৰিমান কিমান?

উত্তৰঃ ২৭° চেলচিয়াছ।


২৮। নিৰক্ষীয় অঞ্চলত বছৰি বৃষ্টিপাতৰ পৰিমান কিমান?

উত্তৰঃ ২০০ চেন্টিমিটাৰ।


২৯। নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত দুটা অৱবাহিকাৰ নাম লিখা?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা ইত্য়াদি।


৩০। ডাঠ অৰণ্য়ৰে ভৰা অৰণ্য়ক আমাজান নদীৰ অৱবাহিকাত কি বোলা হয়?

উত্তৰঃ ছেলভা বোলা হয়।


৩১। কংগো অৱবাহিকাত বাস কৰা লোকসকলক কি নামেৰে জনাজাত?

উত্তৰঃ পিগমি নামেৰে জনাজাত।


৩২। পিগমি লোকসকলে কি কৰি জীৱন নিৰ্বাহ কৰে?

উত্তৰঃ এই লোকসকলে চিকাৰ কৰি, মাছ ধৰি, আৰু অৰণ্য়ৰ পৰা খাদ্য় আহৰণ কৰিয়েই জীৱন নিৰ্বাহ কৰে।


৩৩। নিৰক্ষীয় অঞ্চলৰ প্ৰধান শস্য় কি?

উত্তৰঃ ধান।


৩৪। মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট লিখা?

উত্তৰঃ মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট হ'ল ঋতু পৰিৱৰ্তন 一 উষ্ণ আৰু আদ্ৰ গ্ৰীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল।


৩৫। মৌচুমী জলবায়ু গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ পাৰ্থক্য় কিমান?

উত্তৰঃ ১৫° চেলচিয়াছ।


৩৬। মৌচুমী জলবায়ু অন্তৰ্গত অঞ্চলবোৰত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ ২০০ চিন্টিমিটাৰ।


৩৭। মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ কৃষিয়েই হ'ল মৌচুমী অঞ্চলৰ প্ৰধান বৃত্তি।


৩৮। পৃথিৱীৰ কিমান শতাংশ লোক মৌচুমী অঞ্চলত বাস কৰে?

উত্তৰঃ ৪০ শতাংশ লোক মৌচুমী অঞ্চলত বাস কৰে।


৩৯। ক্ৰান্তীয় তৃণভূমি অঞ্চল ক'ত দেখা যায়?

উত্তৰঃ ক্ৰান্তীয় বলয়ত অৱস্থিত মহাদেশ অন্তৰ্ভাগত সাধাৰণতে ক্ৰান্তীয় তৃণভূমি অঞ্চল দেখা যায়।


৪০। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ বৈশিষ্ট লিখা?

উত্তৰঃ ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ বৈশিষ্ট হ'ল- উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল।


৪১। এই অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ২৫一 ১০০ চিন্টিমিটাৰ পৰ্যন্ত।


৪২। ক্ৰান্তীয় অঞ্চলত গজা ঘাঁহনিক কি বুলি জনা যায়?

উত্তৰঃ ছাভানা বুলি জনা যায়।


৪৩। ক্ৰান্তীয় তৃণভূমি অঞ্চল কিহৰ বাবে উপযোগী?

 উত্তৰঃ পশুপালনৰ বাবে উপযোগী।


৪৪। ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল কোন প্ৰান্তত অৱস্থিত?

উত্তৰঃ মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত।


৪৫। ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ু কেনেধৰণৰ?

উত্তৰঃ উষ্ণ আৰু শুষ্ক ধৰণৰ।


৪৬। এই অঞ্চলৰ বছৰি গড় বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ২০一 ২৫ চিন্টিমিটাৰ।


৪৭। ভাৰতবৰ্ষৰ মৰুভূমিৰ খনৰ নাম কি?

উত্তৰঃ থৰ মৰুভূমি।


৪৮। ভূমিধ্য় সাগৰীয় অঞ্চলৰ বছৰি বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ২৫一 ৭৫ চিন্টিমিটাৰ।


৪৯। ভূমিধ্য় সাগৰীয় অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ কৃষি।


৫০। মধ্য় অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলৰ বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ কিমান?

উত্তৰঃ ৭৫一 ১০০ চিন্টিমিটাৰৰ ভিতৰত।


৫১। মধ্য় অক্ষাংশৰ তৃণভূমি অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ পশুপালন।


৫২। এই অঞ্চলৰ বছৰি বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ১৫一 ৫০ চিন্টিমিটাৰ ভিতৰত হয়।


৫৩। শীতল সৰলবৰ্গীয় অৰণ্য় অঞ্চলৰ জলবায়ু কেনেধৰণৰ?

উত্তৰঃ শুকান আৰু ঠাণ্ডা।


৫৪। শীতল মেৰু অঞ্চলত কি কি জন্তু বাস কৰে?

উত্তৰঃ বল্গা হৰিণ, বগা শিয়াল, বগা ভালুক, ছিল আদি জন্তু বাস কৰে।


৫৫। উত্তৰ মেৰুৰ প্ৰাকৃতিক অঞ্চলটো কি অঞ্চল বুলি জনাজাত?

উত্তৰঃ তুন্দ্ৰা অঞ্চল বুলি জনাজাত।


৫৬। এস্কিমোসকলৰ যাতায়াতৰ প্ৰধান আহিলা কি?

উত্তৰঃ কুকুৰে টনা শ্লেজ গাড়ীয়েই এওঁলোকৰ যাতায়াতৰ প্ৰধান আহিলা।


৫৭। উচ্চ পাৰ্বত্য় অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ পশুপালন আৰু কাঠৰ ব্য়ৱসায়েই এই অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি।


৫৮। পৃথিৱীৰ মুঠতে কিমানখন মহাদেশ আছে?

উত্তৰঃ পৃথিৱীৰ মুঠতে সাতখন মহাদেশ আছে।


৫৯। কোন কোন মহাদেশত স্থায়ী জনবসতি নাই?

উত্তৰঃ সাতখন মহাদেশৰ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি বৰফে আৱৰা এন্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই।


৬০। পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন?

উত্তৰঃ এছিয়া।


৬১। এছিয়া মহাদেশে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ জুৰি আছে?

উত্তৰঃ ৩০ শতাংশ আগুৰি আছে।


৬২। এছিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ উত্তৰ গোলাৰ্ধত।


৬৩। এছিয়া মহাদেশৰ উত্তৰ আৰু দক্ষিণ দিশত থকা দুখন মহাসাগৰৰ নাম লিখা?

উত্তৰঃ উত্তৰে উত্তৰ মহাসাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰ।


৬৪। এছিয়া মহাদেশখন উত্তৰা-দক্ষিণাকৈ আৰু পূৱা-পশ্চিমাকৈ কিমান কিলোমিটাৰ?

উত্তৰঃ উত্তৰা-দক্ষিণাকৈ প্ৰায় ৮৪০০ কিলোমিটাৰ আৰু পূৱাা-পশ্চিমাকৈ প্ৰায় ৯৬০০ কিলোমিটাৰ।


৬৫। পৃথিৱীৰ উচ্চতম শৃংগৰটোৰ নাম লিখা আৰু ইয়াৰ উচ্চতা কিমান?

উত্তৰঃ মাউন্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা ৮,৮৪৮মিটাৰ।


৬৬। পৃথিৱীৰ দ্বিতীয় উচ্চতম শংগৰটোৰ নাম লিখা আৰু ইয়াৰ উচ্চতা কিমান?

উত্তৰঃ গডডইন অষ্টিন বা আৰু ইয়াৰ উচ্চতা ৮,৬১১ মিটাৰ।


৬৭। পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি আৰু ই ক'ত অৱস্থিত?

উত্তৰঃ ভাৰ্খয়ানস্ক আৰু ই এছিয়া মহাদেশ ছাইবেৰিয়া অঞ্চলত অৱস্থিত।


৬৮। এছিয়া মহাদেশ কিহত চহকী?

উত্তৰঃ প্ৰাকৃতিক সম্পদত।


৬৯। মহাদেশৰ কিমান শতাংশ লোক নগৰবাসী?

উত্তৰঃ ৪১ শতাংশ লোক।


৭০। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ আফ্ৰিকা মহাদেশ।


৭১। আফ্ৰিকা মহাদেশে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আৱৰি আছে?

উত্তৰঃ ২০ শতাংশ।


৭২। আফ্ৰিকা মহাদেশ পূৱে কিমান দ্ৰাঘিমাংশৰ পৰা পশ্চিমে কিমান দ্ৰাঘিমাংশৰ মাজত অৱস্থিত?

উত্তৰঃ পূবে ৫১°  পূব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১৭° পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।


৭৩। আফ্ৰিকা মহাদেশৰ পূবে আৰু পশ্চিমে থকা দুখন মহাসাগৰৰ নাম লিখা?

উত্তৰঃ আফ্ৰিকা মহাদেশৰ পূবে ভাৰত মহাসাগৰ, পশ্চিমে আটলান্টিক মহাসাগৰ।


৭৪। আফ্ৰিকা মহাদেশখনৰ উচ্চতম শৃংগটোৰ নাম কি? আৰু ই কোন প্ৰান্তত অৱস্থিত?

উত্তৰঃ কিলিমানজাৰো। ই পূব প্ৰান্তত অৱস্থিত।


৭৫। কোনখন মহাদেশত জলবিদ্য়ুৎ উৎপাদনৰ সম্ভাৱনা সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি?

উত্তৰঃ আফ্ৰিকা মহাদেশত। 


৭৬। আফ্ৰিকা মহাদেশৰ কিমান শতাংশ লোক কৃষি ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ প্ৰায় ৭০ শতাংশ লোক।


৭৭। ২০০৭ বৰ্ষৰ অনুমানিক তথ্য় অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ৯৪৪ নিযুত।


৭৮।আফ্ৰিকা মহাদেশৰ জনসংখ্য়া ঘনত্ব কিমান?

উত্তৰঃ ৩১ জন।


৭৯। আফ্ৰিকা মহাদেশৰ কিমান শতাংশ লোক নগৰবাসী?

উত্তৰঃ ৩৭ শতাংশ লোক।


৮০। বৰ্তমান আফ্ৰিকা মহাদেশত কিমান খন স্বাধীন দেশ আছে?

উত্তৰঃ ৫২ খন দেশ।


৮১। ইউৰোপ মহাদেশখন কোন সীমাত অৱস্থিত?

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত।


৮২। এই মহাদেশ কোনটোৰ গোলাৰ্ধৰ অন্তৰ্গত?

উত্তৰঃ উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত।


৮৩। ইউৰোপ মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ ১০. ৯ নিযুত বৰ্গ কিলোমিটাৰ।


৮৪। ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা কোনে পৃথক কৰিছে?

উত্তৰঃ ইউৰাল পৰ্বতমালা ইউৰাল নদীয়ে  ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে.


৮৫। ইউৰেপ মহাদেশৰ স্বাধীন দেশৰ মুঠ সংখ্য়া কিমান?

উত্তৰঃ ৪৪ খন।


৮৬। মহাদেশখনৰ বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ১০০ ছে.মি.। 


৮৭। ইউৰোপ মহাদেশৰ প্ৰায়বোৰ দেশৰে প্ৰায় কিমান শতাংশ ভূমিত খেতি কৰে?

উত্তৰঃ ৫০ শতাংশ ভূমিত।


৮৮। ইউৰোপ মহাদেশ কিহত চহকী?

উত্তৰঃ খনিজ সম্পদ কয়লা আৰু লোত অতি চহকী।


৮৯। ইউৰোপ মহাদেশৰ লোকসকল কোন গোষ্ঠীৰ?

উত্তৰঃ ককেছীয় গোষ্ঠীৰ।


৯০। ২০০৭ বৰ্ষৰ অনুমানিক তথ্য় অনুসৰি ইউৰোপ মহাদেশৰ জনসংখ্য়া কিমান?

উত্তৰঃ ৭৩৩ নিযুত।


৯১। প্ৰতিবৰ্গকিলোমিটাৰত জনসংখ্য়া ঘনত্ব কিমান?

উত্তৰঃ ৩২ জন।


৯২। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশ।


৯৩। ইয়াৰ মাটিকালি কিমান?

উত্তৰঃ ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ। 


৯৪। এই মহাদেশখনক কিয় উত্তৰ আমেৰিকা মহাদেশ বুলি কোৱা হয়?

উত্তৰঃ আমেৰিকা মহাদেশখন উত্তৰ প্ৰান্তত অৱস্থিত হোৱা বাবে  উত্তৰ আমেৰিকা মহাদেশ বুলি কোৱা হয়।


৯৫। উত্তৰ আমেৰিকা মহাদেশখন পূবা-পশ্চিমাকৈ আৰু উত্তৰ-দক্ষিণাকৈ কিমান দীঘল?

উত্তৰঃ পূবা-পশ্চিমাকৈ ৪৯৬০ কিলোমিটাৰ আৰু উত্তৰা-দক্ষিণাকৈ ৯৬০০ দীঘল।


৯৬। মহাদেশখনৰ ভূ-প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি?

উত্তৰঃ চাৰিটা ভাগত বিভক্ত কৰিছে। যেনেঃ ১) ৰকি পাৰ্বত্য় অঞ্চল, ২) বিশাল উচ্চ সমভূমি অঞ্চল, ৩) আপেলেছিয়ান উচ্চভূমি অঞ্চল আৰু ৪) উপকূলীয় সমতল ভূমি অঞ্চল।


৯৭। কোনসকল আমেৰিকাৰ আদিম অদিবাসী?

উত্তৰঃ ৰে'ড ইণ্ডিয়ানসকল।


৯৮। ৰে'ড ইণ্ডিয়ানসকলৰ বেছিভাগ কোন মহাদেশৰ?

উত্তৰঃ ইউৰোপ মহাদেশৰ।


৯৯। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য় অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ৫২৩ নিযুত।


১০০। মহাদেশখনৰ কিমান শতাংশ নগৰবাসী?

উত্তৰঃ ৭৭ শতাংশ।


১০১। উত্তৰ আমেৰিকা মহাদেশৰ কোন দিশে দক্ষিণ আমেৰিকা মহাদেশ অৱস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণ দিশে অৱস্থিত।


১০২। পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত বৃহৎ হ্ৰদ টিটিকাকাও কোন মহাদেশত অৱস্থিত?

উত্তৰঃ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।


১০৩। দক্ষিণ আমেৰিকা মহাদেশ কিহত কিহত চহকী?

উত্তৰঃ কৃষি আৰু প্ৰাকৃতিক সম্পদত চহকী।


১০৪। বিশ্বৰ কুঁহিয়া আৰু কফি উৎপাদনত কোনখন দেশে প্ৰথম স্থানত অধিকাৰ কৰিছে?

উত্তৰঃ ব্ৰাজিলে প্ৰথম স্থান অধিকাৰ কৰিছে।


১০৫। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য় অনুসৰি দক্ষিণ আমেৰিকাৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ৩৮১ নিযুত।


১০৬। মহাদেশৰ জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান?

উত্তৰঃ কেৱল ২১ জন।


১০৭। মহাদেশখনৰ কিমান শতাংশ লোক নগৰবাসী?

উত্তৰঃ ৮০ শতাংশ লোক নগৰবাসী।


১০৮। ওচেনিয়া মহাদেশ কেনেকৈ গঠিত?

উত্তৰঃ অষ্ট্ৰেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত।


১০৯। ওছেনিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?

উত্তৰঃ অষ্ট্ৰেলিয়া।


 ১১০। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?

উত্তৰঃ ওছেনিয়া।


১১১। অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ নৈ কেইখন আৰু কি কি?

উত্তৰঃ দুখন মুৰে আৰু ডাৰ্লিং।


১১২। অষ্ট্ৰেলিয়াখন কোন গোলাৰ্ধত অৱস্থিত?

উত্তৰঃ দক্ষিণ গোলাৰ্ধত অৱস্থিত।


১১৩।  অষ্ট্ৰেলিয়াৰ কোন অংশত গোটেই বছৰেই বৰষুণ হয়?

উত্তৰঃ উত্তৰাংশত।


১১৪। ওছেনিয়াৰ দ্বিতীয় বৃহৎ দেশ কোনখন?

উত্তৰঃ পাপুৱা-নিউগিনি।


১১৫। পাপুৱা-নিউগিনি দেশত বাস কৰা আদিবাসীসকলে কেনেধৰণৰ জীৱন-যাপন কৰে?

উত্তৰঃ ইয়াত বাস কৰা আদিবাসীসকলে ঝুম খেতি কৰে আৰু এক অঘৰী জীৱন-যাপন কৰি বাস কৰে।


১১৬। ছল'মন দীপপুঞ্জ কোন অঞ্চলৰ অন্তৰ্গত?

উত্তৰঃ মেলানেছিয়া অঞ্চলৰ অন্তৰ্গত।


১১৭। মেলানেছিয়া কোন ঠাইত যথেষ্ঠ পৰিমানে খনিজ পদাৰ্থ পোৱা যায়?

উত্তৰঃ বৌগেনভিল্লেত পোৱা যায়।


১১৮। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য় অনুসৰি ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ৩৫ নিযুত।


১১৯। ওছেনিয়া মহাদেশৰ জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান?

উত্তৰঃ ৪ জন।


১২০। ওছেনিয়াৰ নগৰসমূহৰ ভিতৰত কোন দুখন বৃহত্তম মহানগৰী?

উত্তৰঃ অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন আৰু ছিডনি।


১২১। মহাদেশৰ মুঠ কিমান শতাংশ নগৰবাসী? 

উত্তৰঃ ৭২ শতাংশ।


১২২। অষ্ট্ৰেলিয়া জনসংখ্য়া ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিলোমিটাৰত ৩ জন।


১২৩। অষ্ট্ৰেলিয়াৰ কোনটো অংশ অৰ্ধমৰু সমতল ভূমিৰে আৱৰা?

উত্তৰঃ মধ্য়-পূব অংশটো।


১২৪। মুৰে-ডাৰ্লিং সমতলভূমি কিহৰ বাবে বিখ্য়াত?

উত্তৰঃ ভেড়া-ছাগলীৰ ঘাঁহনি আৰু ঘেঁহু মাকৈ, শাক-পাচলিৰ বাবে বিখ্য়াত।


১২৫। নাওৰুত কিমান শতাংশ নগৰবাসী?

উত্তৰঃ ১০০ শতাংশ।

 

 Type By-Jatin Nath