বিভিন্ন পৰিৱেশৰ প্ৰাণী 

৭ম অধ্য়ায় 

১. পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰ :- উদ্ভিদ, প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাক পৰিৱেশ বোলে।


২. অভিযোজন কাক বোলে ?

উত্তৰ :- পৰিৱেশৰ লগত জীৱৰে খাপ খাবলৈ যত্ন কৰাকে অভিযোজন বোলে।


৩. সকলো জীৱৰে শৰাৰ নিজৰ পৰিৱেশত কি খাব পৰাগৈ গঢ় লয় ?

উত্তৰ :- সকলো জীৱৰে শৰাৰ নিজৰ পৰিৱেশত খাপ খাব পৰাগৈ গঢ় লয়।


৪. সকলো জীৱই কেনেকৈ খাপ খাবলৈ যত্ন কৰে ?

উত্তৰ :- সকলো জীৱই বিভিন্ন পদ্ধতিৰে খাপ খাবলৈ যত্ন কৰে।


৫. পৃথিৱীত কিমান বিধৰ কেকটাছ আছে ?

উত্তৰ :- পৃথিৱীত এহেজাৰ বিধৰ কেকটাছ আছে।


৬. কেকটাছ বা মৰুজ উদ্ভিদ কাক বোলে ? 

উত্তৰ :- মৰুভূমিৰ আন উদ্ভিদৰ গঠনো সাগৰফেনাৰ দৰেই। এনে গঠনৰ উদ্ভিদবোৰক কেকটাছ বা মৰুজ উদাভিদ বোলে।


৭. মৰুভূমিৰ জীৱ চমুকৈ লিখা ? 

উত্তৰ :- মৰুভূমিত গছ-গছনি দেখিবলৈ পোৱা নাযায়। শিল আৰু বালিৰে ভৰা ই এক বিস্তীৰ্ণ অঞ্চল। মৰুভূমিত থকা প্ৰাণীবোৰ আন পৰিৱেশৰ প্ৰাণীতকৈ কিছু বেলেগ। এই পৰিৱেশৰ প্ৰাণীবোৰৰ শৰীৰ মৰুভূমিৰ শুকান, গৰম পৰিৱেশত থকাৰ কাৰণে উপযোগীকৈ গঠিত হয়।


৮. মৰুভূমিত থকা প্ৰাণী এবিধৰ নাম কি ?

উত্তৰ :- মৰিভূমিত থকা প্ৰাণী এবিধৰ নাম হ'ল উট।


৯. উটৰ কুঁজটোত বহু পৰিমানে কি থাকে ?

উত্তৰ :- উটৰ কুঁজটোত বহু পৰিমানে চৰ্বী আৰু পানী থাকে।


১০. শীতল ঠাইৰ প্ৰাণী বিষয়ে চমু কৈ লিখা ?

উত্তৰ :- পৃথিৱীৰ উত্তৰ আৰু দক্ষিণৰ কিছুমান অঞ্চলত বছৰৰ সকলো সময়তে বৰফ পৰে। এই ঠাইবোৰৰ অতি শীতল। এনে ঠাইত উদ্ভিদ নাই বুলিবই পাৰি।


১১. শীতল ঠাইত থকা এটা প্ৰাণীৰ নাম লিখা ? 

উত্তৰ :- শীতল ঠাইত থকা এটা প্ৰাণীৰ নাম হ'ল বগা ভালুক।


১২. কোন বোৰ প্ৰাণীৰ ঘন নোমেৰে ঢকা ?

উত্তৰ :- বগা হৰিণ আৰু সাগৰৰ চৰাই বোৰ প্ৰাণীৰ ঘন নোমেৰে ঢকা।


১৩. বগা ভালুকৰ ভৰি তলতো কি হয় ?

উত্তৰ :- বগা ভালুকৰ ভৰি তলতো নোমেৰে ঢকা।


১৪. অতি বেছিকৈ বৰফ পৰিলে মাইকী ভালুকে কি কৰে ?

উত্তৰ :- অতি বেছিকৈ বৰফ পৰিলে মাইকী ভালুকে বৰফৰ তলত গাত খান্দি তাত সোমাই থাকে।


১৫. গাতত থকা মাইকী ভালুকে একো নোখোৱাকৈ কেনেকে জীৱাই থাকে ?

উত্তৰ :- গাতত থকা মাইকী ভালুকে একো নোখোৱাকৈ জীৱাই কাৰণ সিহঁতৰ গাত থকা চৰ্বিয়ে সিহঁতক জীৱাই থাকে। 


১৬. শীতল ঠাইত বাস কৰা আৰু এবিধ প্ৰাণী নাম কি ?

উত্তৰ :- শীতল ঠাইত বাস কৰা আৰু এবিধ প্ৰাণী নাম হ'ল পেংগুইন।


১৭. পেংগুইন এবিধ কি ?

উত্তৰ :- পেংগুইন অবিধ হ'ল পানীত থকা চৰাই।


১৮. পেংগুইনৰ পাখিবোৰ কেনেকোৱা হয় ?

উত্তৰ :- পেংগুইনৰ পাখিবোৰ সৰু সৰু হয়।


১৯. পেংগুইনে পানীত কি কৰে ? 

উত্তৰ :- পেংগুইনে পানীত বৰ পাকৈতৰ দৰে সাঁতোৰে। 


২০. পেংগুইনৰ খাদ্য় কি ?

উত্তৰ :- পেংগুইনৰ খাদ্য় হ'ল মাছ।




Type By- Pal Bora