প্ৰাণীৰ প্ৰজনন 

Chapter 9

১. উদ্ভিদৰ দৰে, প্ৰাণীৰো প্ৰজনন অংগই জননকোষ উৎপন্ন কৰে নে নকৰে ?  

উত্তৰঃ উদ্ভিদৰ দৰে, প্ৰাণীৰো প্ৰজনন অংগই জননকোষ উৎপন্ন কৰে ।


২. পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনে ধৰণৰ প্ৰজননক কি বোলে ?

উত্তৰঃ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনে ধৰণৰ প্ৰজননক যৌন প্ৰজনন বোলে।


৩. অণ্ডকোষে লাখ লাখ কি উৎপন্ন কৰে ?

উত্তৰঃ অণ্ডকোষে লাখ লাখ শুক্ৰাণু উৎপন্ন কৰে।


 ৪. ডিম্বাণু আৰু শুক্ৰাণুৃৰ মিলনক কি বুলি কোৱা হয় ?

উত্তৰঃ ডিম্বাণু আৰু শুক্ৰাণুৃৰ মিলনক নিষেচন বুলি কোৱা হয় ।


৫. মতা  আৰু মাইকী ভেকুলীয়ে পানীত একেলগ হয়, তেতিয়া কি হয় ?

উত্তৰঃ মতা  আৰু মাইকী ভেকুলীয়ে পানীত একেলগ হয় তেতিয়া মাইকীজনীয়ে শ শ কণী পাৰে।


৬. এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ অশুদ্ধ


৭. কিহৰ লগত অন্তঃনিষেচন ঘটে ?

উত্তৰঃ স্ত্ৰীৰ দেহত লগত অন্তঃনিষেচন ঘটে।


৮. মাছ, তৰামাছ ইত্যাদিৰ দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰত এইধৰণৰ নিষেচন দেখা পোৱা যায় নে নাযায়?

উত্তৰঃ মাছ, তৰামাছ ইত্যাদিৰ দৰে জলচৰ প্ৰাণীৰ ক্ষেত্ৰত এইধৰণৰ নিষেচন দেখা পোৱা যায়  ।


৯. কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে। এই বৃদ্ধি হৈ থকা অংশটোক কি বুলি কয় ?

উত্তৰঃ কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা আৰু অংগৰ বিকাশ কৰে। এই বৃদ্ধি হৈ থকা অংশটোক ভ্ৰূণ বুলি কয়।


১০. হাইড্ৰাৰ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয় সেয়েহে এইধৰণৰ অযৌন প্ৰজননক কি বোলে ?

উত্তৰঃ হাইড্ৰাৰ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয় সেয়েহে এইধৰণৰ অযৌন প্ৰজননক মুকুলন বোলে।


১১. হাইড্ৰাৰ মুকুলৰ পৰাও একক পিতৃ-মাতৃ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। একক পিতৃ-মাতৃৰ পৰা হোৱা এইধৰণৰ প্ৰজননক কি বোলে ?

উত্তৰঃ হাইড্ৰাৰ মুকুলৰ পৰাও একক পিতৃ-মাতৃ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। একক পিতৃ-মাতৃৰ পৰা হোৱা এইধৰণৰ প্ৰজননক অযৌন প্ৰজনন বোলে।


১২. স্ত্ৰীদেহৰ ভিতৰত হোৱা নিষেচনক  কি বোলে ?

উত্তৰঃ স্ত্ৰীদেহৰ ভিতৰত হোৱা নিষেচনক অন্তঃনিষেচন  বোলে।


১৩. ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ অশুদ্ধ।


১৪. এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় শুদ্ধ নে অশুদ্ধ?

উত্তৰঃ অশুদ্ধ।


১৫. এটা যোজনকোষত কোষ কেন্দ্ৰৰ সংখ্যা কিমান?

উত্তৰঃ এটা যোজনকোষত কোষ কেন্দ্ৰৰ সংখ্যা এটা।


১৬. নিষেচনৰ ফলত এটি যোজন কোষ গঠন হয় শুদ্ধ নে অশুদ্ধ?

উত্তৰঃ শুদ্ধ।


১৭. ভেকুলীৰ বহিঃনিষেচন হয় শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ শুদ্ধ।


১৮. এমিবাই নিজে নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায়। এইধৰণৰ অযৌন প্ৰজননক  কি বোলে ?

উত্তৰঃ এমিবাই নিজে নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায়। এইধৰণৰ অযৌন প্ৰজননক দ্বৈত বিভাজন বোলে।


১৯. লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো কি ?  

উত্তৰঃ লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হল-ৰূপান্তৰ প্ৰক্ৰিয়াটো।


২০. নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয় শুদ্ধ নে অশুদ্ধ?

উত্তৰঃ শুদ্ধ।


২১. প্ৰাণীৰ প্ৰজনন কেই ধৰণৰ 

উত্তৰঃ প্ৰাণীৰ প্ৰজনন দুই ধৰণৰ।


২২. যৌন প্ৰজনন কাক বোলে 

উত্তৰঃ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ দ্বাৰা হোৱা এনে ধৰণৰ  প্ৰজননকে যৌন প্ৰজনন বোলে।


২৩. শুক্ৰাণু কাক বোলে

উত্তৰঃ এযোৰ অন্দকোষ,দুডাল শুক্ৰবাহী নলী আৰু এটি লিংগ অন্দকোষে পুংজনন কোষ উৎপন্ন কৰে,আৰু এইবোৰকে শুক্ৰণু বোলে।


২৪. অন্দকোষে কিমান শুক্ৰা্ণু  উৎপন্ন কৰে

উত্তৰঃ অন্দকোষে লাখ লাখ শুক্ৰা্ণু  উৎপন্ন কৰে।


২৫. ডিম্বাণু কাক বোলে?

উত্তৰঃ এযোৰ ডিম্বাশয় ,দুডাল ডিম্বাশয়ে স্ত্ৰীজনন কোষ উৎপন্ন কৰে।ইয়াকে ডিম্বাণু বোলে।


২৬. নিষেচন কাক বোলে?

উত্তৰঃ ডিম্বাণু আৰু শুক্ৰা্ণুৰ মিলনকে নিষেচন বোলে।


২৭. বহিঃনিষেচন কাক বোলে?

উত্তৰঃ মাতূৃ দেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় এনেধৰণৰ নিষেচনক  বহিঃনিষেচন  বোলে।


৩০. ভ্ৰ্ৰণ কাক বোলে?

উত্তৰঃ কোষবোৰে পাছত কিছুমান ভাগত ভাগ হৈ শৰীৰৰ বিভিন্ন কলা অংগৰ বিকাশ কৰে।এই বৃদ্ধি হৈ থকা অংশটোকে ভ্ৰ্ৰণ বোলে।


৩১. জৰায়ুজ প্ৰাণী কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে পোৱালী জগায়,তাক জৰায়ুজ প্ৰাণী বোলে।


৩২. ডিম্বজ প্ৰাণী কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে কণী পাৰে তাক ডিম্বজ প্ৰাণী বোলে।


৩৩. ৰূপান্তৰ কাক বোলে?

উত্তৰঃ পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈসলনি হোৱাকে .ৰূপান্তৰ বোলে।


৩৫. মুকুল কাক বোলে?

উত্তৰঃ প্ৰতিটো হাইড্ৰাত এটা বা বহুত উখহা অংশ থাকিব পাৰে।সেইবোৰ উখহা অংশৰ পৰা নতুন জীৱৰ বিকাশ হয় আৰু সেইবোৰক  মুকুল  বোলে।


TYPE-ANJALI BORA