অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

Chapter 7

১) প্ৰথম অসমীয়া বোলছবিখনৰ নাম  কি?

উত্তৰঃ জয়মতী । 


২) 'চিৰাজ' বোলছবিখনৰ সংগীত পৰিচালক কোন আছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভা ।


৩) ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰা অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ 'চামেলি মেমচাব' ।


৪) 'চিত্ৰবন' ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।


৫) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি ?

উত্তৰঃ 'জয়মতী' আৰু ইন্দ্ৰমালতী' ।


৬) জ্য়োতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ জাৰ্মানী ।


৭) লক্ষ্য়ধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি ?

উত্তৰঃ 'নিমিলা অংক' ।


৮) লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম কি?

উত্তৰঃ 'এৰা বাটৰ সুৰ' ।

৯) 'গঙা চিলনীৰ পাখি' কথাছবিখন পৰিচালনা কোনে কৰিছিল ?

উত্তৰঃ পদুম বৰুৱা ।

১০) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্ৱিতীয়খন বোলছবি কি আছিল?

উত্তৰঃ 'ইন্দ্ৰমালতী' ।


১১) প্ৰতিষ্ঠিত চলচ্চিত্ৰ সংস্থাৰ দ্ৱাৰা প্ৰযোজিত প্ৰথম অসমীয়া বোলছবিখন কি আছিল?

উত্তৰঃ 'চিকমিক বিজুলী' ।


১২) হাই ডেফিনেচন ডিজিটেল পদ্ধতিৰে নিৰ্মিত প্ৰথমখন অসমীয়া বোলছবিৰ নাম কি?

উত্তৰঃ 'জংফাই জোনাক' ।


১৩) ব্ৰজেন বৰুৱাই কিমান চনত মুক্তিপ্ৰাপ্ত " ড° বেজবৰুৱা" নামৰ ছবিখনত পৰিচালনা কৰিছিল?

উত্তৰঃ ১৯৬৯ চনত ।


১৪) কোনখন বোলছবিৰ জৰিয়তে ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল?

উত্তৰঃ 'সতী বেউলা' ।


১৫) " সাগৰলৈ বহু দুৰ" বোলছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

উত্তৰঃ জাহ্নু বৰুৱা ।


১৬) থলুৱা মানে কি?

উত্তৰঃ স্থানীয় ।


১৭) আৰ্কাইভ শব্দ অৰ্থ কি?

উত্তৰঃ ভঁৰাল ।


১৮) উৎপল দত্ত কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৯৬০ চনত ।


১৯) অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো লিখক কোন?

উত্তৰঃ উৎপল দত্ত ।


২০) পৰিকাঠামো মানে কি ?

উত্তৰঃ সা-সুবিধা ।


Type by- Mandira Saha