দহন আৰু শিখা

Chapter 6

১.যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য় এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক কি বোলা হয় ?  

উত্তৰঃ যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য় এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলা হয় ।

 ২. মেগনেছিয়া পুৰিলে কি উৎপন্ন হয় ?

উত্তৰঃ মেগনেছিয়া পুৰিলে তাপ আৰু পোহৰ উৎপন্ন হয়।

৩. আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া হৈ খাদ্যবোৰ ভাঙি যায় আৰু কি  উৎপন্ন হয় ?

উত্তৰঃ আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া হৈ খাদ্যবোৰ ভাঙি যায় তাপ উৎপন্ন হয়।

৪. কি পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ উৎপন্ন হয় ?  

উত্তৰঃ সূৰ্যত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ উৎপন্ন হয় ।

৫. যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাক কি বোলে  ?    

উত্তৰঃ যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাক জ্বলন উষ্ণতা বোলে।

৬. ৰঙা ফছফৰাছ কিহলৈ ৰূপান্তৰিত হয় ?  

উত্তৰঃ ৰঙা ফছফৰাছ বগা ফছফৰাছলৈ  ৰূপান্তৰিত হয়।

৭. পটেছিয়াম ক্ল'ৰেটৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট কি উৎপন্ন কৰে  ?      

উত্তৰঃ পটেছিয়াম ক্ল'ৰেটৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট  তাপ উৎপন্ন কৰে।

৮. গেছ অতি দ্ৰুতভাৱে জ্বলা ফলত কি উৎপন্ন হয় ?

উত্তৰঃ গেছ অতি দ্ৰুতভাৱে জ্বলা ফলত তাপ আৰু পোহৰ উৎপন্ন হয় ।

৯. গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন  কৰে। এনেধৰণৰ দহনক কি বুলি জনা যায় ?  

উত্তৰঃ গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন  কৰে। এনেধৰণৰ দহনক দ্ৰুত দহন বুলি জনা যায়।

 ১০. বিক্ৰিয়াটোত বহু পৰিমাণ গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াক কি বোলে ?

উত্তৰঃ বিক্ৰিয়াটোত বহু পৰিমাণ গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াক বিস্ফোৰণ  বোলে।

১১. যিবোৰ পদাৰ্থ জ্বলনত বাষ্পীভূত হয় সেইবোৰে কি সৃষ্টি কৰে ?  

উত্তৰঃ যিবোৰ পদাৰ্থ জ্বলনত বাষ্পীভূত হয় সেইবোৰে শিখা সৃষ্টি কৰে।

১২. ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কি গেছ উৎপন্ন কৰে ?  

উত্তৰঃ ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন-ম'নক্সাইড  গেছ উৎপন্ন কৰে ।

১৩.কয়লা আৰু ডিজেল দহনত কি গেছ উৎপন্ন হয় ?

উত্তৰঃ কয়লা আৰু ডিজেল দহনত  ছালফাৰ-ডাইঅক্সাইড গেছ উৎপন্ন হয় ।

১৪. ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ কি উৎপন্ন কৰে ?    

উত্তৰঃ ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এছিড  উৎপন্ন কৰে।

১৫.চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক কি উৎপন্ন হয় ?

উত্তৰঃ চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় ।

১৬. চি. এন. জি এটা আপেক্ষিকভাৱে কি ইন্ধন ?

উত্তৰঃচি. এন. জি এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন।

১৭. যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক কি পদাৰ্থ বোলে ?

উত্তৰঃ যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক দাহ্য পদাৰ্থ বোলে।

১৮. দাহ্য় পদাৰ্থবোৰৰ জ্বলনত উষ্ণতা কি হয়?

উত্তৰঃ দাহ্য় পদাৰ্থবোৰৰ জ্বলনত উষ্ণতা নিম্ন  হয়।

১৯. কাঠ আৰু কয়লাৰ দহনে বায়ুৰ কি ঘটায় ?

উত্তৰঃ কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়।

২০. তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক কি দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ?

উত্তৰঃ তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানী  দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

২১. ইন্ধন কাক বোলে?

উত্তৰঃ যি দ্ৰব্য়ৰ দহন হয় তাক দাহ্য় বুলি কোৱ হয় ।ইয়াকে .ইন্ধন  বোলে।

২২. সূৰ্যত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা কি উৎপন্ন হয়?

উত্তৰঃ সূৰ্যত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ ৎপন্ন হয়।

২৩. জ্বলন উষ্ণতা কাক বোলে?

উত্তৰঃ যি নিম্নতম উষ্ণতাত দ্ৰব্য় এটাত জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা  বোলে।

২৪. প্ৰজ্বালক পদাৰ্থ কাক বোলে?

উত্তৰঃ যিবোৰ দ্ৰব্য়ৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদাৰ্থ বোলে।

২৫. কেইবিধমান প্ৰজ্বালক পদাৰ্থৰ নাম কি কি?

উত্তৰঃ কেইবিধমান প্ৰজ্বালক পদাৰ্থৰ নাম হল-পেট্ৰল,এলকহল,তৰলীকৃত পেট্ৰলিয়াম  গেছ আদি।

২৬. জুই জ্বলিবলৈ কেইটা চৰ্তৰ  দৰকাৰ?

উত্তৰঃ জুই জ্বলিবলৈ তিনিটা  চৰ্তৰ  দৰকাৰ।

২৭. জুই জ্বলিবলৈ কি কি চৰ্তৰ  দৰকাৰ?

উত্তৰঃ জুই জ্বলিবলৈ ইন্ধন ,বায়ু,আৰু তাপ আদি চৰ্তৰ  দৰকাৰ।

২৮. দ্ৰুত দহন কাক বোলে?

উত্তৰঃ গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে।এনেধৰণৰ দহনক দ্ৰুত দহন বোলে।

২৯. স্বতঃস্ফূৰ্ত দহন কাক বোলে?

উত্তৰঃ দহনৰ যিটো প্ৰকাৰত কোনো এটা স্পষ্ট কাৰক