Chapter - 3

ভৰত চৰাই আৰু তাইৰ পােৱালিবিলাক

    👉Text Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। ভৰত চৰায়ে ক’ত বাহ সাজিছিল ? 

উত্তৰঃ  ভৰত চৰায়ে গমৰ খেতিৰ মাজত বাহ সাজিছিল । 


 ২। ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় কিয় ? 

উত্তৰঃ আহাৰ বিচাৰি ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় ।


৩। চৰাইজনী বাহ এৰি উৰি যােৱাৰ পিছত খেতি চাবলৈ অহা মানুহ দুজন কোন আছিল ? 

উত্তৰঃ  চৰাইজনী বাহ এৰি উৰি যােৱাৰ পিছত খেতি চাবলৈ অহা মানুহ দুজন  আছিল সেই খেতি পথাৰৰ গৰাকী-বাপেক আৰু পুতেক ।


৪। সন্ধিয়া ভৰত চৰাইজনী বাহলৈ উলটি অহাৰ সময়ত পােৱালিবিলাকে কি কৈছিল ?

উত্তৰঃ পােৱালিবিলাকে মাকক কৈছিল যে সেইদিনা পথাৰলৈ দুজন মানুহ আহিছিল ।সিহঁতে পিছদিনাখন গাঁৱৰ মানুহ গােটাই আনি গমবােৰ চপাই নিয়াৰ কথা আলােচনা কৰিছে । যদি গমবােৰ সঁচাকৈয়ে চপাব আহে তেতিয়া সিহঁতৰ কি দশা হ’ব ? 


৫। দ্বিতীয় দিনা খেতি চপাবলৈ গাঁৱৰ মানুহ আহিছিলনে ? 

উত্তৰঃ দ্বিতীয় দিনা খেতি চপাবলৈ গাঁৱৰ মানুহ অহা নাছিল । 


৬। দ্বিতীয় দিনা পােৱালিবিলাকৰ মনৰ সংশয় দূৰ কৰিবলৈ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক কি কৈছিল ? 

উত্তৰঃ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক মনৰ সংশয় দূৰ কৰিবলৈ কৈছিল যে সিহঁতে একো ভয় কৰিব নালাগে । কাৰণ তেতিয়ালৈকে সিহঁত সকলো নিৰাপদ । গতিকে ভৰত চৰাইজনীয়ে পােৱালিবিলাকক নিশ্চিন্তমনে শুই থাকিবলৈ কৈছিল ।


৭। ভৰত চৰাইজনীয়ে প্রথমদিনা আৰু দ্বিতীয় দিনা পােৱালিকেইটাক কিয় নিশ্চিন্তমনে শুই থাকিব কৈছিল ? 

উত্তৰঃ প্রথম আৰু দ্বিতীয় দিনা বাপেক আৰু পুতেকে গাঁৱৰ মানুহ গােটাই আনি গমবােৰ চপােৱাৰ কথা আলােচনা কৰিছিল । পৰত আশ বনত বাস বুলি এষাৰ কথা আছে । আনৰ ওপৰত নিৰ্ভৰ কৰিলে কোনাে কাম সময়মতে কৰা নহয়গৈ। ভৰত চৰাইজনীয়ে জানিছিল যে , প্রথম দিনা আৰু দ্বিতীয় দিনা বাপেক পুতেক হালে যিহেতু গাঁৱৰ মানুহৰ সহায়ত গমবােৰ চপোৱাৰ কথা আলােচনা কৰিছে , গতিকে গম চপােৱা কামটো কেতিয়াও তেওঁলােকে ভবা ধৰণে নহয়গৈ। গমবােৰ নচপােৱালৈকে সিহঁতৰাে কোনাে বিপদৰ সম্ভাৱনা নাই । সেয়েহে প্রথম দুদিনত ভৰত চৰাইজনীয়ে পােৱালিকেইটাক নিশ্চিন্তমনে শুই থাকিবলৈ কৈছিল । 


৮। গম চপাবলৈ কোনাে গঞা নহাত শেষত বাপেক – পুতেকে কি কৰিছিল ? 

উত্তৰঃ গম চপাবলৈ কোনাে গঞা নহাত অৱশেষত বাপেক – পুতেক দুয়ােজনে লগ হৈ গমবােৰ চপােৱাৰ সিদ্ধান্ত লৈছিল । 


৯। “ আজি নিশাৰ ভিতৰতে আমি এই খেতি এৰি যাব লাগিব ” — কথাষাৰ কোনে , কাক , কিয় কৈছিল ? 


উত্তৰঃ কথাষাৰ ভৰত চৰাইজনীয়ে তাইৰ পােৱালি বিলাকক কৈছিল । পােৱালিবিলাকে সেইদিনাখন নিশা ভৰত চৰাইজনীক জনাইছিল যে পিছদিনা বাপেক পুতেক দুয়ােজনে নিজেই গম চপাব আহিব । কথাষাৰ চৰাইজনীয়ে বুজি পাইছিল যে বাপেক – পুতেকে নিজইে যেতিয়া গম চপােৱাৰ সিদ্ধান্ত লৈছে গতিকে , পিছদিনা তেওঁলােকে যে গম চপাবলৈ আহিব সেইটো নিশ্চিত । সেয়েহে , আগন্তুক বিপদৰ পৰা হাত সাৰিবলৈ সেইটো নিশাৰ ভিতৰতে খেতি পথাৰ এৰি যাব লাগিব বুলি ভৰত চৰাই জনীয়ে পােৱালিবিলাকক কৈছিল । 


 ১০। নিশাৰ ভিতৰতে খেতি এৰি যাব লগাৰ কাৰণ সােধাত ভৰত চৰাইজনীয়ে পােৱালিবিলাকক কি উত্তৰ দিছিল ? 


উত্তৰঃ ভৰত চৰাইজনীয়ে পােৱালিবিলাকক এইবুলি উত্তৰ দিছিল— “ ইমানদিনে মানুহ দুটাই লােকৰ মুখলৈ চাই আছিল । এইবাৰ হ’লে নিজেই কৰিম বুলি লাগিছে ৷ সেইবাবে কাইলৈ যে কাম আৰম্ভ হ’ব তাত আৰু সন্দেহ নাই । ” 


১১। ভৰত চৰাইৰ দৰে তুমি দেখিবলৈ পােৱা তিনিবিধ আন চৰাইৰ নাম উল্লেখ কৰা । 

উত্তৰঃ কপৌ , টোকোৰা চৰাই আৰু পঘুমা । 


 ১২। ভৰত চৰাইৰ বিষয়ে চমুকৈ লিখা ।           

উত্তৰঃ ভৰত চৰাই ঘনচিৰিকাতকৈ অলপ ডাঙৰ । পৃথিৱীত প্রায় সকলাে দেশতে এই চৰাইবিধ , পােৱা যায় । ইয়াৰ গাৰ বৰণ মটীয়া । ফিছা আৰু বুকুৰ ফালত মাজে মাজে অলপ বগা ৰঙা বৰণ থকা দেখা যায় । ইয়াৰ দৈর্ঘ্য প্রায় ১৮ চেণ্টিমিটাৰ। ই সাধাৰণতে শস্য পথাৰত বাহ সাজে । শস্যৰ বীজ আৰু সৰু পােক – পৰুৱা ইয়াৰ প্রধান খাদ্য । এই চৰাইবিধে এবাৰত তিনি – চাৰিটাকৈ কণী দিয়ে । ই তীব্র বেগত বহু ওপৰলৈ উৰিব পাৰে । 


 ১৩। ভাব বহলাই লিখা – 

  আপােন হাত , জগন্নাথ 

পৰত আল , বনত বাস । 


উত্তৰঃ মানুহে সদায় স্বাৱলম্বী হৈ চলিব লাগে । যি মানুহে নিজে নিজৰ কাম কৰি ল’ব পাৰে , সেই মানুহে কোনােদিন বিপদত নপৰে । স্বাৱলম্বী মানুহে নিজে নিজৰ কাম কৰা বাবে কামবােৰ সময়মতে হৈ উঠাৰ লগতে পৰিপাটীত হয় । আনৰ কাম যিমানে গুৰুত্বপূৰ্ণ নহওঁক কিয় , নিজৰ কাম নকৰাকৈ কোনেও সেই কাম কৰিবলৈ নাযায় । আনৰ সুখলৈ চাই আশা পালি থকা জনে সদায় ঠগ খায় । আনৰ ওপৰত আশা কৰা মানে বনত বাস কৰা লেখীয়া কথা । বনত বাস কৰা মানুহ অকলশৰীয়া । মহা বিপদতাে তেওঁ সতকাই লােকৰ সহায় নাপায় । কাৰােবাৰ সহায়ৰ আশাত থাকোতে তেওঁৰ বিপদ , বাঢ়িহে যায় । সেয়েহে বিজ্ঞলােকে আপােন হাত , জগন্নাথ ; পৰত আল , বনত বাস বুলি কয় । 


 ১৪। এটা শব্দত প্ৰকাশ কৰা –


( ক ) কৃষিকর্ম কৰা লোক ————–।

উত্তৰঃ কৃষক ।

( খ ) পৰৰ মুখলৈ যি বাট চায় —————।

উত্তৰঃ পৰমুখাপেক্ষী ।

(  গ ) ভাদ মাহত জন্ম হৈছে যাৰ —————।

উত্তৰঃ ভদীয়া ।

( ঘ ) গাঁৱত বাস কৰা লােক —————।

উত্তৰঃ গাঁৱলীয়া ।


 ১৫। প্রত্যয় কাক বােলে , উদাহৰণসহ লিখা । 

উত্তৰঃ ধাতু বা প্রতিপাদিকৰ পাছত যি শব্দ বা শব্দাংশ যােগ কৰা হয় তাকে প্রত্যয় বােলে । 

যেনে— গাওঁ + অলীয়া = গাঁওলীয়া । 


১৬। প্রত্যয় ভাঙি দেখুৱা –


            গঞা, ভদীয়া , কাতীয়া , শনীয়া , আঘােণা , পেটুৱা , ঢুলীয়া ।


উত্তৰঃ 

গঞা = গাঁৱ + ঈয়া । 

ভদীয়া = ভাদ + ঈয়া । 

কাতীয়া = কাতি + ঈয়া । 

শনীয়া = শনি + ঈয়া । 

আঘােণা = আঘােণ + আ । 

 পেটুৱা = পেট + উৱা ।

 ঢুলীয়া = ঢােল + ঈয়া ।

 


Check by - Mukesh Borah


null