পিয়নৰ পদৰ কাৰণে আবেদন

প্রতি,

মাননীয় মহোদয়/মহোদয়া,

(নিয়োগকাৰীৰ ঠিকনা)

বিষয়- পিয়নৰ পদৰ বাবে আৱেদন বিশ্বস্তসূত্ৰে জানিব পাৰিছো যে আপোনালোকে আপোনালোকৰ অফিচত এজন পিয়ন নিযুক্ত কৰিব বিচাৰিছে। মই উক্ত পদৰ বাবে আবেদন কৰিব খুজিছো।     মই মাধ্যমিক পৰীক্ষা পাছ কৰিছো আৰু ইংৰাজী আৰু হিন্দী লিখিব আৰু পঢ়িব পাৰো। মই চাইকেল চলাব জানো আৰু প্ৰায়বোৰ বাট পথেই মোৰ চিনাজনা। মই এটা নামকৰা প্ৰতিষ্ঠানত অস্থায়ীভাবে পিয়নৰ কাম কৰিছো আৰু এই কামত যথেষ্ট অভিজ্ঞতা অর্জন কৰিছো। মোৰ বয়স ২৫ বছৰ, স্বাস্থ্য ভাল আৰু কঠোৰ শ্ৰম কৰিবলৈ ম‍ই নিশ্চিত যে অতি কম সময়ৰ ভিতৰতে মোৰ শ্ৰম আৰু নিষ্ঠাৰে আপোনালোকক সন্তুষ্ট কৰিব পাৰিম     উক্ত পদত মোক নিয়োগ কৰিবৰ কাৰণে আপোনাৰ ওচৰত সনিৰ্বন্ধ আবেদন জনালে। (আবেদনকাৰীৰ ঠিকনা)                                                                                                                                     আপোনাৰ বিশ্বাসী তাৰিখ –