প্ৰাথমিক বৃত্তি

পঞ্চম অধ্যায়

(ক) আদিম মানুুহে জীবন নিৰ্বাহ কৰাৰ বাবে, কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল ?

উত্তৰঃ আদিম মানুুহে জীবন নিৰ্বাহ কৰাৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল।

(খ) অঘৰী পশুপালন কি ?

উত্তৰঃ অঘৰী পশুপালন হল এবিধ আদিমভাবে কৰা পোষনভিত্তিক কাৰ্য।

(গ) বানিজ্যিক পশুধন পালনৰ অনুশীলনত আগৰনুৱা দেশৰ নাম লিখা ?

উত্তৰঃ বানিজ্যিক পশুধন পালনৰ অনুশীলনত আগৰনুৱা দেশৰ নাম হল- নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, আৰ্জেন্টিনা, উৰুগুৱে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) পোষণ কৃষিক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ পোষণ কৃষিক দুটা ভাগত বিভক্ত কৰিব পাৰি।

(ঙ) পোষণ কৃষি দুবিধৰ নাম লিখা ?

উত্তৰঃ পোষণ কৃষি দুবিধৰ নাম হল- আদিম পোষণ কৃষি, গহণ পোষণ কৃষি।

(চ) গহন পোষণ কৃষি মূলতঃ কেইপ্ৰকাৰৰ ?

উত্তৰঃ গহন পোষণ কৃষি মূলতঃ দুই প্ৰকাৰৰ।

(ছ) খনন কাৰ্যৰ দুটা প্ৰধান কাৰকৰ নাম লিখা ?

উত্তৰঃ খনন কাৰ্যৰ দুটা প্ৰধান কাৰকৰ নাম হল- প্ৰাকৃতিক কাৰক, অৰ্থনৈতিক কাৰক।


Question by- Leena Kakati

Answered by- Leena Kakati