বংশগতি আৰু ক্ৰমবিকাশ 

1. ‘জেনিটি’ক্স’শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল— (a) ডি ড্ৰিছ (b) মেণ্ডেল (c) বেটিছন (d) ছুটন উত্তৰ : (c) বেটিছন। 2. আনুবংশিক বিজ্ঞানৰ জনক কাক বোলে ? (a) ওৱাটছন (b) বেটিছন (c) ফ্লেমিং (d) মেণ্ডেল উত্তৰ : (b) মেণ্ডেল 3. তলৰ কোনটোত আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে ?

(a) আংগিক বিস্তাৰণ

(b) অযৌন প্ৰজনন (c) যৌন প্রজনন (d) মুকুলোদ্‌গম উত্তৰ : (c) যৌন প্ৰজনন । 4. ওখ (TT) আৰু চাপৰ (tt) মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ অপত্য উদ্ভিদ ওখ হয়, কাৰণ— (a) চাপৰ প্ৰভাৱী চৰিত্ৰ (b) ওখটো প্ৰভাৱী চৰিত্ৰ

(c) ওখটো অপ্ৰভাৱী চৰিত্ৰ (d) 'T' আৰু 't' দ্বাৰা মটৰমাহৰ ওখটো নিয়ন্ত্ৰিত হয়। উত্তৰ : (b) ওখটো প্ৰভাৱী চৰিত্ৰ ৷

5. ল'ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে—

(a) যোজন কোষত Xx ক্রম জ 'ম থাকিলে

(b) যোজন কোষত y ক্ৰম'জ'ম থাকিলে (c) জনন কোষৰ কোষ প্ৰৰসে লিংগ নিৰ্ধাৰণ কৰে। (d) ওপৰৰ এটাও নহয় । উত্তৰ : b. যোজন কোষত y ক্ৰম'জ'ম থাকিলে। 6. জীৱৰ এটা চৰিত্ৰ তলৰ কোনটোৰ দ্বাৰা প্ৰভাৱিত হয় ? (a) মাত্র পিতৃ DNA (b) মাত্র মাতৃ DNA (c) দুয়োটা পিতৃ-মাতৃ DNA (d) পিতৃৰ DNAও নকৰে আৰু মাতৃৰ DNAও নকৰে। উত্তৰ : (c) দুয়োটা পিতৃ-মাতৃ DNA 7. প্ৰজাতিৰ উৎপত্তি সম্পর্কে প্রাকৃতিক মতবাদ আগবঢ়াইছে (a) ডাৰউইন (b) লেমার্ক (c) মৰগেন (d) মেণ্ডেল উত্তৰ : (a) ডাৰউইন 8. সৰীসৃপ আৰু স্তন্যপায়ী দুয়োৰে চৰিত্ৰ বহন কৰা সংযোগী প্রাণীবিধ হ’ল— (a) প্লেটিপাচ (b) পেৰিপেটাচ্ (c) পেৰামিচিয়াম (d) প্লেটিথেচিয়াম উত্তৰ : (a) প্লেটিপাচ

9. সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী উদ্ভিদটো হ'ল (a) কলচী উদ্ভিদ (b) নেটাম (c) মন'ট্রাপা, (d) পাইন উত্তৰ : (b) নেটাম 10. মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ

(a) পুচ্ছ অস্থি
(b) ভৰিৰ আঙুলি
(c) কিডনী (d) মস্তিষ্ক উত্তৰ : (a) পুচ্ছ অস্থি 11. ‘ফিল’ছফি জুলজিক' নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল (a) মিলাৰ
(b) ডাৰউইন (c) লেমার্ক (d) হেনচ্‌ল’ উত্তৰ : (c) লেমার্ক 12. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই

দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ

মাহৰ গছ চাপৰ হ'ল ৷ ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয়

সংযুক্তি (Ge-make up) বৰ্ণনা কৰিব পৰা হব?
(a) TTWW (b) TTww (c) TtWW (d) TtWw উত্তৰ : (c) Ttww 13. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল – (a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত (c) আলু আৰু ঘাঁহৰ শিপা (d) ওপৰৰ আটাইকেইটা উত্তৰ : (d) ওপৰৰ আটাইকেইটা ।

14. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত ------

(a) এজন চীনা স্কুলীয়া ছাত্ৰ

(b) এটা চিম্পাঞ্জী

(c) এটা মকৰা

(d) এটা বেক্টেৰিয়া

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ছাত্ৰ