Lesson:1

 উত্তৰ-পূব ভাৰতত অসমঃ পৰিৱেশ,ভূপ্ৰকৃতি, জলবায়ু,মাটি আৰু পৰম্পৰৰ সম্পৰ্ক 

১) উত্তৰ-পূৰ্বাঞ্চলত অন্তভুৰ্ক্ত হোৱা প্ৰধান দেশ কেইখন ? 

উত্তৰঃ  উত্তৰ-পূবাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ ৮ খন । 

২) উত্তৰ-পূৰ্বাঞ্চলত অন্তভুৰ্ক্ত হোৱা প্ৰধান দেশ কেইখন কি কি ?

উত্তৰঃ  উত্তৰ-পূৰ্বাঞ্চলত অন্তভুৰ্ক্ত হোৱা প্ৰধান দেশ কেইখন হ'ল- অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম ।

৩) কিমান চনত ভাৰত স্বাধীন হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত ।

৪) ভাৰত স্বাধীন হোৱাৰ পিছত ভূখণ্ডক কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ ভাৰত স্বাধীন হোৱাৰ পিছত ভূখণ্ডক তিনিটা ভাগত ভাগ কৰা হৈছে ।

৫) কিমান চনত ছিকিমক উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টমখন প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰা হয় ?

উত্তৰঃ ২০০২ চনত ছিকিমক উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টমখন প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰা হয় ।

৬) পাঁচখন বিদেশি বিদেশী ৰাষ্টৰ নাম লিখা । 

উত্তৰঃ নেপাল, ভূটান, চীন, ম্য়ানমাৰ আৰু বাংলাদেশ । 

৭) ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল প্ৰধানকৈ কি দুটা ভাগত গঠিত ?

উত্তৰঃ ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চল প্ৰধানকৈ পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰ-বৰাক উপত্য়কাৰে গঠিত ।  

৮) ৩খন পাহাৰীয়া  জিলাৰ নাম লিখা ।

উত্তৰঃ ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং । 

৯) মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ-পূবাঞ্চলত কি বোলি কোৱা হয় ?

উত্তৰঃ মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ-পূবাঞ্চলত জীৱন ৰেখা বুলি কোৱা হয় ।

 ১০) ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল কিমান বৰ্গ কিলোমিটাৰ ?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চল ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ ।

১১) ব্ৰহ্মপুত্ৰই বছৰি কিমান নিযুত টন গেদ কঢ়িয়াই আনে ?

উত্তৰঃ ৪০২ নিযুত টন গেদ কঢ়িয়াই আনে । 

১২) পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলি ক'ত আছে ?

উত্তৰঃ পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলি ব্ৰহ্মপুত্ৰ বুকুত আছে । 

১৩) নদীদ্বীপ মাজুলি কিমান বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে? 

উত্তৰঃ ৬৪৫ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে । 

১৪) মাজুলি কিহৰ বাবে বিখ্য়াত ?

উত্তৰঃ মুখা শিল্প বাবে বিখ্য়াত । 

১৫) ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য় কি ?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য় হ'ল ইয়াত পোৱা বিৰল প্ৰজাতিৰ শিহু ।

১৬) গোটেই পৃথিৱীত কেইটা প্ৰজাতিৰ নিৰ্মল পানীত থকা শিহু আছে ?

উত্তৰঃ চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা শিহু আছে ।

১৭) মহাবাহু ব্ৰহ্মপুত্ৰক উত্তৰ-পূৰ্বাঞ্চলত কি বুলি কোৱা হয় ?

উত্তৰঃ মহাবাহু ব্ৰহ্মপুত্ৰক উত্তৰ-পূৰ্বাঞ্চলত জীৱন ৰেখা বুলি কোৱা হয় ।

১৮) ব্ৰহ্মপুত্ৰ এখন পূৰ্বৱৰ্তী নদী বুলি কিয় জনা যায় ?

উত্তৰঃ কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে । 

১৯) অসমৰ মাটিত সাধাৰনতে কিহৰ পৰিমান বেছি ?

উত্তৰঃ অসমৰ মাটিত সাধাৰনতে অম্লতাৰ পৰিমাণ বেছি । 

২০) অৰুনাচল প্ৰদেশত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় ?

উত্তৰঃ অৰুনাচল প্ৰদেশত ব্ৰহ্মপুত্ৰক ছিয়াং নামেৰে জনা যায় ।

২১) গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ মাটিক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি । 

২২) ব্ৰহ্মপুত্ৰ- বৰাক উপত্য়কা প্ৰধানকৈ কি মাটিৰে গঠিত ?

উত্তৰঃ পলসুৱা মাটিৰে গঠিত ।