জনবসতি
দশম অধ্যায়
(ক) জনবসতিক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?
উত্তৰঃ জনবসতিক দুটা ভাগত বিভক্ত কৰিব পাৰি।
(খ) জনবসতিৰ ভাগ দুটা কি কি ?
উত্তৰঃ জনবসতিৰ ভাগ দুটা হল- গ্ৰাম্য আৰু পৌৰ।
(গ) নগৰীকৰণ মানে কি ?
উত্তৰঃ নগৰীকৰণ মানে হল এখন দেশৰ নগৰীয়া জনসংখ্যাৰ অনুপাত বৃদ্ধি।
(ঘ) নগৰীকৰণৰ প্ৰধান কাৰণ কি ?
উত্তৰঃ নগৰীকৰণৰ প্ৰধান কাৰণ হল- গ্ৰাম্যঞ্চলৰ পৰা নগৰলৈ হোৱা প্ৰৱজন।
(ঙ) গ্ৰীক শব্দৰ অৰ্থ কি ?
উত্তৰঃ গ্ৰীক শব্দৰ অৰ্থ হল- বৃহৎ চহৰ।
(চ) অষ্ট্ৰেলিয়াৰ ৰাজধানী কি ?
উত্তৰঃ অষ্ট্ৰেলিয়াৰ ৰাজধানী হল- কানবেৰা।
(ছ) অষ্ট্ৰেলিয়াৰ ৰাজধানী কিমান চনত সজা হৈছিল ?
উত্তৰঃ অষ্ট্ৰেলিয়াৰ ৰাজধানী ১৯১২ চনত সজা হৈছিল।
(জ) নগৰ সংহতি কাক বোলে ?
উত্তৰঃ একাধিক নগৰপুঞ্জৰ একত্ৰীকৰণৰ অৱস্থাক নগৰ সংহতি বোলে।
(ঝ) বৰফৰ টুকুৰাৰ ঘৰক কি বোলে ?
উত্তৰঃ বৰফৰ টুকুৰাৰ ঘৰক ইগলু বোলে।
Question type- Leena Kakati
Answered by- Leena Kakati