বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

1. প্ৰবাহযুক্ত দীঘল চ'লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ 

(a) শূন্য

(b) ইয়াৰ প্ৰান্তৰ ফালে  ক্ৰমে কমি

(c) ইয়াৰ প্ৰন্তাৰ ফালে ক্ৰমে বাঢ়ি যায়

(d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (b) ইয়াৰ প্ৰান্তৰ ফালে  ক্ৰমে কমি

2. তামৰ তাঁৰৰ আয়তাকাৰ খুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে । আৱিষ্ট

 প্ৰবাহৰ দিশ প্ৰতি----

(a) দুপাকত সলনি হ'ব 

(b) এপাকত  সলনি হ'ব

(c)  আধা পাকত সলনি হ'ব

(d) এশকৰ চাৰি ভাগৰ এভাগত  সলনি হ'ব ।

উত্তৰঃ (c)  আধা পাকত সলনি হ'ব

3. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ'টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম 

সলনি হ'ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)

(a) ভৰ 

(b) দ্ৰুতি

(c) বেগ 

(d) ভৰবেগ

উত্তৰঃ (c) বেগ আৰু (d) ভৰবেগ

4. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) এডাল 

চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিদ্যুত হ'ল। চৌম্বক ক্ষেত্ৰৰ দিশ হ'ব----

(a) দক্ষিণমুৱা

(b) পূৱমুৱা

(c) নিম্নমুখী

(d) উৰ্দ্ধমুখী

উত্তৰঃ (d) উৰ্দ্ধমুখী

5. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?
 
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত

(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।  

(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত। 

(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রিক বৃত্তৰে গঠিত
 
উত্তৰ : (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত ।

6.  বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে— 

(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া 

(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।

(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া

(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।

উত্তৰ : (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰৱাহ সৃষ্টি হোৱাৰ 

প্রক্রিয়া।

7.   বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক

(a) জেনেৰেটৰ বোলা হয়।

(b) গেলভেন'মিটাৰ বোলা হয়।

(c) এমিটাৰ বোলা হয়

(d) মটৰ বোলা হয়। 

উত্তৰ : (a) জেনেৰেটৰ বোলা হয়।
  
8. পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰ্টেৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে 

(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে। 
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। 

(c) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে। 

(d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্‌ 

 পৰিবর্তক থাকে। 

উত্তৰ : (d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা 

দিক্‌ পৰিবর্তক থাকে। 

9. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ— 

(a) বুজন পৰিমাণে কমি যায় 

(b) সলনি নহয়। 

(c) বুজন পৰিমাণে বৃদ্ধি পায়। 

(d) অবিৰতভাৱে সলনি হয়। 

উত্তৰ : (c) বুজন পৰিমাণে বৃদ্ধি পায় । 

10. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা

(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।

(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব।

(d) সেউজীয়া অন্তৰকৰ তাঁৰফ সাধাৰণতে বৈদ্য়ুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

উত্তৰঃ (a) ভূল            (b) শুদ্ধ

            (c) শুদ্ধ           (d) ভূল