প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

1. তলৰ কোনটা প্ৰাকৃতিক সম্পদ দ্রুতগতিত হ্রাস পাই আছে— 

(a) বনাঞ্চল 

(b) পানী 
 
(c) বতাহ 
 
(d) সৌৰ শক্তি 
 
উত্তৰ : (a) বনাঞ্চল 

2. তিনিটা 'R' এ প্রাকৃতিক সম্পদ সংৰক্ষণত দীর্ঘম্যাদী হিচাপে কাৰ্য কৰে, সেই তিনিটা ক্রমে— 

(a) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃবিতৰণ (redistribution) 

(b) হ্রাসকৰণ (reduce), পুনঃব্যৱহাৰ (reuse), পুনঃ উৎপাদন (regeneration) 

(c) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ (recycle), পুনঃ উৎপাদন (regeneration) (recycle), হ্রাসকৰণ 

(reduce ) 

(d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্ৰীয়কৰণ 
 
উত্তৰ : (d) পুনঃব্যৱহাৰ (reuse), পুনঃ চক্রীয়কৰণ (recycle), হ্ৰাসকৰণ (reduce)। 

3. তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি ? 

(a) উচ্চ পৌষ্টিক স্তৰৰ প্ৰাণীৰ সুৰক্ষা প্ৰদান কৰি। 

(b) মাত্র তৃণভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি। 

(c) মাত্র মাংসভোজী প্রাণীক সুৰক্ষা প্ৰদান কৰি।

(d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি । 

উত্তৰ : (d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্রিহেনচিভ আঁচনি । 

4. চিপক' আন্দোলনৰ প্ৰধান বাৰ্তাটো হ'ল- 

(a) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক গুৰুত্ব দিব নালাগে। 

(b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি ল'ব লাগে। 

(c) উন্নয়নমূলক কাম-কাজৰ বাবে গছ-গছনি কাটিব লাগে। 

(d) চৰকাৰী সংস্থাই কোনো প্রশ্ন নোহোৱাকৈ গছ-গছনি ধ্বংস কৰিব পাৰিব। 

উত্তৰ : (b) বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্রদায়ক সাঙুৰি লব লাগে। 

5. তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়— 

(a) আম গছ 

(b) সাপ 

(c) বতাহ 

(d) কাঠৰ ঘৰ 
 
উত্তৰ : (d) কাঠৰ ঘৰ 

6. পশ্চিম বংগৰ আৰাবাৰি বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায় ? 

(a) সোণাক 

(b) শাল 

(c) বাঁহ 

(d) মেংগ্র’ভ 

উত্তৰ : (b) শাল 

7. তলৰ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয় ?

(a) তাপীয় পকল্প

(b) প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ

(c) পুনৰ বনানিকৰণ

(d) বনাঞ্চল ধ্বংসকৰণ আৰু বৰষুণৰ পৰিমান

উত্তৰঃ (c) পুনৰ বনানিকৰণ

8. বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ হ'ল-----

(a) পৰিস্থিতিক

(b) সামাজিক

(c) অৰ্থনৈতিক

(d) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (d) ওপৰৰ গোটেই কেইটা