পাৰ চৰাই

জাতিঃ চৰাইৰ ভিতৰত পাৰ চৰাই মানুহৰ বৰ মৰমৰ চৰাই। পাৰ চৰাইৰ জাতিৰ ভিতৰত কিছুমান পোহনীয়া পাৰ গৃহস্থই সাজি দিয়া বাঁহত থাকে। আন কিছুমান বনৰীয়া পাৰ চৰাই আছে।

আকাৰঃ পাৰৰ আকাৰ অন্য চৰাইৰ দৰে যদিও সৰু সৰু পাখিৰে গোটেই গাটো দেখিবলৈ সুন্দৰ। ঠেঙৰ নখবোৰ বৰ চোকা। ইয়াৰ ঠোঁটটো অন্য চৰাইতকৈ সৰু আৰু ৰঙচুৱা বৰণৰ। চকু দুটা সৰু আৰু ঘূৰণীয়া। পাৰৰ ডেউকা, দুখনেৰে এঠাইৰ পৰা অন্য এঠাইলৈ বৰ খৰকৈ যাব পাৰে।

বৰণঃ বগা, ক'লা, পখৰা আদি বিভিন্ন বৰণৰ পাৰ দেখিবলৈ পোৱা যায়।

স্বভাৱঃ পাৰ চৰাইৰ স্বভাব একেবাৰে শান্ত। পাৰ ৰাতি নিজৰ বাহঁত থাকে আৰু পূৱাৰ লগে লগে বাহিৰলৈ ওলাই আহি ঘৰৰ মুখত নাইবা চোতালত পৰি ৰুণ দিবলৈ ধৰে। পাৰই প্ৰতি মাহে ২/৩ টাকৈ কণী পাৰে আৰু খেৰ কুটা আদি গোটাই উমনি দিয়ে। বাহঁত মতা মাইকী একেলগে থাকে। পোৱালী ডাঙৰ নোহোৱালৈকে মাক বাপেকে ঠোঁটেৰে আহাৰ খুৱাই থাকে ৷

উপকাৰিতাঃ পাৰৰ পৰা মানুহৰ যথেষ্ট উপকাৰ হয়। পাৰৰ মাংস মানুহৰ পুষ্টিকৰ খাদ্য। বিশেষকৈ বেমাৰী মানুহক পাৰৰ মাংস খাবলৈ দিয়া হয়। পাৰ বিক্ৰী কৰি মানুহ লাভবান হ'ব পাৰে। আগৰ দিনত পাৰৰ দ্বাৰাই চিঠি পত্র আদান প্রদান কৰা হৈছিল।

 অপকাৰিতাঃ পাৰৰ পৰা অপকাৰো কম নহয়। পাৰই আমাৰ শস্য আদি খাই নষ্ট কৰে ৷