ঘৰ্ষণ

Chapter 12


১. যদি ঘৰ্ষণ বল বাঁওফাললৈ প্ৰয়োগ কৰা হয় তেন্তে ঘৰ্ষণ বলে কোনফাললৈ ক্ৰিয়া কৰে ?

উত্তৰঃ যদি ঘৰ্ষণ বল বাঁওফাললৈ প্ৰয়োগ কৰা হয় তেন্তে ঘৰ্ষণ বলে সোঁফাললৈ  ক্ৰিয়া কৰে।


২. স্প্ৰিং তুলা কি ?

উত্তৰঃ স্প্ৰিং তুলা হল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান জোখা সঁজুলি।


৩. পৃষ্ঠ দুখন খাপ খাই লাগি ধৰাৰ ফলত _________ সৃষ্টি হয় ।

উত্তৰঃ স্পৰ্শৰ।


৪. ঘৰ্ষণে ________ উৎপন্নও কৰিব পাৰে ।

উত্তৰঃ তাপ।


৫. গেছীয় আৰু জুলীয়া পদাৰ্থক কি বুলি কোৱা হয় ?

উত্তৰঃ গেছীয় আৰু জুলীয়া পদাৰ্থক তৰল পদাৰ্থ বুলি কোৱা হয়।


৬. তৰল পদাৰ্থই প্ৰয়োগ কৰা ঘৰ্ষণ বলক কি বুলি কোৱা হয় ?

উত্তৰঃ তৰল পদাৰ্থই প্ৰয়োগ কৰা ঘৰ্ষণ বলক টনা বল বুলি কোৱা হয় ।


৭. সংস্পৰ্শত থকা পৃষ্ঠ দুখন কাৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল ?

উত্তৰঃ সংস্পৰ্শত থকা পৃষ্ঠ দুখন প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰশীল।


৮. কাৰ মান পিছল ঘৰ্ষণতকৈ কম ?

উত্তৰঃ ঘূৰ্ণি ঘৰ্ষণৰ মান পিছল ঘৰ্ষণতকৈ কম।


৯. এখন পৃষ্ঠ _________ কৰি ঘৰ্ষণ বঢ়াব পাৰি ।

উত্তৰঃ খহটা।


১০. কেতিয়াবা ঘৰ্ষণ ___________ ।

উত্তৰঃ অবাঞ্ছনীয়।


১১. ঘৰ্ষণ কমোৱা পদাৰ্থক কি বোলা হয় ?

উত্তৰঃ ঘৰ্ষণ কমোৱা পদাৰ্থক 'পিচ্ছিলক' বা লুব্ৰিকেণ্ট বোলা হয়।


১২. স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণৰ মান _________ ।

উত্তৰঃ কম।


১৩. ঘৰ্ষণ আমাৰ বাবে এবিধ _________ ।

উত্তৰঃ আপদ।


১৪. চাইকেল, মটৰ-গাড়ী আদিত কেনেকৈ ঘৰ্ষণ বৃদ্ধি কৰিব পাৰি ?

উত্তৰঃ চাইকেল, মটৰ-গাড়ী আদিত ব্ৰেক ব্য়ৱহাৰ কৰাৰ ফলত ঘৰ্ষণ বৃদ্ধি কৰিব পাৰি।


১৫. যেতিয়া বস্তু এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায়, তেতিয়া ইয়াৰ গতিৰ বিপৰীতে সৃষ্টি হোৱা বাধাক কি বোলে ?

উত্তৰঃ যেতিয়া বস্তু এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায়, তেতিয়া ইয়াৰ গতিৰ বিপৰীতে সৃষ্টি হোৱা বাধাক ঘূৰ্ণি ঘৰ্ষণ বোলা হয়।


১৬. এখন পৃষ্ঠ খহতা কৰি ___________ বঢ়াব পাৰি ।

উত্তৰঃ ঘৰ্ষণ।


১৭. বহুতো মেচিনত বল ___________ ব্য়ৱহাৰ কৰি ঘৰ্ষণ কমোৱা হয় ।

উত্তৰঃ বিয়েৰিং।


১৮. যিহেতু ঘূৰ্ণি ঘৰ্ষণ, পিছল ঘৰ্ষণতকৈ ________ ।

উত্তৰঃ বেছি।


১৯. _______ আৰু _________ অনবৰতে তৰল পদাৰ্থৰ মাজেৰে যাব লগা হয় । 

উত্তৰঃ চৰাই আৰু মাছে।


২০. ঘৰ্ষণ শব্দৰ ইংৰাজী শব্দ কি ?

উত্তৰঃ Friction।


২১. লুব্ৰিকেন্ট বা পিচ্ছিলক কাক বোলে?

উত্তৰঃ ঘৰ্ষণ কমোৱা পদাৰ্থ বোৰকে লুব্ৰিকেন্ট বা পিচ্ছিলক বোলে।


২২. ঘূৰ্ণি ঘৰ্ষণ কাক বোলে?

উত্তৰঃ যেতিয়া বস্ত এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায়,তেতিয়া ইয়াৰ গতিৰ বিপৰিতে সৃষ্টি হোৱা বাধাক ঘূৰ্ণি ঘৰ্ষণ বোলে।


২৩. তৰল পদাৰ্থ কাক বোলে?

উত্তৰঃ গেছীয় আৰু জুলিয়া পদাৰ্থক তৰল পদাৰ্থ বোলে।


২৪. টনা বল কাক বোলে?

উত্তৰঃ তৰল পদাৰ্থই প্ৰয়োগ কৰা ঘৰ্ষণ বলক টনা বল বোলে।


২৫. লুব্ৰিকেন্ট ব্য়ৱহাৰ কৰি ঘৰ্ষণ কমাব পাৰি নে নোৱৰি?

উত্তৰঃ লুব্ৰিকেন্ট ব্য়ৱহাৰ কৰি ঘৰ্ষণ কমাব পাৰি ।



Type By- Anjali Bora

Check by - Mukesh Borah