পৰিবহণ আৰু যোগাযোগ

অষ্টম অধ্যায়

(ক) পৰিবহন Network কাক বোলে ?

উত্তৰঃ বিভিন্ন স্থান বিভিন্ন পথেৰে সংযোগ কৰি গঢ়ি তোলা ব্যৱস্থাক পৰিবহন Network বোলে।

(খ)  কিমান শতিকাত ভাপ-ইঞ্জিন আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ ১৮ শতিকাত ভাপ-ইঞ্জিন আৱিষ্কাৰ হৈছিল।

(গ) পৃথিৱীৰ প্ৰথম ৰেলপথটো কিমান চনত মুকলি কৰা হৈছিল ?

উত্তৰঃ পৃথিৱীৰ প্ৰথম ৰেলপথটো ১৮২৫ চনত মুকলি কৰা হৈছিল।

(ঙ) সমগ্ৰ পৃথিবীৰ গাড়ী চলাচল কৰিব পৰা পথৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ সমগ্ৰ পৃথিবীৰ গাড়ী চলাচল কৰিব পৰা পথৰ দৈৰ্ঘ্য ১৫ নিযুত কিলমিটাৰ।

(চ) ৰেলপথক কেইটা ভাগত বিভক্ত কৰা হয়?

উত্তৰঃ ৰেলপথক চাৰিটা ভাগত বিভক্ত কৰা হয়।

(ছ) পৃথিৱীৰ এটা বিখ্যাত পাইপলাইনৰ নাম লিখা ?

উত্তৰঃ পৃথিৱীৰ এটা বিখ্যাত পাইপলাইন হল- 'Big Inch' ।


Question type- Leena Kakati

Answer type- Leena Kakati