পৃথিৱীৰ জনসংখ্যা বিতৰণ, ঘনত্ব আৰু বৃদ্ধি

দ্বিতীয় অধ্যায়

ক) একৈশ শতিকাৰ আৰম্ভণিত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ ৬ মহাপদ্ম (Billion) ।

খ) পৃথিৱীৰ ৯০ শতাংশ জনসংখ্যাৰ কিমান শতাংশ লোক স্থলভাগত বসতি কৰে ?
উত্তৰঃ পৃথিৱীৰ ৯০ শতাংশ জনসংখ্যাৰ প্ৰায় ১০ শতাংশ লোক স্থলভাগত বসতি কৰে ।

গ) জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰক সমূহ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ জলসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ তিনিপ্ৰকাৰৰ আৰু সেইবোৰ হল- ১) ভৌগোলিক কাৰক, ২) অৰ্থনৈতিক কাৰক, ৩) সামাজিক আৰু সাংস্কৃতিক কাৰক ।

ঘ) জনসংখ্যা পৰিবৰ্ত্তনৰ উপাংশ কেইটা ?
উত্তৰঃ জনসংখ্যা পৰিবৰ্ত্তনৰ উপাংশ তিনিটা ।

ঙ) জনসংখ্যা পৰিবৰ্ত্তনৰ তিনিটা উপাংশ কি কি ?
উত্তৰঃ জনসংখ্যা পৰিবৰ্ত্তনৰ তিনিটা উপাংশ হল- জন্ম, মৃত্যু আৰু প্ৰব্ৰজন।

চ) ভাৰতত, বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান ?
উত্তৰঃ ভাৰতত বাৰ্ষক জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৯ শতাংশ।

ছ) জনসংখ্যিক চক্ৰ বুলিলে কি বুজা ?
উত্তৰঃ উচ্চ মৃত্যু হাৰৰ পৰা নিম্ন জন্মহাৰলৈ আৰু নিম্ন মৃত্যু হাৰলৈ, পৰিবৰ্ত্তন হয়। এনেবোৰ পৰিবৰ্ত্তন যিটো স্তৰত সাধন হয়। তাক সমূহীয়াকৈ জনসংখ্যিক চক্ৰ বোলে।

Question Type- Leena Kakati
Answered by- Leena Kakati