ভাৰতৰ বৈদেশীক সম্পৰ্ক

চতুৰ্থ অধ্যায়

অতি চমু প্ৰশ্নঃ 

১. কিমান চনত শীতল যুদ্ধ হৈছিল ।

উত্তৰঃ  ১৯৪৫ চনত শীতল যুদ্ধ হৈছিল ।


২. কিমান চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।

উত্তৰঃ  ১৯৬৫ আৰু ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।


৩. কিমান চনত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল ।

উত্তৰঃ  ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল ।


৪. কিমান চনৰ পৰা কিমান চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল ।

উত্তৰঃ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল ।


৫. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ।

উত্তৰঃ  ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতে বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধ আৰম্ভ          

হৈছিল ।


৬. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা দুটা বৃহৎ শক্তিৰ নাম লিখা ।

উত্তৰঃ  দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা দুটা বৃহৎ শক্তিৰ নাম হল

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।

খ) ছোভিয়েট ইউনিয়ন ।


৭. বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ নাম কি 

উত্তৰঃ  বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ নাম হল  

ভাৰতবৰ্ষ ।


৮. ভাৰতীয় বৈদেশীক নীতিৰ মুখ্য নিৰ্মাতা বুলি কাক কোৱা হয় ।

উত্তৰঃ  স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ভাৰতীয় বৈদেশীক নীতিৰ মুখ্য নিৰ্মাতা বুলি কোৱা হয় ।


৯. জৱাহৰলাল নেহৰুৱে কিমান চনৰ পৰা কিমন চনলৈ ভাৰতীয় বৈদেশীক নীতি নিৰ্ধাৰণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিল ।

উত্তৰঃ জৱাহৰলাল নেহৰুৱে ১৯৪৬ চনৰ পৰা ১৯৬৪ চনলৈ ভাৰতীয় বৈদেশীক নীতি নিৰ্ধাৰণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।


১০. জৱাহৰলাল নেহৰুৱে প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা বিষয়টোৰ নাম কি ।

উত্তৰঃ জৱাহৰলাল নেহৰুৱে অগ্ৰাধিকাৰ প্ৰদান কৰা বিষয়টোৰ নাম হল জাতীয় স্বাৰ্থ।


১১. জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতি কেইটা আৰু কি কি ।

উত্তৰঃ  জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতি তিনিটা সেইকেইটা হল 

ক) যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ ।

খ) ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ ।

গ) দ্ৰুত অৰ্থনৈতিক বিকাশত উৎসাহিত কৰা ।


১২. কিমান চনত জৱাহৰলাল নেহৰুৱে বৈদেশীক নীতিৰ মৌলিক উপাদানসমূহ ঘোষণা কৰিছিল ।

উত্তৰঃ  ১৯৪৬ চনৰ ৭ ছেপ্তেম্বৰত জৱাহৰলাল নেহৰুৱে বৈদেশীক নীতিৰ মৌলিক 

উপাদানসমূহ ঘোষণা কৰিছিল ।


১৩. শ্ৰী লংকাৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ  শ্ৰী লংকাৰ ৰাজধানীৰ নাম হল কলম্বো ।


১৪. গোষ্ঠী নিৰপেক্ষ শব্দটো কোনে কেতিয়া প্ৰথমে ব্যৱহাৰ কৰিছিল।

উত্তৰঃ  ১৯৫৪ চনত শ্ৰী লংকাৰ ৰাজধানী কলম্বোত জৱাহৰলাল নেহৰুৱে প্ৰথমে গোষ্ঠী 

নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিছিল ।


১৫. পঞ্চশীল কি ।

উত্তৰঃ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা ভাষণত চীন-ভাৰতৰ সম্পৰ্কৰ পথ 

নিৰ্দেশক হিচাপে পাচটা স্তম্ভ উল্লেখ কৰে তাকে পঞ্চশীল বুলি কোৱা হয় ।


১৬.  পঞ্চশীল নীতিকেইটা পিছলৈ কাৰ ভেটি হৈ পৰে ।

উত্তৰঃ  পঞ্চশীল নীতিকেইটা পিছলৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভেটি হৈ পৰে ।


১৭. পঞ্চশীল নীতিকেইটা আৰু কি কি ।

উত্তৰঃ পঞ্চশীল নীতি ৫টা যেনে 

ক) আন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন ।

খ) পাৰস্পৰিক অনাক্ৰমণ ।

গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা ।

ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা ।

ঙ) শান্তিপূৰ্ণ সহাৱস্থান ।


১৮. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি কিমান চনত আৰু কত হৈছিল ।

উত্তৰঃ  ১৯৫৫ চনত ইণ্ডোনেছিয়াৰ বাণ্ডং চহৰত অনুষ্ঠিত হোৱা সন্মিলনৰ জৰিয়তে গোষ্ঠী 

নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি হৈছিল ।


১৯. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কেইজনমান প্ৰতিষ্ঠাতাৰ নাম লিখা ।

উত্তৰঃ  গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কেইজনমান নেতাৰ নাম হল -

ক) ভাৰতবৰ্ষৰ জৱাহৰলাল নেহৰু ।

খ) য়ুগোশ্লাভিয়াৰ জছিপ ব্ৰজ টিটো ।

গ) ইণ্ডোনেছিয়াৰ সুকৰ্ণো ।

ঘ) ইজিপ্তৰ গামাল আব্দেল নাছেৰ 

ঙ) ঘানাৰ কোৱামে নুখ্ৰূমা ।


২০.  কিমান চনত ছোভিয়েট ইউনিয়ন ভংগ হৈ পৰিছিল ।

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়ন ভংগ হৈ পৰিছিল ।


২১. ভাৰতৰ বৈদেশীক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ কি কি ।

উত্তৰঃ  ভাৰতৰ বৈদেশীক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ হল -

ক) ভৌগোলিক একতা ৰক্ষা কৰা ।

খ)   আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ।

গ) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰা ।বৰ্তমান 

ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা ।

ঙ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বন্ধ কৰা ।

চ) ভাৰতৰ আকাশমাৰ্গ আৰু নৌ পথ সুচল কৰা ।

ছ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা ।  


২২. বৰ্তমান গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ।

উত্তৰঃ  বৰ্তমান গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১২০ খন ।   

              

২৩. নিৰীক্ষক ৰাষ্ট্ৰ কেইখন ।

উত্তৰঃ নিৰীক্ষক ৰাষ্ট্ৰ ১৭ খন ।


২৪. কিমান চনত আৰু কোনে এছীয় সম্পৰ্ক সন্মিলন অনুষ্ঠিত কৰিছিল ।

উত্তৰঃ  ১৯৪৭ চনত ভাৰতবৰ্ষই এছীয় সম্পৰ্ক সন্মিলন অনুষ্ঠিত কৰিছিল ।


২৫.কিমান চনত আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯৫৪ চনত আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আয়োগ গঠন কৰা হৈছিল ।


২৬. ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা নীতিকেইটা আৰু কি কি ।

উত্তৰঃ  ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা নীতিকেইটা হল -

ক)   বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতে প্ৰতিদান নিবিচৰাকৈ বিশ্বাসৰ আধাৰত যিমানদুৰ সম্ভৱ সহায় কৰিব ।

খ) দক্ষিণ এছিয়াৰ কোনো ৰাষ্ট্ৰই অঞ্চলটোৰ আন ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে নিজৰ ভূখণ্ড ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰিব ।

গ) কোনো ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব ।

ঘ) দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব ।

ঙ) ৰাষ্ট্ৰসমূহে তেওঁলোকৰ মাজৰ সকলোধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত হব ।   


২৭. কাৰ নেতৃত্বত বৰ্ণবৈষম্য আন্দোলন সংঘটিত হৈছিল ।

উত্তৰঃ  নেলছন মেণ্ডেলাৰ নেতৃত্বত বৰ্ণবৈষম্য আন্দোলন সংঘটিত হৈছিল ।


২৮. ভাৰতৰ বৈদেশীক নীতিৰ মূল নীতিসমূহ কি কি ।

উত্তৰঃ ভাৰতৰ বৈদেশীক নীতিৰ মূল নীতিসমূহ হল 

ক) গোষ্ঠীনিৰপেক্ষতা ।

খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন ।

গ) ন্যায়সংগত লক্ষ্যসাধন ।

ঘ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন ।

ঙ) উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা ।


২৯. ভাৰতৰ বৈদেশীক নীতিৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰতৰ বৈদেশীক নীতিৰ উদ্দেশ্যাৱলী বহুমুখী । অৱশ্যে এইবোৰ স্থিতিশীল নহয় । সময় আৰু পৰিস্থিতিৰ দ্বাৰা এই উদ্দেশ্যসমূহ প্ৰভাৱিত আৰু পৰিৱৰ্তন হয় । ভাৰতৰ বৈদেশীক নীতিৰ এক অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য হল ভৌগোলিক ্খণ্ডতাৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ । ভাৰতে এই ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰাৰ পক্ষপাতী নহয় । বিশ্ব শান্তি ভাৰতৰ বৈদেশীক নীতিৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য । ভাৰতে সদায় বিশ্বত শান্তি  প্ৰতিষ্ঠানৰ বাবে যুঁজ দি আহিছে । যিকোণো ধৰণৰ বিবাদ অহিংস বা শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাত আগ্ৰহী । একেদৰে ভাৰতে আন ৰাষ্ট্ৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নিবিচাৰে । চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতে বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সদায় আগ্ৰহ প্ৰদৰ্শন কৰি আহিছে । 

৩০. ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰীজনৰ নাম হল চৰ্দাৰ বল্লভভাই পেটেল । 


৩১. চীনদেশৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ  চীনদেশৰ প্ৰধানমন্ত্ৰীজনৰ নাম হল চৌ এন লাই । 


৩২. কিমান চনত চীনে তিব্বত অধিকাৰ কৰিছিল ।

উত্তৰঃ  ১৯৫০ চনত চীনে তিব্বত অধিকাৰ কৰিছিল ।


৩৩. তিব্বতৰ এজন ধৰ্মগুৰুৰ নাম লিখা ।

উত্তৰঃ  তিব্বতৰ এজন ধৰ্মগুৰুৰ নাম হল দালাই-লামা ।


৩৪. চীন-ভাৰতৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ১৯৬২ চনত চীন আৰু ভাৰতবৰ্ষৰ মাজত যুদ্ধ হৈছিল । প্ৰায় এসপ্তাহজোৰা প্ৰথমটো আক্ৰমণত চীন সেনাই অৰুণাচল প্ৰদেশৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চল অধিকাৰ কৰে । নৱেম্বৰ মাহত চীনে দ্বিতীয়টো আক্ৰমণ কৰে । ভাৰতীয় সেনাই পশ্চিম সীমান্ত চীনৰ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয় যদিও পূব-সীমান্তত চীনৰ সেনাবাহিনীয়ে  প্ৰায় অপ্ৰতিহতভাৱে ভাৰতীয় সীমা অতিক্ৰম কৰি অসমৰ তেজপূৰলৈ আগবাঢ়ি আহে । .চীনে অসমক ভাৰতৰ ভূমিৰ পৰা কাঢ়ি নিয়াটো প্ৰায় নিশ্চিত হৈ পৰে । আনকি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমক ভাৰতৰ ভূমিৰ পৰা বিদায় দিয়াৰ দৰে ভাষণো দিয়ে । 

৩৫. কিমান চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী চীনলৈ যায় ।

উত্তৰঃ  ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী চীনলৈ যায় ।


৩৬.  বাংলাদেশৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰত বিভাজনৰ ফলত পাকিস্তানৰ জন্ম হৈছিল । পাকিস্তানৰ ভূখণ্ড পশ্চিম আৰু পূব পাকিস্তানত বিভক্ত হৈ আছিল । পূৱ পাকিস্তানৰ জনসাধাৰণৰ জীৱন আৰু সংস্কৃতিৰ ভাৰতৰ সৈতেহে অধিক সাদৃশ্য আছিল । ১৯৭০ৰ দশকৰ আৰম্ভণিত পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিত ভয়াবহ ৰূপধাৰণ কৰে । পূব পাকিস্তানৰ জনসাধাৰণে তেওঁলোকৰ ওপৰত জোৰকৈ উৰ্দু ভাষাটো আৰোপ কৰাত অসন্তুষ্ট হৈ পৰিছিল । আকৌ পূব পাকিস্তানৰ প্ৰতি পশ্চিম পাকিস্তানৰ আচৰণ আছিল প্ৰায় ঔপনিবেশিক শাসকৰ দৰে । পাকিস্তানৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত পশ্চিম পাকিস্তানত জুলফিকৰ আলী ভূট্টো নেতৃত্বধীন দলে জয়লাভ কৰাৰ বিপৰীতে পূব পাকিস্তানত শ্বেইখ মুজিবুৰ ৰহমানৰ আৱামী লীগে জয়লাভ কৰে । আৱামী লীগৰ এই জয়লাভক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল পশ্চিম পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বই । আৱামী লীগৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰস্তাৱো অগ্ৰাহ্য কৰা হয় ।


৩৭. পূব পাকিস্তানৰ পূৰ্বৰ নাম কি ।

উত্তৰঃ পূব পাকিস্তানৰ পূৰ্বৰ নাম হল বাংলাদেশ ।


৩৮. ছিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ।

উত্তৰঃ  ১৯৭২ চনৰ ৩ জুলাইত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ।


৩৯. ছিমলা চুক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ বিষয়ে লিখা ।

উত্তৰঃ  ছিমলা চুক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা হল 

ক) দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে তেওঁলোকৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব ।

খ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব ।

গ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব ।


৪০. কিমান চনত কাৰ্গিলৰ যুদ্ধ হৈছিল ।

উত্তৰঃ  ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধ হৈছিল । 


Type By- Ali Rani Kakati