আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ
৬ষ্ঠ অধ্য়ায়
১. পাচন তন্ত্ৰ কাক বোলে ?
উত্তৰ :- হজম নোহোৱা অংশ শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ালৈকে এই অংগতন্ত্ৰ ব্য়স্ত থাকে। এই অংগতন্ত্ৰক পাচন তন্ত্ৰ বোলে।
২. শ্বসন তন্ত্ৰ কাক বোলে ?
উত্তৰ :- ঠিক সেইদৰে শ্বসন প্ৰক্ৰিয়াৰ জড়িত অংগতন্ত্ৰক শ্বসন তন্ত্ৰ বোলা হয়।
৩. ৰেচন তন্ত্ৰ কাক বোলে ?
উত্তৰ :- শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈউলিয়াি দিয়াত যি অংগতন্ত্ৰই সহায় কৰে তাক ৰেচন তন্ত্ৰ বোলে।
৪. ৰক্ত পৰিবহণ তন্ত্ৰ কাক বোলে ?
উত্তৰ :- শৰীৰৰ প্ৰতিটো অংশলৈ তেজ চলাচলত সহায় কৰা অংগতন্ত্ৰক ৰক্ত পৰিবহণ তন্ত্ৰ বোলে।
৫. পাচন তন্ত্ৰ কাম আমাৰ ক'ৰ পৰা আৰম্ভ হয় ?
উত্তৰ :- পাচন তন্ত্ৰ কাম আমাৰ মুখৰ পৰা আৰম্ভ হয়।
৬. এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ মুঠ দাঁত কিমান থাকে ?
উত্তৰ :- এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ মুঠ দাঁত ৩২ টা থাকে।
৭. আমাৰ মুখত কেই প্ৰকাৰৰ দাঁত থাকে ?
উত্তৰ :- আমাৰ মুখত চাৰি প্ৰকাৰৰ দাঁত থাকে।
৮. আমাক কোনবোৰ দাঁতে খাদ্য়বস্ত টুকুৰা কৰাত সহায় কৰে ?
উত্তৰ :- আমাক মুখৰ সন্মুখৰ অংশত থকা আঠটা দাঁতে খাদ্য়বস্ত টুকুৰা কৰাত সহায় কৰে।
৯. আগদাঁত বা কৃন্তক কাক বোলে ?
উত্তৰ :- মুখৰ সন্মুখত দাঁতবোৰক আগদাঁত বা কৃন্তক বোলে।
১০. দাঁত কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ :- দাঁত চাৰি প্ৰকাৰৰ আৰু সেইকেইটা হ'ল-
(i) কৃন্তক দাঁত
(ii) জোঙা দাঁত
(iii) গ্ৰজামুদাত
(iv) জামুদাত
১১. কুকুৰ দাঁত জোঙা দাঁত কাক বোলে ?
উত্তৰ :- খাদ্য়বস্ত ফালি চিৰি খোৱাত সহায় কৰে। এনে দাঁত মুঠতে চাৰিটা। এইকেইটা দাঁতক বা জোঙা দাঁত বোলে।
১২. গ্ৰজামুদাত কাক বোলে ?
উত্তৰ :- তৃতীয় প্ৰকাৰৰ দাঁতক গ্ৰজামুদাত বোলে। এনে দাঁতৰ সংখ্য়া আঠটা।
১৩. জামুদাত কাক বোলে ?
উত্তৰ :- চতুৰ্থ প্ৰকাৰৰ দাঁতক জামুদাত বোলে। এনে দাঁতৰ সংখ্য়া বাৰটা।
১৪. খাদ্য়নলী কাক বোলে ?
উত্তৰ :- মুখৰ পৰা পাকস্থলীলৈ থকা এডাল নলী। খাদ্য়নলীয়েদি আহাৰ পাকস্থলীলৈ যায়। তাক
খাদ্য়নলী বোলে।
১৫. পাকস্থলী কাক বোলে ?
উত্তৰ :- পাকস্থলীটো এখন মোনাৰ দৰে। ই পাচকৰস নিৰ্গত কৰে। এই পাচক ৰস আহাৰ সৈতে মিহলি হয়। তাকে পাৰকস্থলী বোলে।
১৬. ক্ষুদ্ৰান্ত্ৰ কাক বোলে ?
উত্তৰ :- পাকস্থলীৰ পৰা আমি খোৱা আহাৰ ক্ষুদ্ৰাৰন্তলৈ যায়। ইয়াত যকৃত আৰু অগ্নাশয়ৰ পৰা অহা ৰস খাদ্য়ৰ সৈতে মিহলি হয়। তাকে ক্ষুদ্ৰান্ত্ৰ বোলে।
১৭. বৃহদান্ত্ৰ কাক বোলে ?
উত্তৰ :- খাদ্য়ৰ হজম লোহোৱা অংশ বৃহদান্ত্ৰলৈ যায়। আমাৰ খাদ্য়ত থকা পানীৰ সৰহ অংস বৃহদান্ত্ৰ শোষণ কৰি লৈ। তাকে বৃহদান্ত্ৰ বোলে।
১৮. গুহ্য়দ্বাৰ কাক বোলে ?
উত্তৰ :- আমাৰ খাদ্য়ৰ হজম নোহোৱা অংশ মলভীণ্ডত জমা হয় আৰু গুহ্য়দ্বাৰেৰে শৰীৰৰ বাহিৰলৈ ওলায় যায়। তাকে গুহ্য়দ্বাৰ বোলে।
১৯. ধমনী কাক বোলে ?
উত্তৰ :- যিবোৰ ৰক্তবাহী নলীৰ দ্বাৰা হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত সাধাৰণেতে ধমনীবোৰত অক্সিজেন যুক্ত আৰু সিৰাবোৰত কাৰ্বন ডাই-অক্সাইড যুক্ত তেজ পোৱা যায় যদিও ক্লোমসিৰাত অক্সিজেন আৰু ক্লোম ধমনীত কাৰ্বন ডাই-অক্সিজেন যুক্ত তেজ পাৰিবাহিত হয়। সেইবোৰক ধমনী বোলা হয়।
২০. সিৰা কাক বোলে ?
উত্তৰ :- শৰীৰৰ বিভিন্ন অংশৰ পৰা হৃদপিণ্ডলৈ অক্সিজেন বিহীন বা অশুদ্ধ চলাচল হোৱা ৰক্তবাহী নলীবোৰক সিৰা বোলে।
Type By- Pal Bora
Check by - Mukesh Borah
0 Comments