সমাজ আৰু অৰ্থনীতি 

(Emergence of Provincial Dynastics)

 Chapter: 4

১. মা-হুৱান নামৰ চীনা নাৱিকজনে কিমান খ্ৰীষ্টাব্দত বঙ্গৰ কি উৎপাদন প্ৰথম উল্লেখ কৰে ?

উত্তৰঃ মা-হুৱান নামৰ চীনা নাৱিকজনে ১৪৩২ খ্ৰীষ্টাব্দত বঙ্গৰ ৰেচম উৎপাদন প্ৰথম প্ৰথম উল্লেখ কৰে।


২. শস্যৰ বীজ বা গুটি সিচাঁৰ প্ৰায় কিমান ঘন্টাৰ আগৰ পৰা সেমেকাই ৰখা হয় ?

উত্তৰঃ শস্যৰ বীজ বা গুটি সিচাঁৰ প্ৰায় ২৪ ঘন্টাৰ আগৰ পৰা সেমেকাই ৰখা হয়। 


৩.কৃষি আৰু ৰাজহ ব্যৱস্থাতো প্ৰাৰম্ভিক তুৰ্কী চুলতানসকলৰ কেইটা ভেঁটিত প্ৰতিষ্ঠিত আছিল আৰু কি কি ?

উত্তৰঃ কৃষি আৰু ৰাজহ ব্যৱস্থাতো প্ৰাৰম্ভিক তুৰ্কী চুলতানসকলৰ দুটা ভেঁটিত প্ৰতিষ্ঠিত আছিল আৰু সেইকেইটা হ'ল-ইক্তা আৰু খেৰাজ।


৪. বহলভাৱে ইক্তাসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ দুটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হ'ল- বৃহৎ ইক্তা আৰু ক্ষুদ্ৰ ইক্তা।


৫. আফিফৰ মতে গাঁওবোৰত প্ৰত্যেকতে কিমানৰ পৰা কিমান পুৰুষ সদস্য আছিল ?

উত্তৰঃ আফিফৰ মতে গাঁওবোৰত প্ৰত্যেকতে ২০০ৰ পৰা ৩০০  পুৰুষ সদস্য আছিল। 


৬. দিল্লীৰ চুলতাসকলৰ অধীনস্থ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ হিন্দু আছিল ?

উত্তৰঃ দিল্লীৰ চুলতাসকলৰ অধীনস্থ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ হিন্দু আছিল।  


৭. চুলতানী সাম্ৰাজ্যত ৰবি আৰু খাৰিফ শস্যৰ অধীনত কিমান বিধ শস্যৰ খেতিৰ নাম উল্লেখ কৰিছে  ?

উত্তৰঃ চুলতানী সাম্ৰাজ্যত ৰবি আৰু খাৰিফ শস্যৰ অধীনত ২৫ বিধ শস্যৰ খেতিৰ নাম উল্লেখ কৰিছে। 


৮. এবিধ নগদী উৎপন্ন বস্তু কি ?

উত্তৰঃ  এবিধ নগদী উৎপন্ন বস্তু হ'ল নীল।


৯. কৃষি উৎপন্ন দ্ৰব্য কি ? 

উত্তৰঃ কৃষি উৎপন্ন দ্ৰব্য হ'ল কানি।


১০. আল্লাউদ্দিনৰ সময়ছোৱাতে ইক্তাসমূহ কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰঃ   দুটা ভাগত ভাগ কৰা হৈছিল যেনে- (ক) দিল্লী চুলতানী প্ৰতিষ্ঠাৰ  আৰম্ভণি সময়ৰ পৰা থকা ইক্তাসমূহ।   (খ) আল্লাউদ্দিনে নিজে অধিকাৰ কৰা অঞ্চল সমূহৰ ইক্তাসমূহ।


১১। চুলতানী যুগত মালৱৰ উপকুলত  খেতি কৰা এবিধ শস্যৰ নাম লিখা ।

উত্তৰঃ  চুলতানী যুগত মালৱৰ উপকুলত খেতি কৰা এবিধ শস্যৰ নাম হল আদা ।


১২. আলাউদ্দিন খিলিজিৰ টাক-শালৰ মুখিয়াল বিষয়াজনৰ নাম কি ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ টাক-শালৰ মুখিয়াল বিষয়াজনৰ নাম হল থাকুৰ ফেৰু ।


১৩. ভৰালৰ আন এটা নাম কি ।

উত্তৰঃ ভৰালৰ আন এটা নাম হল কোথি ।


১৪. কুঁৱাৰ পৰা পানী তোলা যন্ত্ৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  কুঁৱাৰ পৰা পানী তোলা যন্ত্ৰক ৫টা ভাগত ভগাব পাৰি যেনে

ক) ৰচী ।

খ) চৰখী ।

গ) সৰসা ।

ঘ) চাদাফ ।

ঙ) চাকিয়া বা পাৰ্চিয়ান হুইল ।


১৫. পাৰ্চিয়ান হুইল প্ৰযুক্তিৰ সংযোজন কেইটা আৰু কি কি ।

উত্তৰঃ পাৰ্চিয়ান হুইল প্ৰযুক্তিৰ সংযোজন তিনিটা সেইকেইটা হল 

ক) অতিৰিক্ত দুটা চকৰী প্ৰয়োগ ।

খ) গিয়েৰ প্ৰযুক্তিৰ ব্যৱহাৰ ।

গ) জন্তুৰ শক্তিৰ ব্যৱহাৰ ।


১৬. ইক্তা কি ।

উত্তৰঃ ইক্তা এটা আৰৱী শব্দ ।


১৭. ইক্তা কি বিভাগক বুজায় ।

উত্তৰঃ ইক্তা এক প্ৰকাৰৰ আঞ্চলিক প্ৰশাসনিক গোটক বুজায় ।


১৮. ইক্তাদাৰ কাক বোলে ।

উত্তৰঃ চুলতানসকলে সাম্ৰাজ্যখনক বহুতো ইক্তা বা প্ৰদেশ বা প্ৰভাৱশালী ক্ষেত্ৰত বিভাজিত কৰিছিল আৰু প্ৰতিটো ক্ষেত্ৰ এজন বিষয়াৰ অধীনত দিয়া হৈছিল তাকে ইক্তাদাৰ বুলি কোৱা হয় ।


১৯. ইক্তাৰ মুখিয়ালজনক কি উপাধিৰে জনা গৈছিল । 

উত্তৰঃ  ইক্তৈৰ মুখিয়ালজনক নাইব, নাজিম, মুফতি, বলী আদি উপাধিৰে জনা গৈছিল ।


২০. ইক্তাৰ মুৰব্বীজনক কি হিচাপে জনা যায় ।

উত্তৰঃ ইক্তাৰ মুৰব্বীজনক প্ৰাদেশিক কৰ্তা হিচাপে জনা যায় । 


২১. ক্ষুদ্ৰ ক্ষুদ্ৰ ইক্তাদাৰসকলক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ ক্ষুদ্ৰ-ক্ষুদ্ৰ ইক্তাদাৰসকলক খুট আৰু মুকদ্দম বুলি কোৱা হৈছিল ।


২২. ইক্তা ব্যৱস্থাৰ প্ৰথম সংজ্ঞা কোনে আগবঢ়াইছিল ।

উত্তৰঃ  ইক্তা ব্যৱস্থাৰ প্ৰথম সংজ্ঞা আগবঢ়াইছিল নিজাম-উল-মুল্ক-টুচী নামৰ এজন চেলজুক ৰাজনীতি বিশাৰদে ।


২৩.  ইক্তাদাৰী ব্যৱস্থা কাক বোলে ।

উত্তৰঃ চুলতানৰ ইচ্ছা অনুসৰি কোনো ব্যক্তিক ভূমি ৰাজহৰ অধিকাৰ প্ৰদান কৰা ব্যৱস্থাক ইক্তাদাৰী ব্যৱস্থা বোলে । 


২৪. ইক্তাদাৰী ব্যৱস্থাৰ দ্বাৰা কি কৰা হয় ।

উত্তৰঃ ইক্তাদাৰী ব্যৱস্থাৰ দ্বাৰা কৰ হস্তগত কৰা হয় ।


২৫. অধিকাৰ প্ৰদান ব্যৱস্থাৰ কাৰক কেইটা আৰু কি কি ।

উত্তৰঃ  অধিকাৰ প্ৰদান ব্যৱস্থাৰ কাৰক তিনিটা সেইকেইটা হল 

ক) ৰাজহ সংগ্ৰহ ।

খ) সেনাবাহিনীৰ ভৰণ-পোষণ ।

গ) পৰম্পৰাগত ব্যৱস্থাৰ ৰক্ষণাবেক্ষণ দিয়া যাতে যিকোনো বিষম প্ৰতিক্ৰিয়াক বাধা দি ৰাখিব পাৰি ।


২৬. ইক্তা কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  ইক্তা হল চাৰি প্ৰকাৰৰ সেইসমূহ হল 

ক) ইক্তা ঃ ই হল প্ৰশাসনিক আৰু সামৰিক অনুদান ।

খ) ইক্তা-ই-তামলিকঃ এই প্ৰকাৰৰ ইক্তাক ৰাজহ সংগ্ৰহৰ বাবে প্ৰদান কৰা হয় ।

গ) ইক্তা-ই- ইচতিঘটলঃ বেতনৰ বাবদ দিয়া ইক্তা ।

ঘ) ইক্তা-ই-ৱৰফঃ দান ধৰ্মলৈ দিয়া ইক্তা ।


২৭. আলাউদ্দিনে ইক্তাসমূহক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি ।

উত্তৰঃ আলাউদ্দিনে ইক্তাসমূহক দুটা ভাগত ভাগ কৰিছিল যেনে 

ক) দিল্লী চুলতানী প্ৰতিষ্ঠাৰ আৰম্ভণিৰ সময়ৰ পৰা থকা ইক্তাসমূহ ।

খ) আলাউদ্দিনে নিজে অধিকাৰ কৰা অঞ্চল সমূহৰ ইক্তাসমূহ ।


২৮. ইবনবটুতাই চৌধুৰীক কিমানখন গাঁৱৰ মুখিয়াল আখ্যা দিছিল ।

উত্তৰঃ ইবনবটুতাই চৌধুৰীক ১০০ খন গাৱৰ মুখিয়াল আখ্যা দিছিল । 


২৯.. জমিনদাৰ শব্দটো কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি ।

উত্তৰঃ জমিনদাৰ শব্দটো পাৰ্চী ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হল মাটিৰ মালিক । 


৩০. মুদ্ৰাত কোনে প্ৰথমে মোহৰ মৰাইছিল ।

উত্তৰঃ মুদ্ৰাত প্ৰথমে দাস বংশৰ শ্ৰেষ্ঠ চুলতান ইলতুটমিছে মোহৰ মৰাইছিল । 


৩১. চুলতানী যুগৰ আটাইতকৈ বেছি ওজনৰ তামৰ মুদ্ৰাটোৰ নাম কি 

উত্তৰঃ  চুলতানী যুগৰ আটাইতকৈ বেছি ওজনৰ তামৰ মুদ্ৰাটোৰ নাম হল পাইকা । 


৩৩. বাহলোলী পইচা কাক বোলে ।

উত্তৰঃ বাহলুল লোডীয়ে তেওঁৰ প্ৰধান তামৰ মুদ্ৰা এই ওজনৰ তৈয়াৰ কৰিছিল সেই মুদ্ৰাকে বাহলোলী বা পইচা বুলি কোৱা হয় ।


৩৪. মাণ্ডিৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ  মাণ্ডিৰ ৰাজধানীৰ নাম আছিল দিল্লী ।


 ৩৫. চাহানা-ই-মাণ্ডি কি আছিল ।

উত্তৰঃ চাহানা-ই-মাণ্ডি আছিল খাদ্য-শস্য-বজাৰ অধীক্ষক ।


৩৬. চুলতানী যুগৰ কেইখনমান নগৰৰ নাম লিখা ।

উত্তৰঃ  চুলতানী যুগৰ কেইখনমান নগৰৰ নাম হল 

ক) দিল্লী ।

খ) মূলতান ।

গ) আহিলৱাৰা ।

ঘ) কেম্বে ।

ঙ) কাৰা 

চ) লক্ষণাৱতী ।


৩৭. মহম্মদ বিন টোঘলকে নিৰ্মাণ কৰা নগৰখনৰ নাম কি ।

উত্তৰঃ  মহম্মদ বিন টোঘলকে নিৰ্মাণ কৰা নগৰখনৰ নাম হল টোঘলকাবাদ । 


৩৮. ছাহজাহানৰ দিনত প্ৰতিষ্ঠা কৰা নতুন ৰাজধানী চহৰখনৰ নাম কি ।

উত্তৰঃ  ছাহজাহানৰ দিনত প্ৰতিষ্ঠা কৰা নতুন ৰাজধানী চহৰখনৰক নাম হল ছাহজাহানবাদ ।


৩৯. জৌনপুৰ নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ জৌনপুৰ নগৰখন ফিৰোজছাহ টোগলকে নিৰ্মাণ কৰিছিল । 


৪০. গুজৰাট ৰাজ্যৰ প্ৰাদেশিক ৰাজধানীখনৰ নাম কি ।

উত্তৰঃ গুজৰাট ৰাজ্যৰ প্ৰাদেশিক ৰাজধানীখনৰ নাম হল আহমেদাবাদ ।


৪১. চুলতানী যুগৰ আভ্যন্তৰীণ বাণিজ্যক কেইটা স্তৰত গঢ়ি উঠিছিল আৰু কি কি ।

উত্তৰঃ  চুলতানী যুগৰ আভ্যন্তৰীণ বাণিজ্যক দুটা স্তৰত গঢ়ি উঠিছিল যেনে 

ক) কম দূৰত্বৰ গাঁও চহৰ বাণিজ্য যি সামগ্ৰীক সমষ্টি হিচাপে বেচা-কিনা কৰে ।

খ) দূৰৱৰ্তী আন্তঃনগৰ বাণিজ্য য'ত মূল্যবান বয়-বস্তুৰ লেনদেন হৈছিল ।


৪২. দিল্লী চুলতানী সাম্ৰাজ্যৰ ঐতিহাসিক সমলত কেইপ্ৰকাৰৰ বেপাৰীৰ নাম পোৱা যায় আৰু কি কি ।

উত্তৰঃ দিল্লী চুলতানী সাম্ৰাজ্যৰ ঐতিহাসিক সমলত দুই প্ৰকাৰৰ বেপাৰীৰ নাম পোৱা যায় যেনে 

ক) কাৰৱানী বা নায়ক ।

খ) মূলতানী । 


৪৩. চুলতানী যুগত আৰ্বিভাৱ হোৱা এবিধ বেপাৰী শ্ৰেণীৰ নাম লিখা ।

উত্তৰঃ চুলতানী যুগত আৰ্বিভাৱ হোৱা এবিধ বেপাৰী শ্ৰেণীৰ নাম হল দালাল ।



Type: Krishna Bora 

Author_ Ali rani kakati ( Ba in History Major)