গাওঁপঞ্চায়ত সভাপতিৰ ওচৰত ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন

প্ৰতি 

সভাপতি,

______গাওঁ পঞ্চায়ত 

বিষয়- ৰাস্তাঘাট মেৰামতি কৰাৰ বাবে আবেদন 

মহোদয়া,

    ইয়াৰ দ্ৱাৰা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যে, আমাৰ অঞ্চলৰ ৰাস্তাবোৰ অৱস্থা বহুত বেয়া। এইটো এটা অবহেলিত অঞ্চল। ইয়াৰ ৰাস্তাবোৰ বহুত দিন ধৰি ভাল কৰা নাই। আমি এই বিষয়ে বাৰে বাৰে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছো। প্ৰতি বাৰ বৰষুণৰ বাবে ৰাস্তাৰ যি লোকচান হয় সেইবোৰ কেতিয়াও ভাল কৰা নহয়। এই অঞ্চলৰ মাজেৰে যোৱা ৰাস্তাবোৰৰ বহুততে গৰ্ত আৰু ফাট আছে। বিশেষকৈ বাৰিষাকালত ৰাস্তাৰে খোজ কঢ়ি যোৰ বাবে বিপদজনক, কাৰণ ৰাস্তাবোৰ বোকাময় হৈ থাকে। তেতিয়া স্থানীয় মানুহ বোৰৰ অতি দুৰ্দশাৰ আৰু অন্ত নাথাকে।

    বিনীত নিবেদন এই যে বিষয়টো আৰু বেচি টান হোৱাৰ আগতে আপুনি কিবা এটা উপায় ভাবি স্থানীয় মানুহখিনিৰ দুখ দুৰ্দশা দূৰ কৰিব বুলি প্ৰাৰ্থনা জনালো।  

                                                        ধন্য়বাদ।                                                                     বিনীত______

গাওঁ_______