পকেটমাৰি ঘটনা বৃদ্ধি হোৱাৰ বাবে স্থানীয় থানাত অভিযোগ

প্ৰতি, 

ভাৰপ্ৰাপ্ত অফিচাৰ,         তাৰিখ-১১-৩-২০২১

_______থানা 

বিষয়- পকেটমাৰি ঘটনাৰ তদন্ত কৰিবৰ বাবে আবেদন। 

মহাশয়,

যোৱা কেইদিন মান ধৰি বাছত ইমান পকেটমাৰ হৈ আছে, সাধাৰণ যাত্ৰীক চিন্তাত পেলাইছে। মই এজন কিতাপৰ ব্য়ৱসায়ী। মই বহুতে কিতাপ কিনিব আহিব লগা হয়। বেলেগ দিনাৰ দৰে আজিও মই______পৰা বেচৰকাৰী বাছেবে আহিছিলো। বাছখনত বহুতো যাত্ৰী আছিল মই বাছখনৰ ভিতৰত থিয় হৈ আছিলো। মোৰ বেগত ছয় হাজাৰ টকা আছিল। হঠাৎ অনুমান হ'ল কিছুমান মানুহে চাৰিওফালৰ পৰা মোক আগুৰি আহিছে। কিছুমান মানুহে হঠাৎ চিঞৰি উঠিল। কিছু বুজাৰ আগতেই মই দেখো যে মোৰ টকাখিনি বেগত নাই।

    মই এই বিষয়ে তদন্ত কৰাৰ বাবে আপোনাক বিশেষভাবে অনুৰোধ কৰিছো। সময়মতে ব্য়ৱস্থা হাতত ললে মোৰ টকাখিনি ঘৃৰাই পাব পাৰো। মই ভাবো অপৰাধীবোৰ সকলো স্থানীয়।

                                        ধন্য়বাদ।

নাম-_____ 

গাওঁ-____