পানীৰ চাপ

৯ম অধ্য়ায় 

১. সকলো বস্তুৰ দৰে পানী কি দিয়ে ? 

উত্তৰ :- সকলো বস্তুৰ দৰে পানী চাপ দিয়ে।


২. আমি বিশেষকে পানী কি কামত ব্য়ৱহাৰ কৰো ?

উত্তৰ :- আমি বিশেষকৈ পানী খোৱা কোমত ব্য়ৱহাৰ কৰো।


৩. পানীয়ে কোন হেঁচা দিয়ে ?

উত্তৰ :- পানীয়ে চাৰিওফালে হেঁচা দিয়ে।


৪. নিম্নচাপ কাক বোলে ?

উত্তৰ :- পানীয়ে তলতৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলা হয়।


৫. পাৰ্শ্বচাপ কাক বোলে ?

উত্তৰ :- পানীয়ে কাষলৈ দিয়া হেঁচাক পাৰ্শ্বচাপ বোলে।


৬. পানীৰ পাৰ্শ্বচাপৰ বঢ়া-টুটা ইয়াৰ কাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ :- পানীৰ পাৰ্শ্বচাপৰ বঢ়া-টুটা ইয়াৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।


৭. ফিল্টাৰত পানী কম থাকিলে পানী কিয় কম কে পৰে ?

উত্তৰ :- ফিল্টাৰত পানী কম থাকিলে পানী কম কে পৰে কাৰণ পানীৰ চাপ কম হৈ।


৮. ওপৰলৈ পানী থকা ফিল্টাৰ এটাৰ নলীয়েদি বেছিকৈ পানী ওলাই কাৰণ  কি ?

উত্তৰ :- ওপৰলৈ পানী থকা ফিল্টাৰ এটাৰ নলীয়েদি বেছিকৈ পানী ওলাই কাৰণ পানীৰ গভীৰতাই প্ৰভাৱ পেলায়।


৯. ঊৰ্দ্ধচাপ কাক বোলে ?

উত্তৰ :- পানীয়ে ওপৰলৈ দিয়া হাঁচাক ঊৰ্দ্ধচাপ বোলে।


১০. পানী আমি কি কি কামত ব্য়ৱহাৰ কৰো ?

উত্তৰ :- পানী আমি গা-ধোৱা, পানী খোৱা, গছ-পুলি ৰোৱাত সহায় কৰে।