মেৰী কুৰি

(Marie Curie)


    ১৮৬৭ চনৰ ৭ নৱেম্বৰ তাৰিখে পোলেণ্ডত মেৰী কুৰী জন্ম হয়। জীৱনৰ বেছিভাগ সময়েই ফ্ৰান্সতে কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী। নিজস্ব কৰ্মৰ গৰিমাত পেৰিছৰ পেন্থিয়নত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা। মেৰী কুৰীক জন্মতে নাম দিয়া হৈছিল মাৰিয়া ছেল'মিয়া স্ক্লডভ্‌স্কা। তেখেতৰ জন্ম হৈছিল সেই কালৰ 'পোলেণ্ড ৰাজ্য'ৰ ৱাৰশ্ব' চহৰত। পোলেণ্ডৰ ফ্লোটিং বিশ্ববিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ৱাৰশ্ব'ত বিজ্ঞান পাঠ কৰে। ১৮৯১ চনত, ২৪ বছৰ বয়সত বায়েক ব্ৰনিস্লাভাৰ দৰেই পেৰিছলৈ অধ্যয়নৰ বাবে আহে। পেৰিছতে তেওঁ উচ্চ পৰ্যায়ৰ ডিগ্ৰী লাভ কৰে, আৰু পাছলৈ বিজ্ঞানৰ কৰ্মত ব্ৰতী হয়। ১৯০৩ চনত লাভ কৰা প্ৰথম ন'বেল বঁটা তেখেতে পদাৰ্থবিজ্ঞান শাখাত গিৰিয়েক পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেন্‌ৰি বেকুৰেলৰ লগত যুটীয়া ভাৱে লাভ কৰে। ১৯১১ চনত তেখেতে অকলেই ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। ১৯০৩ চনত মেৰীয়ে 'ডক্টৰ অব চায়েন্স' সন্মানও লাভ কৰিছিল। আজীৱন ৰেডিয়াম লৈ অহৰহ কাম কৰি যোৱা মেৰীয়ে অৱশেষত নিজেই তেজষ্ক্ৰিয়তাৰ চিকাৰ হ'ল আৰু ১৯৩৮ চনত মৃত্যু হয়।


সৌৰভ বৰা (Sourabh Bora) 
(Morigaon Assam).....