অধ্য়ায়ঃ৭

                      ষোড়শ মহাজনপদ 


১। আৰ্যসকলে নিগাজীকৈ বসবাস কৰা একোটা অঞ্চলক কি বোলা হৈছিল?

উত্তৰঃ জনপদ বোলা হৈছিল।

২। সেই সময়ত বিভিন্ন ধাতু যেনে কি কি?

উত্তৰঃ সোণ হীৰা মুকুতা আদিৰ প্ৰচলন আছিল।

৩। ষোড়শ মহাজনপদৰ ভিতৰত মগধ ৰাজ্য়খনেই ভাৰতত প্ৰথমে সাম্ৰাজ্য় হিচাপে পৰিগণিত হৈছিল। মগধৰ প্ৰথম ৰজা আছিল কোন? 

উত্তৰঃ বিম্বিসাৰ মগধৰ প্ৰথম ৰজা আছিল।   

৪। লগে লগেই শক্তিশালী জনপদসমূহেই পিছলৈ মহাজনপদ হিচাপে কি হৈছিল?

 উত্তৰঃ পৰিগণিত  হৈছিল।

৫। কি ৰাজ্য়খনেই আটাইকেইখন ৰাজ্য়ৰ ভিতৰত মুখ্য়  আৰু শক্তিশালী হোৱাৰ কেইবাটাও কাৰণ আছে? 

উত্তৰঃ মগধ ৰাজ্য়খনেই আটাইকেইখন ৰাজ্য়ৰ ভিতৰত মুখ্য়  আৰু শক্তিশালী হোৱাৰ কেইবাটাও কাৰণ আছে।

৬। এইবিলাকৰ উপৰিও চাৰিখন প্ৰধান ৰাজ্য়ত ৰাজতন্ত্ৰ চলিছিল। সেইকেইখন কি কি?

উত্তৰঃ বৎস, অৱন্তী, কোশল আৰু মগধ।

৭। বৎস ৰাজ্য়ৰ ৰাজধানী কি আছিল?

উত্তৰঃ কৌশাম্বী আছিল।

৮। বৎস ৰাজ্য়ৰ বিখ্য়াত ৰজা কোন আছিল?

উত্তৰঃ উদয়ন আছিল।

৯। এই কাৰ শাসন কালতেই অৱন্তী আৰু মগধৰাজ্য়ৰ লগত সঘনে যুদ্ধ-বিগ্ৰহ হৈছিল? 

উত্তৰঃ উদয়নৰ হৈছিল। 

১০। অৱশেষত মগধৰ ৰজা অজাতশত্ৰুৰ দিনত এই ৰাজ্য়খন কি হলই যায়?   

উত্তৰঃ মগধৰ দখললৈ যায়। 

১১। আন এখন উল্লেখযোগ্য় ৰাজতন্ত্ৰ শাসন চলা ৰাজ্য় কি আছিল?

উত্তৰঃ অৱন্তী আছিল। 

১২। অৱন্তী ৰাজ্য়ৰ ৰজা কোন আছিল?

উত্তৰঃ চণ্ডপ্ৰদ্য়ুৎ মহাসেন আছিল।

১৩। বৌদ্ধ শাস্ত্ৰমতে তেওঁ বৰ কি ৰজা আছিল? 

উত্তৰঃ তেওঁ বৰ নিষ্ঠুৰ প্ৰকৃতিৰ আৰু শক্তিশালী ৰজা আছিল।

১৪।তেওঁলৈ ভয় কৰিয়েই মগধৰ শক্তিশালী ৰজাই ৰাজগৃহ অধিক কি কৰি তুলিছিল? 

উত্তৰঃ সুৰক্ষিত কৰি তুলিছিল। 

১৫। আনহাতে তেওঁৰ জীয়েক বাসবদত্তাক বৎসৰ ৰজা কাক বিয়া কৰাইছিল?

উত্তৰঃ উদয়নে বিয়া কৰাইছিল।

১৬। কিন্তু শেষত কি কৰি তেওঁ সম্পূৰ্ণ সলনি হৈ গৈছিল? 

উত্তৰঃ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ সম্পূৰ্ণ সলনি হৈ গৈছিল।

১৭। যাৰ ফলত অৱন্তী ৰাজ্য়খনো কি হৈছিল?

উত্তৰঃ মগধৰ তলতীয়া হৈছিল।

১৮। ৰজা প্ৰসেনজিতৰ ৰাজত্বকালত আটাইতকৈ শক্তিশালী হৈ উঠা ৰাজ্য়খন নাম কি আছিল?

উত্তৰঃ কোশল আছিল।

১৯। এই ৰাজ্য়ৰ প্ৰথম ৰাজধানী আৰু পিছত কি আছিল?

উত্তৰঃ অযোধ্য়া আৰু পিছত শ্ৰাৱস্তী আছিল। 

২০। উল্লেখ্য় যে প্ৰসেনজিতৰ ভনীয়েকক মগধৰ ৰজা কোনে বিয়া কৰাইছিল?

উত্তৰঃ বিম্বিসাৰে বিয়া কৰাইছিল। 

Type By- Ritu Moni Bora