আন্তৰ্জাতিক বাণিজ্য

নৱম অধ্যায়

(ক) বিনিময় প্ৰথা কি ?

উত্তৰঃ এজনৰ বস্তু খিনি আন এজনক দি তাৰ সলনি নিজৰ প্ৰয়োজনীয় বস্তুখিনি দ্বিতীয়জনৰ পৰা লব পৰা ব্যৱস্থাই হল বিনিময় প্ৰথা।

(খ) বিনিময় প্ৰথাৰ  এখন মেলাৰ উদাহৰণ দিয়া ?

উত্তৰঃ বিনিময় প্ৰথাৰ এখন মেলাৰ উদাহৰণ হল-জোনবিল মেলা।

(গ) মজুৰি শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উত্তৰঃ মজুৰি শব্দটো লেটিন ভাষাৰ পৰা আহিছে।

(ঘ) আন্তৰ্জাতিক বাণিজ্য কেইপ্ৰকাৰৰ ?

উত্তৰঃ আন্তৰ্জাতিক বাণিজ্য দুই প্ৰকাৰৰ।

(ঙ) আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ কেইটা লিখা ?

উত্তৰঃ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰকাৰ কেইটা হল- ক) দ্বি-জাতিক বা দ্বি-দেশীয় বাণিজ্য।

                                                                                খ) বহুদেশীয় বাণিজ্য।


(চ) WTO ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ?

উত্তৰঃ WTO ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডত অৱস্থিত।

(ছ) ২০০৫ চনত কিমানখন দেশ বিশ্ব বাণিজ্য সন্থাৰ সদস্য আছিল ?

উত্তৰঃ ২০০৫ চনত ১৪৯ খন দেশ বিশ্ব বাণিজ্য সন্থাৰ সদস্য আছিল।


Question by- Leena Kakati

Answered by- Leena Kakati