কৈশোৰ প্ৰাপ্তি

Chapter 10

১. ডাঙৰ দীঘল হোৱাতো কি নিয়ম ?

উত্তৰঃ ডাঙৰ দীঘল হোৱাতো নিয়মপ্ৰাকৃতিক নিয়ম।


২. জীৱনৰ যিটো কালৰ শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাক কি বুলি কোৱা হয় ? 

উত্তৰঃ জীৱনৰ যিটো কালৰ শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাক কৈশোৰ কাল বুলি কোৱা হয়।


৩. কৈশোৰৰ আৰম্ভণি কিমান বছৰ বয়সৰ পৰা কিমান বছৰৰ বয়স পৰ্যন্ত চলি থাকে ?

উত্তৰঃ কৈশোৰৰ আৰম্ভণি প্ৰায় ১১ বছৰ বয়সৰপৰা ১৮ বা ১৯ বছৰ পৰ্যন্ত।


৪. কি হোৱাৰ লগে লগে কৈশোৰ অৱস্থাৰ সমাপ্তি হয় ?

উত্তৰঃ প্ৰজননক্ষম হোৱাৰ লগে লগে কৈশোৰ অৱস্থাৰ সমাপ্তি হয়।


৫. প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আটাইতকৈ চকুত লগা পৰিৱৰ্তন কি ?

উত্তৰঃ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আটাইতকৈ চকুত লগা পৰিৱৰ্তন হল -শৰীৰৰ উচ্চতা বৃদ্ধি।


৬. প্ৰথম অৱস্থাত কাৰ বৃদ্ধি খৰতকীয়াকৈ হয় ?

উত্তৰঃ প্ৰথম অৱস্থাত ছোৱালীৰ বৃদ্ধি খৰতকীয়াকৈ হয়।


৭. ____________ ক্ষেত্ৰত স্বৰযন্ত্ৰবোৰ ডাঙৰ হয় ।

উত্তৰঃ ল'ৰাৰ ক্ষেত্ৰত।


৮. কিশোৰ কালত হোৱা পৰিৱৰ্তনসমূহ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

উত্তৰঃ কিশোৰ কালত হোৱা পৰিৱৰ্তনসমূহ হৰম'নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।


৯. যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তেতিয়া কি হ'ব পাৰে ?

উত্তৰঃ যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তেতিয়া বেক্টেৰিয়া হ'ব পাৰে।


১০. নিচাযুক্ত দ্ৰব্য়বোৰ এবিধ _________ ।

উত্তৰঃ নিচা।


১১. কৈশোৰ কালত মানৱ শৰীৰত বিভিন্ন পৰিৱৰ্তন সংঘটিত হয়। ইয়াক কি বোলে ?

উত্তৰঃ কৈশোৰ কালত মানৱ শৰীৰত বিভিন্ন পৰিৱৰ্তন সংঘটিত হয়। ইয়াক প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ বোলে।


১২. কি গ্ৰন্থিয়ে ভিন ভিন হৰম'ন নিঃসৰণ কৰে ?

উত্তৰঃ পিটুইটাৰী গ্ৰন্থি গ্ৰন্থিয়ে ভিন ভিন হৰম'ন নিঃসৰণ কৰে।


১৩. হৰম'নবোৰ কি দ্ৰব্য় ?

উত্তৰঃ হৰম'নবোৰ ৰাসায়নিক দ্ৰব্য়


১৪. ল'ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায় । ইয়াক কি বোলে ?

উত্তৰঃ ল'ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায় । ইয়াক স্বৰযন্ত্ৰৰ বিকাশ বোলে ।


১৫. __________ স্বৰযন্ত্ৰ সৰু হোৱা বাবে বাহিৰৰ পৰা ইয়াক দেখা নাযায় ।

উত্তৰঃছোৱালীৰ।


১৬. ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য় নিৰ্দ্ধাৰণ কৰিব পৰা চৰিত্ৰসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য় নিৰ্দ্ধাৰণ কৰিব পৰা চৰিত্ৰসমূহক গৌণ লিংগ বৈশিষ্ট্য় বুলি কোৱা হয়।


১৭. কি কালত ল'ৰা-ছোৱালীবোৰ ওখ হয় ?

উত্তৰঃ কিশোৰ কালত ল'ৰা-ছোৱালীবোৰ ওখ হয়।


১৮. কিমান দিনৰ পৰা কিমান দিনৰ ভিতৰত একোটা পূৰঠ ডিম্বাণুৰ নিঃসৰণ হয় ?

উত্তৰঃ ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত একোটা পূৰঠ ডিম্বাণুৰ নিঃসৰণ হয়।


১৯. যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তোতিয়া ___________ৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে ।

উত্তৰঃ বেক্টেৰিয়া।


২০. পতংগৰ ৰূপান্তৰণ প্ৰক্ৰিয়াটো কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

উত্তৰঃ পতংগৰ ৰূপান্তৰণ প্ৰক্ৰিয়াটো পতংগ হৰম'নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।


২১.কৈশোৰ কাল কাক বোলে?

উত্তৰঃ জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালকে কৈশোৰ কাল বোলে।


২২.মাহেকীয়া ঋতু চক্ৰ কাক বোলে?

উত্তৰঃ ডিম্বানুশয়ৰ পৰা ওলোৱা ডিম্বাণু,জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলিকাৰে সৈতে বাহিৰলৈ ওলাই আহে।ইয়াৰ ফলত মহিলাৰ ৰক্তক্ষৰণ হয় আৰু ইয়াকে মাহেকীয়া ঋতু চক্ৰ বোলে।


২৩.ৰজোনিবৃত্ত কাক বোলে?

উত্তৰঃ ৪৫বা ৫০বছৰ বয়সত মাহেকীয়া ঋতু চক্ৰ বন্ধ হয় আৰু ইয়াকে ৰজোনিবৃত্ত বোলে।


২৪.মানুহৰ দেহৰ কোষকেন্দ্ৰত ক্ৰম'জ'মৰ সংখ্য়া কিমান? 

উত্তৰঃ মানুহৰ দেহৰ কোষকেন্দ্ৰত ক্ৰম'জ'মৰ সংখ্য়া২৩যোৰ।


২৫.সন্তানৰ লিংগ কি কি যোজন কোষৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ সন্তানৰ লিংগ 'XX' 'XY' যুক্ত যোজন কোষৰ ওপৰত নিৰ্ভৰ কৰে।


TYPE-ANJALI BORA.