তৃতীয়ক আৰু চতুৰ্থক বৃত্তি

সপ্তম অধ্যায়

(ক) ব্যৱসায় কি ?

উত্তৰঃ উৎপাদিত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় হল ব্যৱসায়।

(খ) পৰ্যটনক প্ৰভাৱান্বিত কৰা কাৰকসমূহ কি কি ?

উত্তৰঃ পৰ্যটনক প্ৰভাৱান্বিত কৰা কাৰকসমূহ হল- চাহিদা, পৰিবহন, পৰ্যটকৰ আকৰ্ষনীয় স্থানবোৰ, ভূ-দৃশ্যৱলী, ইতিহাস আৰু কলা, সংস্কৃতি আৰু অৰ্থনীতি।

(গ) পৰ্যটন কি ?

উত্তৰঃ পৰ্যটন হল অবসৰ বিনোদনৰ উদ্দেশ্যে কৰা এক প্ৰকাৰৰ যাত্ৰা।

(ঘ) বানিজ্য কেন্দ্ৰ বোৰক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

উত্তৰঃ বানিজ্য কেন্দ্ৰ বোৰক দুটা ভাগত বিভক্ত কৰিব পাৰি।

(ঙ) বানিজ্য কেন্দ্ৰৰ ভাগ দুটা কি কি ?

উত্তৰঃ বানিজ্য কেন্দ্ৰৰ ভাগ দুটা হল- গ্ৰাম্য আৰু নগৰীয়া।


Question type- Leena Kakati

Answered by- Leena Kakati