উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
Chapter 7
১. সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জল চক্ৰত প্ৰভাৱ পেলায় কিহৰ পৰিমাণ কমাব পাৰে ?
উত্তৰঃ সামগ্ৰিকভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জল চক্ৰত প্ৰভাৱ পেলায় বৰষুণ পৰিমাণ কমাব পাৰে।
২. লাহে লাহে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয় ইয়াক কি বোলে ?
উত্তৰঃ লাহে লাহে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয় ইয়াক মৰুভৱন বোলে ।
৩. এসময়ত সিংহ,হাতী,বনৰীয়া মহ, বাৰশিঙীয়া আদি প্ৰাণী কোনখন ৰাষ্ট্ৰীয় উদ্য়ানত পোৱা গৈছিল ?
উত্তৰঃ এসময়ত সিংহ,হাতী,বনৰীয়া মহ, বাৰশিঙীয়া আদি প্ৰাণী সাতপুৰা ৰাষ্ট্ৰীয় উদ্য়ানত পোৱা গৈছিল।
৪. কি উদ্যান ভাৰতবৰ্ষৰ প্ৰথমখন সংৰক্ষিত বনাঞ্চল ?
উত্তৰঃসাতপুৰা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ প্ৰথমখন সংৰক্ষিত বনাঞ্চল।
৫. ভাৰতীয় চেগুন কোনখন বনাঞ্চলত পোৱা যায় ?
উত্তৰঃ ভাৰতীয় চেগুন সৰ্বোত্তম বনাঞ্চলত পোৱা যায়।
৬. কি পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ?
উত্তৰঃ জলবায়ু পৰিৱৰ্তন পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।
৭. প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে কি বুলি কোৱা হয় ?
উত্তৰঃ প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে অভয়াৰণ্য় বুলি কোৱা হয় ।
৮. এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক কি বুলি জনা যায় ?
উত্তৰঃ এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক স্থানিক প্ৰজাতি বুলি জনা যায়।
৯. কাগজ প্ৰস্তুত কৰোঁতে ব্য়ৱহাৰ হোৱা অনিষ্টকাৰী কিহৰ পৰিমাণ হ্ৰাস কৰা হয় ?
উত্তৰঃ কাগজ প্ৰস্তুত কৰোঁতে ব্য়ৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্য পৰিমাণ হ্ৰাস কৰা হয়।
১০. ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন কি ?
উত্তৰঃ ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।
১১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান ক'ত অৱস্থিত ?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান গোলাঘাট, নগাওঁ, আৰু শোণিতপুৰ অৱস্থিত ।
১২. অসম কিহৰ বাবে বিখ্য়াত ?
উত্তৰঃ অসম এশিঙীয়া গড় বাবে বিখ্য়াত।
১৩. অসম ৰাষ্ট্ৰীয় উদ্যান কেইখন ?
উত্তৰঃ অসম ৰাষ্ট্ৰীয় উদ্যান ৬ খন।
১৪. প্ৰাকৃতিকভাৱে হোৱা পুনৰ্বণানীকৰণত মানুহৰ কোনো ভূমিকা থাকে নে নাথাকে ?
উত্তৰঃ প্ৰাকৃতিকভাৱে হোৱা পুনৰ্বণানীকৰণত মানুহৰ কোনো ভূমিকা নাথাকে।
১৫. এক টন কাগজ বনাবল কিমান জোপা পৈণত গছৰ প্ৰয়োজন ?
উত্তৰঃ এক টন কাগজ বনাবলৈ ১৭ জোপা পৈণত গছৰ প্ৰয়োজন।
১৬. বনাঞ্চল ধ্বংসৰ আন এক ভয়াবহ পৰিণাম হ'ল মাটিৰ _________ সলনি হোৱা ।
উত্তৰঃ গুণাগুণ।
১৭. লাওখোৱা অভয়াৰণ্য় কোন জিলাত অৱস্থিত ?
উত্তৰঃ লাওখোৱা অভয়াৰণ্য় নগাওঁ জিলাত অৱস্থিত।
১৮. জীৱ বৈচিত্ৰ্য় মানে কি ?
উত্তৰঃ জীৱ বৈচিত্ৰ্য় মানে হল-এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমুহৰ ভিন্নতা।
১৯. পুনৰ্বনানীকৰণ কি ?
উত্তৰঃ পুনৰ্বনানীকৰণ হল-ধ্বংস প্ৰাপ্ত অৰণ্য়ত নতুন গছ ৰোপন কৰা।
২০. যিবোৰ প্ৰাণীৰ সংখ্য়া এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক কি বুলি কোৱা হয় ?
উত্তৰঃ যিবোৰ প্ৰাণীৰ সংখ্য়া এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰাণী বুলি কোৱা হয়।
২১. মৰুভৱন কাক বোলে?
উত্তৰঃ লাহে লাহে এইদৰে উৰ্বৰ ভুমিখন্দ মৰুভুমিলৈ পৰিৱৰ্তিত হোৱাকে মৰুভৱন বোলে।
২২. অভয়াৰণ্য় কি?
উত্তৰঃ অভয়াৰণ্য় হৈছে প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল।
২৩. ৰাষ্টীয় উদ্য়ান কি?
উত্তৰঃ ৰাষ্টীয় উদ্য়ান হৈছে বন্য়প্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল যত প্ৰাণীলমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্য়ৱহাৰ কৰিব পাৰে।
২৪. গৰম পানী অভয়াৰণ্য় কত অবস্থিত?
উত্তৰঃ গৰম পানী অভয়াৰণ্য় কাৰ্বি আংলংত অবস্থিত।
২৫. থলুৱা প্ৰজাতি কি?
উত্তৰঃ থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে আছুতীয়াকৈ পোৱা ।
26. প্ৰজাতি কি?
উত্তৰঃ প্ৰজাতি হাছে এবিধ একেধৰণৰ আৰু আন্তঃপ্ৰজনন হব পৰা জীৱৰ সমষ্টি।
২৭. বিপন্ন প্ৰাণী কাক বোলে?
উত্তৰঃ যিবোৰ প্ৰাণীৰ সংখ্য়া এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰাণী বোলে।
২৮. লাওখোৱা অভয়াৰণ্য় কত অৱস্থিত ?
উত্তৰঃ লাওখোৱা অভয়াৰণ্য় নগাওঁ অৱস্থিত।
৩০. মানাহ ৰাষ্টীয় উদ্য়ান কত অৱস্থিত?
উত্তৰঃ মানাহ ৰাষ্টীয় উদ্য়ান বাকছা আৰু চিৰাং জিলাত অৱস্থিত।
৩১. ৰাজীৱ গান্ধী ওৰাং ৰাঃউঃ কত অৱস্থিত ?
উত্তৰঃ ৰাজীৱ গান্ধী ওৰাং ৰাঃউঃ ওদালগুৰি ,শোণিতপোৰ জিলাত অৱস্থিত ।
৩২. নামেৰী ৰাঃউঃ কত অৱস্থিত?
উত্তৰঃ.নামেৰী ৰাঃউঃ শোণিতপোৰ জিলাত অৱস্থিত।
৩৩. পানী দিহিং অভয়াৰণ্য় কত অৱস্থিত?
উত্তৰঃ পানী দিহিং অভয়াৰণ্য় শিৱসাগৰত অৱস্থিত।
৩৪. পবিতৰা অভয়াৰণ্য় কত অৱস্থিত?
উত্তৰঃ পবিতৰা অভয়াৰণ্য় মৰিগাঁও জিলাত অৱস্থিত।
Check by - Mukesh Borah