শব্দ
অধ্য়ায় ১৩
১. কোনে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ?
উত্তৰঃ শব্দই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২. বস্তুৰ ইফাল-সিফাল বা অগা-পিছা গতিকেই __________ বোলে ।
উত্তৰঃ কম্পন বোলে।
৩. মানুহৰ ক্ষেত্ৰত কিহৰ দ্বাৰা শব্দ সৃষ্টি হয় ?
উত্তৰঃ মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰ দ্বাৰা শব্দ সৃষ্টি হয়।
৪. স্বৰকক্ষ ক'ত অৱস্থিত ?
উত্তৰঃ বায়ুনলিৰ ওপৰৰ অংশত অৱস্থিত।
৫. পুৰুষৰ স্বৰতন্ত্ৰী কিমান দীঘল ?
উত্তৰঃ পুৰুষৰ স্বৰতন্ত্ৰী প্ৰায় ২০ মি. মি.দীঘল।
৬. আমাৰ কাণৰ বহিৰ্ভাগৰ আকৃতি এটা ___________ দৰে ।
উত্তৰঃ চুপিৰ দৰে।
৭. প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্য়াক কি বুলি কোৱা হয় ?
উত্তৰঃ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্য়াক দোলনৰ কম্পনাংক বুলি কোৱা হয়।
৮. শুনিবলৈ শুৱলা শব্দক কি বোলে ?
উত্তৰঃ সুললিত শব্দ বোলে।
৯. কম্পনাংক হাৰ্টজক কিহত প্ৰকাশ কৰা হয় ?
উত্তৰঃ Hz।
১০. কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?
উত্তৰঃ টিং-টিঙনিৰ শব্দই।
১১. স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল ___________ টান খাই থাকে ।
উত্তৰঃ স্বৰতন্ত্ৰী।
১২. কোনে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয় ?
উত্তৰঃ হাওঁফাওঁৱে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি হয় ।
১৩. কম্পনাংক কিহত প্ৰকাশ কৰা হয় ?
উত্তৰঃ হাৰ্টজত প্ৰকাশ কৰা হয় ।
১৪. প্ৰকৃততে, প্ৰতি ছেকেণ্ডৰ প্ৰায় ২০ টা কম্পনতকৈ (______) কম কম্পনাংকৰ শব্দ মানুহৰ কাণে ধৰা পেলাব নোৱাৰে ।
উত্তৰঃ 20Hz।
১৫. মানুহৰ কাণৰ বাবে শ্ৰাব্য় কম্পনাংকৰ পৰিসৰ মোটামুটিভাৱে কিমান হাৰ্টজৰ ভিতৰত ?
উত্তৰঃ মানুহৰ কাণৰ বাবে শ্ৰাব্য় কম্পনাংকৰ পৰিসৰ মোটামুটিভাৱে ২০ ৰ পৰা ২০,০০০ হাৰ্টজৰ ভিতৰত।
১৬. আলট্ৰাছাউণ্ড কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিয়ে কিমান বেছি কম্পনাংকত কাৰ্য সম্পাদন কৰে ?
উত্তৰঃ আলট্ৰাছাউণ্ড কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিয়ে ২০,০০০ হাৰ্টজত বেছি কম্পনাংকত কাৰ্য সম্পাদন কৰে।
১৭. আমনিদায়ক শব্দবোৰক কি বোলে ?
উত্তৰঃ আমনিদায়ক শব্দবোৰক কোলাহল বোলে।
১৮. শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্য়ম কিকি?
উত্তৰঃ শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্য়ম হলগোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ।
১৯. বায়ুশূণ্য় স্থানত শব্দ সঞ্চাৰিত হ'ব পাৰে নে নোৱাৰে ?
উত্তৰঃ বায়ুশূণ্য় স্থানত শব্দ সঞ্চাৰিত হ'ব পাৰে
২০. কম্পনৰ __________ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।
উত্তৰঃ বিস্তাৰৰ।
২১. কম্পন কাক বোলে?
উত্তৰঃ বস্তৰ ইফাল-সিফাল বা অগা-পিছা কৰা গতিকেই কম্পন বোলে।
২২.কাণমাদল কাক বোলে?
উত্তৰঃ কাণৰ নলীৰ শেষৰ প্ৰান্তত পাতল পৰ্দা এখন টানকৈ লাগি থাকে ইয়াকে কাণমাদল বোলে।
২৩.দোলন গতি কাক বোলে?
উত্তৰঃ বস্তৰ অগা-পিছা গতিকেই কম্পন বোলে আৰু এই গতিক দোলন গতি বোলা হয়।
২৪. শ্ৰনণাতীত কাক বোলে?
উত্তৰঃ কম কম্পনাংকৰ শব্দ মানুহৰ কাণে ধৰা পেলাব নাৱাৰে,এনে শব্দক শ্ৰৱণাতীত বুলি কোৱা হয়।
২৫. কোলাহল কাক বোলে?
উত্তৰঃ আমনিদায়ক শব্দবোৰকে কোলাহল বোলে।
Type By- Anjali Bora
Check by - Mukesh Borah